--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৈবাহিক সম্পৰ্ক সুন্দৰকৈ চম্ভালি থকাটো অতি প্ৰত্যাহ্বানজনক কাম। বহু দায়িত্ব পালন কৰাৰ সমান্তৰালভাৱে তেওঁ নিজৰ সংগীৰ প্ৰতিও আনুগত্যশীল হ’ব লাগিব। আপোনালোকে নিশ্চয় প্ৰায়ে এনেকুৱা খবৰ শুনিছে যে এখন সংসাৰত যেতিয়া তৃতীয়জনৰ প্ৰৱেশ ঘটে তেতিয়া সেইখন আৰু সংসাৰ হৈ নাথাকে, স্বামী-স্ত্ৰীৰ সম্পৰ্ক ভাঙি যায়। 

যদি এগৰাকী পত্নীয়ে স্বামীৰ নতুন প্ৰেমৰ কথা জানি সেই সম্পৰ্কক বৈবাহিক সম্পৰ্কৰ নাম দিব বিচাৰে তেন্তে সেই কথা শুনিলে আপোনাৰ আচৰিত যেন নালাগিবনে...কিন্তু এনে অবাস্তৱ যেন লগা কথাও সময়ে সময়ে বাস্তৱ জীৱনত সংঘটিত হয়। পাকিস্তানৰ এজন মানুহৰ প্ৰেম কাহিনীয়ে এতিয়া সকলোতে চৰ্চা লাভ কৰিছে। তেওঁৰ প্ৰথম পত্নীয়ে নিজেই স্বামীক দ্বিতীয়বাৰৰ বাবে বিয়া কৰোৱাৰ অনুমতি দিছে আৰু তিনিওগৰাকীয়ে এতিয়া একেলগে সুখেৰে বাস কৰিছে। 

খবৰ অনুসৰি ২৪ বছৰীয়া মজহৰ হুছেইনৰ ঘৰ পাকিস্তানৰ লাহোৰত। ৩৫ বছৰীয়া আমনা তেওঁৰ প্ৰথম পত্নী। মজহৰ হুছেইনৰ দ্বিতীয় পত্নীৰ বয়স ১৮ বছৰ। ইয়াত আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল স্বামীৰ দ্বিতীয় বিবাহ তেওঁৰ প্ৰথম পত্নীয়ে নিজেই কৰাই দিছিল। প্ৰথম পত্নী আমনাই কয় যে মজহাৰে তৃতীয়বাৰৰ বাবে বিয়া পাতিলেও তেওঁৰ কোনো সমস্যা নাই।

মজহৰে কৈছিল যে আমনা তেওঁৰ প্ৰথম পত্নী। আমনা তেওঁৰ মোমায়েকৰ ছোৱালী। তেওঁলোকৰ দুটা সন্তান আছে। আমনাই কয় যে তেওঁৰ আৰু সন্তান হোৱা নাছিল, সেয়ে তেওঁ স্বামীৰ দ্বিতীয় বিবাহ কৰাইছিল। মজহৰৰ দ্বিতীয় পত্নীয়ে আগতে আমনাৰ ওচৰলৈ টিউচন কৰিবলৈ আহিছিল।

আমনাই কয় যে তেওঁ বিচাৰে মজহৰে তৃতীয়বাৰৰ বাবে বিয়া কৰাওক। এই কথাত তেওঁ একো আপত্তি নকৰে। আশ্চৰ্যজনকভাৱে মজহৰৰ দ্বিতীয় পত্নীও আমনাৰ কথাত একমত। আমনাই কয় যে তৃতীয় বিবাহৰ বাবে বহু প্ৰস্তাৱ আহিছে। যদি আমি এটা ভাল প্ৰস্তাৱ দেখিবলৈ পাওঁ তেতিয়া আমি নিশ্চয়কৈ সন্মতি জনাম।











FOLLOW US F
POPULAR
FEATURE
TRENDY
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement