--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৈবাহিক সম্পৰ্ক সুন্দৰকৈ চম্ভালি থকাটো অতি প্ৰত্যাহ্বানজনক কাম। বহু দায়িত্ব পালন কৰাৰ সমান্তৰালভাৱে তেওঁ নিজৰ সংগীৰ প্ৰতিও আনুগত্যশীল হ’ব লাগিব। আপোনালোকে নিশ্চয় প্ৰায়ে এনেকুৱা খবৰ শুনিছে যে এখন সংসাৰত যেতিয়া তৃতীয়জনৰ প্ৰৱেশ ঘটে তেতিয়া সেইখন আৰু সংসাৰ হৈ নাথাকে, স্বামী-স্ত্ৰীৰ সম্পৰ্ক ভাঙি যায়। 

যদি এগৰাকী পত্নীয়ে স্বামীৰ নতুন প্ৰেমৰ কথা জানি সেই সম্পৰ্কক বৈবাহিক সম্পৰ্কৰ নাম দিব বিচাৰে তেন্তে সেই কথা শুনিলে আপোনাৰ আচৰিত যেন নালাগিবনে...কিন্তু এনে অবাস্তৱ যেন লগা কথাও সময়ে সময়ে বাস্তৱ জীৱনত সংঘটিত হয়। পাকিস্তানৰ এজন মানুহৰ প্ৰেম কাহিনীয়ে এতিয়া সকলোতে চৰ্চা লাভ কৰিছে। তেওঁৰ প্ৰথম পত্নীয়ে নিজেই স্বামীক দ্বিতীয়বাৰৰ বাবে বিয়া কৰোৱাৰ অনুমতি দিছে আৰু তিনিওগৰাকীয়ে এতিয়া একেলগে সুখেৰে বাস কৰিছে। 

খবৰ অনুসৰি ২৪ বছৰীয়া মজহৰ হুছেইনৰ ঘৰ পাকিস্তানৰ লাহোৰত। ৩৫ বছৰীয়া আমনা তেওঁৰ প্ৰথম পত্নী। মজহৰ হুছেইনৰ দ্বিতীয় পত্নীৰ বয়স ১৮ বছৰ। ইয়াত আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল স্বামীৰ দ্বিতীয় বিবাহ তেওঁৰ প্ৰথম পত্নীয়ে নিজেই কৰাই দিছিল। প্ৰথম পত্নী আমনাই কয় যে মজহাৰে তৃতীয়বাৰৰ বাবে বিয়া পাতিলেও তেওঁৰ কোনো সমস্যা নাই।

মজহৰে কৈছিল যে আমনা তেওঁৰ প্ৰথম পত্নী। আমনা তেওঁৰ মোমায়েকৰ ছোৱালী। তেওঁলোকৰ দুটা সন্তান আছে। আমনাই কয় যে তেওঁৰ আৰু সন্তান হোৱা নাছিল, সেয়ে তেওঁ স্বামীৰ দ্বিতীয় বিবাহ কৰাইছিল। মজহৰৰ দ্বিতীয় পত্নীয়ে আগতে আমনাৰ ওচৰলৈ টিউচন কৰিবলৈ আহিছিল।

আমনাই কয় যে তেওঁ বিচাৰে মজহৰে তৃতীয়বাৰৰ বাবে বিয়া কৰাওক। এই কথাত তেওঁ একো আপত্তি নকৰে। আশ্চৰ্যজনকভাৱে মজহৰৰ দ্বিতীয় পত্নীও আমনাৰ কথাত একমত। আমনাই কয় যে তৃতীয় বিবাহৰ বাবে বহু প্ৰস্তাৱ আহিছে। যদি আমি এটা ভাল প্ৰস্তাৱ দেখিবলৈ পাওঁ তেতিয়া আমি নিশ্চয়কৈ সন্মতি জনাম।











FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু