--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জিনা মাহছা আমিনিৰ পৰিয়ালে কন্যাৰ প্ৰথম মৃত্যু বাৰ্ষিক উদযাপন কৰিব নোৱাৰিলে। যোৱা বছৰৰ ১৬ ছেপ্টেম্বৰত ইৰাণত আৰক্ষীৰ জিম্মাত মৃত্যু হৈছিল ২২ বছৰীয়া মাহছাৰৰ। পোছাক নিয়ম মানি নচলাৰ বাবে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে তেওঁক।

মাহছাৰ মৃত্যুত ইৰাণত তীব্ৰ হিজাব বিৰোধী প্ৰতিবাদ হয়। সেয়ে মাহছাৰ মৃত্যুৰ প্ৰথম বৰ্ষপূৰ্তিত আৰক্ষীৰ কঠোৰতাত কোনো সুৰুঙা ৰখা হোৱা নাই। কিন্তু তেহৰাণকে ধৰি দেশৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ অব্যাহত আছে।

শুকুৰবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে মাহছাক স্মৰণ কৰি কয় যে মাহছাই তেওঁ এক ঐতিহাসিক আন্দোলনৰ প্ৰেৰণা যোগাইছিল।

আনহাতে, একেদিনাই ইৰাণৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইচীয়ে আন্দোলনটো দমন কৰি থকাৰ সময়তে প্ৰাণ হেৰুৱাই পেলোৱা নিৰাপত্তাৰক্ষীৰ পৰিয়ালক সাক্ষাৎ কৰে। কুৰ্দি মূলৰ মাহছাৰ মৃত্যুৰ বৰ্ষপূৰ্তিত পুনৰ প্ৰতিবাদৰ আশংকাত শনিবাৰে কুৰ্দি প্ৰধান অঞ্চলসমূহত আৰক্ষী বাহিনীক বিশেষভাৱে শক্তিশালী কৰা হয়। মাহছাৰ পিতৃ আমজাদ আমিনীকো কিছু সময়ৰ বাবে মাহছাৰ গৃহ চহৰ ছাকেজত বন্দী কৰি ৰখা হৈছিল।

মাহছাৰ সমাধিস্থলত কোনো ধৰণৰ স্মৃতিচাৰণ সভা অনুষ্ঠিত নকৰিবলৈ জোৰ দিয়া হয়। এই খবৰ বিভিন্ন মানৱ অধিকাৰ সংগঠনে প্ৰকাশ কৰিছে। কিন্তু চূড়ান্ত দমন আৰু গ্ৰেপ্তাৰৰ পিছতো প্ৰতিবাদ সম্পূৰ্ণৰূপে দমন কৰিব পৰা নগ’ল। ছ’চিয়েল মিডিয়াত দেখিবলৈ পোৱা গৈছে যে দেশখনৰ বিভিন্ন চহৰত চৰকাৰবিৰোধী প্ৰতিবাদ চলিব ধৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা