--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি নিশিতা গোস্বামীৰ জন্মদিন। চুৰেণ চোৰৰ পুতেক, কাদম্বৰী, দীনবন্ধু, মন, ৰত্নাকৰ আদি জনপ্ৰিয় ছৱিত মনপৰশা অভিয়েৰে অসমবাসীৰ হৃদয়ত স্থান লাভ কৰা মোহময়ী অভিনেত্ৰীগৰাকীয়ে আজি ৪০ বছৰ বয়সত ভৰি দিয়ে। নিশিতাৰ জন্মদিনত জানো আহক তেওঁৰ বিষয়ে সবিশেষ।




ৰাষ্ট্ৰীয় পুৰকস্কাৰপ্ৰাপ্ত যশস্বী অভিনেত্ৰী মলয়া গোস্বামী আৰু প্ৰদীপ গোস্বামীৰ কন্যা নিশিতাৰ জন্ম হৈছিল ১৯৮২ চনৰ ১৯ অক্টোবৰত। জন্মস্থান গুৱাহাটী।




মাত্ৰ ৬ বছৰ বয়সতে ‘ৰাতি ফুলা ফুল’ নামৰ চিনেমাখনৰ জৰিয়তে নিশিতাই অভিনয় জগতত খোজ দিয়ে। ২০০২ চনত বাণী দাসৰ ‘মন’ নামৰ চিনেমাখনৰ দ্বাৰা তেওঁ নায়িকা হিচাপে অভিষেক ঘটায়। ‘মন’ত অভিনয় কৰি তেওঁ ২০০৩ চনৰ প্ৰাগ চিনে এৱাৰ্ডছ, জ্যোতি ৰূপা এৱাৰ্ডছ আৰু মুনলাইট মিডিয়া এৱাৰ্ডছ লাভ কৰে। তাৰ পাছৰে পৰা তেওঁ উভটি চোৱা নাই।



‘মন’ৰ পাছত মুনীন বৰুৱাৰ ৰং, দীনবন্ধু, ৰামধেনু, বাণী দাসৰ কাদম্বৰী, চন্দ্ৰ মুদৈৰ চুৰেণ চোৰৰ পুতেক, যতীন বৰাৰ অধিনায়ক আৰু ৰত্নাকৰ, এম মণিৰামৰ ‘মন যায়’ ইত্যাদি জনপ্ৰিয় ছৱিত তেওঁ অভিনয় কৰে।



কাদম্বৰী, চুৰেণ চোৰৰ পুতেক ইত্যাদি ছৱিত অভিনয় কৰা চৰিত্ৰসমূহৰ দ্বাৰা অসমৰ চিত্ৰপ্ৰেমীৰ বাবে নিশিতা এগৰাকী চিনাকি মুখ হৈ পৰে। চিনেমাৰ উপৰিও কেইবাখনো ভিচিডি আৰু ভ্ৰাম্যমাণ থিয়েটাৰতো তেওঁ অভিনয় কৰিছে।




২০১১ চনত তেওঁ চয়ন চক্ৰৱৰ্তীৰ স’তে বিবাহপাশত আৱদ্ধ হয়। শ্বিলঙত বাস কৰা চক্ৰৱৰ্তী এগৰাকী কম্পিউটাৰ ইঞ্জিনিয়াৰ।



নিশিতাৰ শেহতীয়াকৈ মুক্তি লাভ কৰিব লগা চিনেমাখন হৈছে যতীন বৰাৰ ‘ৰাঘৱ’। জন্মদিনৰ পৱিত্ৰ ক্ষণত প্ৰাগ ডিজিটেলৰ তৰফৰ পৰা মোহময়ী অভিনেত্ৰীগৰাকীলৈ আগন্তুক দিনবোৰৰ বাবে শুভেচ্চা জ্ঞাপন কৰিছো।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক