--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি নিশিতা গোস্বামীৰ জন্মদিন। চুৰেণ চোৰৰ পুতেক, কাদম্বৰী, দীনবন্ধু, মন, ৰত্নাকৰ আদি জনপ্ৰিয় ছৱিত মনপৰশা অভিয়েৰে অসমবাসীৰ হৃদয়ত স্থান লাভ কৰা মোহময়ী অভিনেত্ৰীগৰাকীয়ে আজি ৪০ বছৰ বয়সত ভৰি দিয়ে। নিশিতাৰ জন্মদিনত জানো আহক তেওঁৰ বিষয়ে সবিশেষ




ৰাষ্ট্ৰীয় পুৰকস্কাৰপ্ৰাপ্ত যশস্বী অভিনেত্ৰী মলয়া গোস্বামী আৰু প্ৰদীপ গোস্বামীৰ কন্যা নিশিতাৰ জন্ম হৈছিল ১৯৮২ চনৰ ১৯ অক্টোবৰত। জন্মস্থান গুৱাহাটী।




মাত্ৰ ৬ বছৰ বয়সতে ‘ৰাতি ফুলা ফুল’ নামৰ চিনেমাখনৰ জৰিয়তে নিশিতাই অভিনয় জগতত খোজ দিয়ে। ২০০২ চনত বাণী দাসৰ ‘মন’ নামৰ চিনেমাখনৰ দ্বাৰা তেওঁ নায়িকা হিচাপে অভিষেক ঘটায়। ‘মন’ত অভিনয় কৰি তেওঁ ২০০৩ চনৰ প্ৰাগ চিনে এৱাৰ্ডছ, জ্যোতি ৰূপা এৱাৰ্ডছ আৰু মুনলাইট মিডিয়া এৱাৰ্ডছ লাভ কৰে। তাৰ পাছৰে পৰা তেওঁ উভটি চোৱা নাই।



‘মন’ৰ পাছত মুনীন বৰুৱাৰ ৰং, দীনবন্ধু, ৰামধেনু, বাণী দাসৰ কাদম্বৰী, চন্দ্ৰ মুদৈৰ চুৰেণ চোৰৰ পুতেক, যতীন বৰাৰ অধিনায়ক আৰু ৰত্নাকৰ, এম মণিৰামৰ ‘মন যায়’ ইত্যাদি জনপ্ৰিয় ছৱিত তেওঁ অভিনয় কৰে।



কাদম্বৰী, চুৰেণ চোৰৰ পুতেক ইত্যাদি ছৱিত অভিনয় কৰা চৰিত্ৰসমূহৰ দ্বাৰা অসমৰ চিত্ৰপ্ৰেমীৰ বাবে নিশিতা এগৰাকী চিনাকি মুখ হৈ পৰে। চিনেমাৰ উপৰিও কেইবাখনো ভিচিডি আৰু ভ্ৰাম্যমাণ থিয়েটাৰতো তেওঁ অভিনয় কৰিছে।




২০১১ চনত তেওঁ চয়ন চক্ৰৱৰ্তীৰ স’তে বিবাহপাশত আৱদ্ধ হয়। শ্বিলঙত বাস কৰা চক্ৰৱৰ্তী এগৰাকী কম্পিউটাৰ ইঞ্জিনিয়াৰ।



নিশিতাৰ শেহতীয়াকৈ মুক্তি লাভ কৰিব লগা চিনেমাখন হৈছে যতীন বৰাৰ ‘ৰাঘৱ’। জন্মদিনৰ পৱিত্ৰ ক্ষণত প্ৰাগ ডিজিটেলৰ তৰফৰ পৰা মোহময়ী অভিনেত্ৰীগৰাকীলৈ আগন্তুক দিনবোৰৰ বাবে শুভেচ্চা জ্ঞাপন কৰিছো।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
অভিযন্তাৰ ঘৰত চলিল অভিযান! আতংকিত পত্নীয়ে জ্বলাই দিলে ২০ লাখ টকা, ৪০ লাখ নগদ ধন আৰু দামী ঘড়ী উদ্ধাৰ
গোৱালপাৰাত অবৈধভাৱে সৰবৰাহ কৰা গৰুসহ মেঘালয়ৰ দুজন লোকক আটক
মুকালমুৱা আৰক্ষীৰ বৃহৎ সফলতা! জালত পৰিল ৯ চাইবাৰ অপৰাধী
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান