--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : আজি অন্ত পৰিব বিধানসভাৰ শীতকালীন অধিৱেশন৷ সজাই-পৰাই তোলা হৈছে অসম বিধানসভাৰ চৌহদ৷ না না ৰঙী ফুল, কাৰ্পেড লগোৱা হৈছে বিধান সভাৰ ভিতৰে বাহিৰে৷ ৫ দিন জোৰা কাৰ্যসূচীৰপাছত আজি অন্ত পৰিব শীতকালীন অধিৱেশন৷ গামোচা পিন্ধি শাসক-বিৰোধী উভয় পক্ষৰ বিধায়ক উপস্থিত হয় সদনত৷ লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ আগমনক লৈয়ে সদনত এই ব্যৱস্থা কৰা হৈছে বুলি জানিবলৈ পোৱা গৈছে৷

নতুন শিক্ষানীতি সন্দৰ্ভত আজি সদনত হ’ব আলোচনা৷ আজিও সদনত উত্থাপন হ’ব নতুন বিধেয়ক৷ শেহতীয়াকৈ প্ৰসংগত থকা বড়ো আন্দোলনৰ ছহিদৰ আৰ্থিক সাহায্যৰ কথাও উত্থপন বুলি জানিবলৈ পোৱা গৈছে৷ আনহাতে ছমাহৰ ভিতৰত প্ৰস্তুত হ'ব জলসিঞ্চন বিভাগৰ মাষ্টাৰ প্লেন৷ শিবু মিশ্ৰৰ পৰিপূৰক প্ৰশ্নৰ উত্তৰত সদনত এই তথ্য সদৰী কৰে মন্ত্ৰী অশোক সিংঘালে৷ সময় মতে কৃষকক পানী যোগানৰ স্বাৰ্থতে এই সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে৷

স্বাস্থ্যখন্ডলৈ অমূল পৰিবৰ্তন হ'ব বুলি জানিবলৈ পোৱা গৈছে৷ পৰ্যায় ক্ৰমে ৰাজ্যৰ সকলো উপ-স্বাস্থ্য কেন্দ্ৰলৈ বিচনা প্ৰদান কৰিব৷ সদৰী কৰা তথ্য অনুসৰি, বৰ্তমানে ৰাজ্যত আছে ৪,৬২১ টা উপ-স্বাস্থ্য কেন্দ্ৰ৷ ইয়াৰে প্ৰথম পৰ্যায়ত সামৰি লোৱা হ'ব ২,২০২ টা উপস্বাস্থ কেন্দ্ৰ৷ ৰাজ্যত স্থাপন কৰা হ'ব ১ হাজাৰ বুনিয়াদী স্বাস্থ্য কেন্দ্ৰও৷ ১০ খন বিচনাযুক্ত হ'ব বুনিয়াদী স্বাস্থ্য কেন্দ্ৰসমূহ৷ সদনত এই তথ্য সদৰী কৰে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ