--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অভূতপূৰ্ব দৰত নিলাম হ’ব এখন বিয়াৰ এটুকুৰা কে’ক। কে’ক টুকুৰাৰ দাম হ’ব ভাৰতীয় হিচাপত কমেও এক লাখ সাতাইশ হেজাৰ টকা। শুনিবলৈ আচৰিত লাগিলেও সত্য।

নিলামত দিবলগা উক্ত কে’ক টুকুৰা হৈছে প্ৰিন্সেছ ডায়েনা আৰু কিং চাৰ্লছৰ বিয়াৰ। ব্ৰিটেইনৰ এই চৰ্চিত ৰাজকীয় দম্পত্তিহালে ১৯৮১ চনত বিবাহপাশত আৱদ্ধ হৈছিল। উপস্থিত আছিল ৩০০০ গৰাকী অতিথি।

এই ৩০০০ অতিথিৰ মাজত এগৰাকী আছিল নিগেল ৰিকেটছ নামৰ এগৰাকী সৌভাগ্যৱান ব্যক্তি। ৰিকেটছে ৪১ বছৰ পুৰণি এটুকুৰা কেক সংগ্ৰহ কৰি ৰাখিছিল। কেক টুকুৰা হৈছে ডায়েনা-চাৰ্লছৰ বিয়াৰ।

বৰ্তমান ৰিকেটছ মৃত। মৃত্যুৰ পাছত তেওঁ লগত ৰখা উক্ত কেকটুকুৰাৰ বিষয়ে অনুসন্ধিৎসু মহলে জানিব পাৰে। তাৰ পাছতে কেক টুকুৰাক নিলামত দিবলৈ উলোৱা হৈছে বুলি আমেৰিকা যুক্তৰাষ্ট্ৰৰ দ্যা নিউয়ৰ্ক প’ষ্টত প্ৰকাশ পাইছে।

কেকটুকুৰা নিলাম কৰিব ড’ৰ (Dore) আৰু ৰীজ অক্চন (Rees Auctions) নামৰ ইংলেণ্ডস্থিত নিলাম সংস্থা দুটাই।

জানিব পৰামতে, উক্ত কে’ক টুকুৰা বিয়াৰ সময়ত দাম আছিল ভাৰতীয় হিচাপত ২৭ হেজাৰ টকা। বৰ্তমান উক্ত কে’কটুকুৰাৰ দাম ভাৰতীয় মূল্যত কমেও ১ লাখ ২৭ হেজাৰ হ’ব বুলি ধাৰণা কৰা গৈছে। বিয়াত এটা বাকচৰ ভিতৰত কেকটুকুৰা দিয়া হৈছিল আৰু সেই বাকচটোতে ৰিকেটছে কেকটুকুৰা সংগ্ৰহ কৰি ৰাখিছিল।

উল্লেখ্য যে প্ৰিন্সেছ ডায়েনা আৰু কিং চাৰ্লছ তৃতীয়ই ১৯৮১ চনৰ ২৯ জুলাইত বিবাহপাশত আৱদ্ধ হৈছিল। ‘ৱেডিং অৱ দ্যা চেঞ্চুৰী’ হিচাপে অভিহিত কৰা উক্ত ৰাজকীয় বিবাহখন বিশ্বজুৰি টিভিৰ পৰ্দাত কোটি কোটি লোকে উপভোগ কৰিছিল।
কিন্তু ৰাজকীয় দম্পত্তীহালৰ যুগ্ম জীৱন সুখকৰ নহ’ল। ১৯৯২ চনত দুয়োৰে মাজত সম্পৰ্ক ছিন্ন হয়। ১৯৯৬ চনত বিবাহ বিচ্ছেদ হয়।

১৯৯৭ চনৰ ৩১ আগষ্টত ডায়েনাৰ ৰহস্যজনক মৃত্যু হয়। আনহাতে, ৰাণী এলিজাবেথৰ মৃ্ত্যুৰ পাছত চাৰ্লছে শেহতীয়াকৈ গ্ৰেট ব্ৰিটেইনৰ ৰজাৰ পদবীত অধিষ্ঠিত হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক