--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি অৰ্থাৎ সোমবাৰে অনুষ্ঠিত হৈছে মাজুলী উপ-নিৰ্বাচনৰ ভোটদান প্ৰক্ৰিয়া৷ পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া। ২০৩টা ভোটগ্ৰহণ কেন্দ্ৰত অ‍্যাহত আছে ভোটগ্ৰহণ। ভোটগ্ৰহণ কেন্দ্ৰসমূহত পুৱাৰে দেখা গৈছে ভোটাৰৰ দীঘলীয়া শাৰী। ১০ মাৰ্চত ঘোষণা হ’ব নিৰ্বাচনৰ ফলাফল। ভোটযুদ্ধৰ পুৱাই গড়মূৰ আঞ্চলিক শ্ৰী শ্ৰী নীলকণ্ঠ শিৱ মন্দিৰ আৰু মাতৃৰ সমাধিস্থলীত সেৱা ল'লে বিজেপি সমৰ্থিত মিত্ৰজোঁটৰ প্ৰাৰ্থী ভুৱন গামে৷আঠিয়াগুৰি মিচিং প্ৰাথমিক বিদ্যালয়ত পুৱাই ভোটদান কৰিলে বিজেপি প্ৰাৰ্থী ভুৱন গামে। পুৱাৰে পৰা ভোটকেন্দ্ৰসমূহত ভোটাৰৰ যথেষ্ট সঁহাৰি দেখা গৈছে।জিলাখনৰ মুঠ ১,২৭,২৩৩ গৰাকী ভোটাৰে ভাগ্য নিৰ্ণয় কৰিব বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ভুৱন গাম, বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী চিত্তৰঞ্জন বসুমতাৰী আৰু এছ ইউ চি আইৰ ভাইটি ৰিচঙৰ ভাগ্য৷মূল যুঁজ বিৰোধী মহাজোঁটৰ চিত্ৰৰঞ্জন বসুমতাৰী আৰু বিজেপিৰ প্ৰাৰ্থী ভূৱন গামৰ মাজতে হ’ব বুলি ধাৰণা কৰা হৈছে।শাৰী পাতি ভোট দি নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিছে মাজুলীবাসী ৰাইজে। আৰু পঢ়কঃ বোৱাৰীৰ ওপৰত শহুৰেকৰ লেতেৰা দৃষ্টি! বোৱাৰীয়ে বিৰোধ কৰাত গুলীয়াই হত্যা

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক