--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি অৰ্থাৎ সোমবাৰে অনুষ্ঠিত হৈছে মাজুলী উপ-নিৰ্বাচনৰ ভোটদান প্ৰক্ৰিয়া৷ পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া। ২০৩টা ভোটগ্ৰহণ কেন্দ্ৰত অ‍্যাহত আছে ভোটগ্ৰহণ। ভোটগ্ৰহণ কেন্দ্ৰসমূহত পুৱাৰে দেখা গৈছে ভোটাৰৰ দীঘলীয়া শাৰী। ১০ মাৰ্চত ঘোষণা হ’ব নিৰ্বাচনৰ ফলাফল। ভোটযুদ্ধৰ পুৱাই গড়মূৰ আঞ্চলিক শ্ৰী শ্ৰী নীলকণ্ঠ শিৱ মন্দিৰ আৰু মাতৃৰ সমাধিস্থলীত সেৱা ল'লে বিজেপি সমৰ্থিত মিত্ৰজোঁটৰ প্ৰাৰ্থী ভুৱন গামে৷আঠিয়াগুৰি মিচিং প্ৰাথমিক বিদ্যালয়ত পুৱাই ভোটদান কৰিলে বিজেপি প্ৰাৰ্থী ভুৱন গামে। পুৱাৰে পৰা ভোটকেন্দ্ৰসমূহত ভোটাৰৰ যথেষ্ট সঁহাৰি দেখা গৈছে।জিলাখনৰ মুঠ ১,২৭,২৩৩ গৰাকী ভোটাৰে ভাগ্য নিৰ্ণয় কৰিব বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ভুৱন গাম, বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী চিত্তৰঞ্জন বসুমতাৰী আৰু এছ ইউ চি আইৰ ভাইটি ৰিচঙৰ ভাগ্য৷মূল যুঁজ বিৰোধী মহাজোঁটৰ চিত্ৰৰঞ্জন বসুমতাৰী আৰু বিজেপিৰ প্ৰাৰ্থী ভূৱন গামৰ মাজতে হ’ব বুলি ধাৰণা কৰা হৈছে।শাৰী পাতি ভোট দি নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিছে মাজুলীবাসী ৰাইজে। আৰু পঢ়কঃ বোৱাৰীৰ ওপৰত শহুৰেকৰ লেতেৰা দৃষ্টি! বোৱাৰীয়ে বিৰোধ কৰাত গুলীয়াই হত্যা

FOLLOW US F
POPULAR
FEATURE
TRENDY
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
পাকিস্তানৰে ভাৰতৰ যুদ্ধৰ আশংকা প্রবল, পাক প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ মন্তব্য
কলড্ৰিফ ছিৰাপ প্রস্তুতকাৰী ফাৰ্মা কোম্পানীৰ মালিকক গ্ৰেপ্তাৰ
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য