--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অভূতপূৰ্ব দৰত নিলাম হ’ব এখন বিয়াৰ এটুকুৰা কে’ক। কে’ক টুকুৰাৰ দাম হ’ব ভাৰতীয় হিচাপত কমেও এক লাখ সাতাইশ হেজাৰ টকা। শুনিবলৈ আচৰিত লাগিলেও সত্য।

নিলামত দিবলগা উক্ত কে’ক টুকুৰা হৈছে প্ৰিন্সেছ ডায়েনা আৰু কিং চাৰ্লছৰ বিয়াৰ। ব্ৰিটেইনৰ এই চৰ্চিত ৰাজকীয় দম্পত্তিহালে ১৯৮১ চনত বিবাহপাশত আৱদ্ধ হৈছিল। উপস্থিত আছিল ৩০০০ গৰাকী অতিথি।

এই ৩০০০ অতিথিৰ মাজত এগৰাকী আছিল নিগেল ৰিকেটছ নামৰ এগৰাকী সৌভাগ্যৱান ব্যক্তি। ৰিকেটছে ৪১ বছৰ পুৰণি এটুকুৰা কেক সংগ্ৰহ কৰি ৰাখিছিল। কেক টুকুৰা হৈছে ডায়েনা-চাৰ্লছৰ বিয়াৰ।

বৰ্তমান ৰিকেটছ মৃত। মৃত্যুৰ পাছত তেওঁ লগত ৰখা উক্ত কেকটুকুৰাৰ বিষয়ে অনুসন্ধিৎসু মহলে জানিব পাৰে। তাৰ পাছতে কেক টুকুৰাক নিলামত দিবলৈ উলোৱা হৈছে বুলি আমেৰিকা যুক্তৰাষ্ট্ৰৰ দ্যা নিউয়ৰ্ক প’ষ্টত প্ৰকাশ পাইছে।

কেকটুকুৰা নিলাম কৰিব ড’ৰ (Dore) আৰু ৰীজ অক্চন (Rees Auctions) নামৰ ইংলেণ্ডস্থিত নিলাম সংস্থা দুটাই।

জানিব পৰামতে, উক্ত কে’ক টুকুৰা বিয়াৰ সময়ত দাম আছিল ভাৰতীয় হিচাপত ২৭ হেজাৰ টকা। বৰ্তমান উক্ত কে’কটুকুৰাৰ দাম ভাৰতীয় মূল্যত কমেও ১ লাখ ২৭ হেজাৰ হ’ব বুলি ধাৰণা কৰা গৈছে। বিয়াত এটা বাকচৰ ভিতৰত কেকটুকুৰা দিয়া হৈছিল আৰু সেই বাকচটোতে ৰিকেটছে কেকটুকুৰা সংগ্ৰহ কৰি ৰাখিছিল।

উল্লেখ্য যে প্ৰিন্সেছ ডায়েনা আৰু কিং চাৰ্লছ তৃতীয়ই ১৯৮১ চনৰ ২৯ জুলাইত বিবাহপাশত আৱদ্ধ হৈছিল। ‘ৱেডিং অৱ দ্যা চেঞ্চুৰী’ হিচাপে অভিহিত কৰা উক্ত ৰাজকীয় বিবাহখন বিশ্বজুৰি টিভিৰ পৰ্দাত কোটি কোটি লোকে উপভোগ কৰিছিল।
কিন্তু ৰাজকীয় দম্পত্তীহালৰ যুগ্ম জীৱন সুখকৰ নহ’ল। ১৯৯২ চনত দুয়োৰে মাজত সম্পৰ্ক ছিন্ন হয়। ১৯৯৬ চনত বিবাহ বিচ্ছেদ হয়।

১৯৯৭ চনৰ ৩১ আগষ্টত ডায়েনাৰ ৰহস্যজনক মৃত্যু হয়। আনহাতে, ৰাণী এলিজাবেথৰ মৃ্ত্যুৰ পাছত চাৰ্লছে শেহতীয়াকৈ গ্ৰেট ব্ৰিটেইনৰ ৰজাৰ পদবীত অধিষ্ঠিত হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লিভাৰ বেয়া হ’লে লক্ষণ ফুটি উঠে হাত আৰু ভৰিত; লগে লগে সজাগ হওক
ভাৱৰীয়াৰ ৰূপত বিধায়ক ৰূপজ্যোতি কুৰ্মী
গণশিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি ঢেকিয়াজুলিত #JusticeForZubeenGarg শীৰ্ষক অনুষ্ঠান
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
৬-১১ নৱেম্বৰত বিহাৰ বিধানসভাৰ নিৰ্বাচন, নির্বাচন আয়োগে ঘোষণা কৰিলে সময়সূচী
দীপাৱলীক চৰকাৰী বন্ধৰ দিন ঘোষণা কেলিফৰ্ণিয়াত ; বন্ধ হ’ব কেলিফৰ্ণিয়াৰ বিদ্যালয়
ডিজিটেল কানেক্টিভিটি ভাৰতীয়ৰ জীৱনৰ অভিন্ন অংশ হৈ পৰিছে: মোদী