--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনৰ আজি অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ চলি আছে। আজি পুৱা ৭বজাৰ পৰা আৰম্ভ হৈছে ভোটগ্ৰহণ পক্ৰিয়া। ভোটগ্ৰহণ সন্ধিয়া ৭বজাত অন্ত পৰাৰ লগে লগে দেশৰ ৫ৰাজ্যৰ নিৰ্বাচনৰ ভোটগ্ৰহণ অন্ত পৰিব। উত্তৰ প্ৰদেশত আজি ৯খন জিলাৰ ৫৪টা সমষ্টিত অনুষ্ঠিত হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া। ৬১৩গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ২.০৬কোটি ভোটাৰে। পুৱাৰে পৰা এই আটাইকেইটা সমষ্টিত শান্তিপূৰ্ণভাৱে চলি আছে ভোটদান প্ৰক্ৰিয়া। সন্ধিয়া ৬ বজাত অন্ত পৰিব ভোটগ্ৰহণ প্ৰক্ৰিয়া। আজি নিৰ্বাচন অনুষ্ঠিত হ'ব লগীয়া জিলাসমূহৰ ভিতৰত আছে বাৰাণসী , চান্দৌলি, ভাদোহী, মিৰ্জাপুৰ, ৰবাৰ্টছগঞ্জ, গাজীপুৰ, মৌ, আজমগড় আৰু জৌনপুৰ। নিৰ্বাচন আয়োগৰ পৰা প্ৰাপ্ত তথ্য অনুসৰি, সপ্তম পৰ্যায়ত ৭৫ গৰাকী মহিলাকে ধৰি মুঠ ৬১৩ জন প্ৰাৰ্থীৰ নিৰ্বাচনী ভাগ্য নিৰ্ধাৰণ কৰা হ'ব। ৪০৩ খন আসনৰ উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনৰ প্ৰথম ছটা পৰ্যায়ত ৰাজ্যখনৰ ৩৪৯ খন বিধানসভা আসনত নিৰ্বাচন অনুষ্ঠিত হৈছিল। নিৰ্বাচনৰ ফলাফল ১০ মাৰ্চত ঘোষণা কৰা হ'ব। আৰু পঢ়কঃ পেলেষ্টাইনত ভাৰতীয় ৰাষ্ট্ৰদূত মুকুল আৰ্যৰ ৰহস্যজনক মৃত্যু! তদন্তৰ নিৰ্দেশনা পেলেষ্টাইনী ৰাষ্ট্ৰপতিৰ
FOLLOW US F
POPULAR
FEATURE
TRENDY
আমেৰিকাতে ড'নাল্ড ট্রাম্পক হত্যাৰ ভাবুকি ইৰানৰ
১৪ জুলাইত পৃথিৱীলৈ উভতিব পাৰিবনে শুভাংশু শুল্কাই?
পান কাৰ্ডৰ সৈতে আধাৰ কাৰ্ড লিংক কৰাটো বাধ্যতামূলক; জানি লওক সৱিশেষ
নিমন্ত্ৰণ নোপোৱাকৈয়ে পাকিস্তানলৈ যায়, কিন্তু মণিপুৰলৈ নাযায়: মোদীক তীব্ৰ সমালোচনা মল্লিকার্জুন খৰ্গেৰ
‘আপুনি ইঞ্জিন কিয় বন্ধ কৰি দিলে?’ ভইচ ৰেকৰ্ডাৰত ধৰা পৰিল আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ আগ মুহূৰ্তত দুই পাইলটৰ কথা-বতৰা
মুকালমুৱাত আইনী প্ৰক্ৰিয়াৰে পত্নীক বিদায় জনাই ৪০ লিটাৰ গাখীৰেৰে গা ধুই আনন্দ উল্লাস স্বামীৰ