--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰেমিকাক প্ৰতাৰণা কৰি ফুটবল তাৰকা নেইমাৰে ক্ষমা বিচাৰিলে। নেইমাৰে ছ’চিয়েল মিডিয়াত পোষ্ট কৰি ক্ষমা বিচাৰিলে তেওঁৰ গৰ্ভৱতী প্ৰেমিকাক। কিন্তু কিয়?

ব্ৰাজিলৰ ষ্ট্ৰাইকাৰগৰাকীয়ে প্ৰেমিকা ব্ৰুনা বিয়ানকাৰ্ডিৰ সৈতে এখন ফটো শ্বেয়াৰ কৰে। তেওঁ লগতে লিখিছে, “মই তোমাৰ আৰু তোমাৰ পৰিয়ালৰ বাবে এই কাম কৰিছো। মই কি কৈছো সেয়া বুজি পোৱাটো আচলতে সম্ভৱ নহয়। মই কোনো অজুহাত উলিয়াব পৰা নাই। কিন্তু মোৰ জীৱনত তোমাৰ প্ৰয়োজন। মই জানো তুমি কিমান কষ্ট পাইছা। মই তোমাৰ কাষত থাকিব বিচাৰো। মই তোমাৰ কাষত থিয় হ'ব বিচাৰো।"

নেইমাৰ আন এগৰাকী মহিলাৰ সৈতে প্ৰেমৰ সম্পৰ্ক থকা বুলি চৰ্চা চলিছিল। কথাটো স্বীকাৰো কৰে তেওঁ। সেইবাবেই তেওঁ ক্ষমা খুজিলে।

নেইমাৰে লিখিছে, ‘মই ভুল কৰিলোঁ। মই তোমালোক সকলোকে অন্যায় কৰিছো। মই প্ৰতিদিনে ভুল কৰো। পাৰিবাৰিক জীৱনত হোৱা ভুলবোৰ শুধৰাই দিবলৈ চেষ্টা কৰিছো। মোৰ জীৱনৰ আটাইতকৈ প্ৰিয় প্ৰেয়সীয়ে আঘাত পাইছে। তাই মোৰ সপোনৰ নায়িকা, মোৰ সন্তানৰ মাতৃ। তেওঁৰ পৰিয়ালটো আঘাতপ্ৰাপ্ত হৈছে। সেই পৰিয়ালটো এতিয়া মোৰো পৰিয়াল। তাই মাতৃ হ'ব, জীৱনৰ এটা গুৰুত্বপূৰ্ণ সময়ৰ মাজেৰে পাৰ হৈছে।’’

নেইমাৰে পেৰিছ চেণ্ট জাৰ্মেইনত খেলিছিল। অহা ছিজনত তেওঁ সেই দলত খেলিব নে নাই সেয়া স্পষ্ট হোৱা নাই। প্ৰেমিকালৈ লিখিছিল, “ব্ৰু, মোক ক্ষমা কৰিবা। সকলোৰে সন্মুখত আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিছো। ব্যক্তিগত কথা ওলাইছে, গতিকে সকলোৰে সন্মুখত ক্ষমাও বিচৰা উচিত।’’

নেইমাৰে আৰু লিখে- ''তোমাৰ অবিহনে এদিনৰ কথা ভাবিব নোৱাৰো। আকৌ এবাৰ একেলগে থাকিব পাৰিম নেকি নাজানো। কিন্তু চেষ্টা কৰিম। শিশুটিৰ প্ৰতি আমাৰ মৰম মাথোঁ জয়ী হ’ব। আমাৰ ইজনে সিজনৰ প্ৰতি থকা প্ৰেমে মাত্ৰ জয়ী হ’ব। তোমাক ভাল পাওঁ।"


FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement