--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : আজি অন্ত পৰিব বিধানসভাৰ শীতকালীন অধিৱেশন৷ সজাই-পৰাই তোলা হৈছে অসম বিধানসভাৰ চৌহদ৷ না না ৰঙী ফুল, কাৰ্পেড লগোৱা হৈছে বিধান সভাৰ ভিতৰে বাহিৰে৷ ৫ দিন জোৰা কাৰ্যসূচীৰপাছত আজি অন্ত পৰিব শীতকালীন অধিৱেশন৷ গামোচা পিন্ধি শাসক-বিৰোধী উভয় পক্ষৰ বিধায়ক উপস্থিত হয় সদনত৷ লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ আগমনক লৈয়ে সদনত এই ব্যৱস্থা কৰা হৈছে বুলি জানিবলৈ পোৱা গৈছে৷

নতুন শিক্ষানীতি সন্দৰ্ভত আজি সদনত হ’ব আলোচনা৷ আজিও সদনত উত্থাপন হ’ব নতুন বিধেয়ক৷ শেহতীয়াকৈ প্ৰসংগত থকা বড়ো আন্দোলনৰ ছহিদৰ আৰ্থিক সাহায্যৰ কথাও উত্থপন বুলি জানিবলৈ পোৱা গৈছে৷ আনহাতে ছমাহৰ ভিতৰত প্ৰস্তুত হ'ব জলসিঞ্চন বিভাগৰ মাষ্টাৰ প্লেন৷ শিবু মিশ্ৰৰ পৰিপূৰক প্ৰশ্নৰ উত্তৰত সদনত এই তথ্য সদৰী কৰে মন্ত্ৰী অশোক সিংঘালে৷ সময় মতে কৃষকক পানী যোগানৰ স্বাৰ্থতে এই সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে৷

স্বাস্থ্যখন্ডলৈ অমূল পৰিবৰ্তন হ'ব বুলি জানিবলৈ পোৱা গৈছে৷ পৰ্যায় ক্ৰমে ৰাজ্যৰ সকলো উপ-স্বাস্থ্য কেন্দ্ৰলৈ বিচনা প্ৰদান কৰিব৷ সদৰী কৰা তথ্য অনুসৰি, বৰ্তমানে ৰাজ্যত আছে ৪,৬২১ টা উপ-স্বাস্থ্য কেন্দ্ৰ৷ ইয়াৰে প্ৰথম পৰ্যায়ত সামৰি লোৱা হ'ব ২,২০২ টা উপস্বাস্থ কেন্দ্ৰ৷ ৰাজ্যত স্থাপন কৰা হ'ব ১ হাজাৰ বুনিয়াদী স্বাস্থ্য কেন্দ্ৰও৷ ১০ খন বিচনাযুক্ত হ'ব বুনিয়াদী স্বাস্থ্য কেন্দ্ৰসমূহ৷ সদনত এই তথ্য সদৰী কৰে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু