--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ আজি অসম বিধানসভাৰ অন্তিমটো দিন, এই দিনটোতে আজি বিধানসভাত ভাষণ দিলে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই । পঞ্চদশ অসম বিধানসভাত শুকুৰবাৰে ভাষণ দিয়াৰ পূৰ্বে পুৱা ১০.৩০ বজাত বিধানসভাৰ চেন্ট্ৰেল হলত অনুষ্ঠিত হোৱা এক অনুষ্ঠানত অধ্যক্ষগৰাকীয়ে বিধানসভা টিভি নামৰ এটা ডিজিটেল চেনেল মুকলি কৰিলে৷ ডিজিটেল চেনেলটো মুকলি কৰাৰ পিছতে অধ্যক্ষগৰাকীয়ে সদনৰ মজিয়াত ভাষণ আগবঢ়ায়। চৰকাৰীভাৱে আৰম্ভ কৰিবলগীয়া বিধানসভা টিভিয়েই হব ৰাজ্যৰ প্ৰথমটো চেনেল ।

এই চেনেল উদ্বোধনী অনুষ্ঠানত বিধানসভাৰ অধ্যক্ষ, উপাধ্যক্ষ, মুখ্যমন্ত্ৰী, বিৰোধী দলপতিকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত আছে। তাৰ পাছতে অধ্যক্ষগৰাকীয়ে বিধানসভাৰ মজিয়াত আগবঢ়োৱা ভাষণত অসম বিধানসভাক কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰসংগ উল্লেখ কৰে- তেওঁ ক’য় যে, যাৰ দৰে কোনো নাই সেইখনেই হৈছে অসম, অসম বিধানসভাৰ আছে এক দীঘলীয়া ইতিহাস আছে৷

বিধানসভাৰ মজিয়াত তেওঁ গোপীনাথ বৰদলৈ, ভূপেন হাজৰিকা, অটল বিহাৰী বাজপেয়ীক স্মৰণ কৰে লগতে তেওঁ ক’য় যে, গণতন্ত্ৰৰ প্ৰতি জনসাধাৰণৰ বিশ্বাস বৃদ্ধিয়ে আমাক আৰু দায়িত্বশীল কৰিছে সেয়েহে গণতান্ত্ৰিক সংস্থাসমূহৰ উত্তৰণ এতিয়া জৰুৰী হৈ পৰিছে৷ পৃথিৱীৰ ডাঙৰ ডাঙৰ দেশেও এতিয়া গণতন্ত্ৰৰ প্ৰতি আকৰ্ষিত হৈছে, ভাৰতৰ সংবিধানৰ প্ৰতি আকৰ্ষিত হৈছে৷

ভাৰতৰ গণতন্ত্ৰ স্বাধীনতাৰ পিছত অহা গণতন্ত্ৰ নহয়, ইয়াৰো আছে ইতিহাস- তেওঁ ক’য়৷ কিন্তু অসম বিধানসভাৰ আজি ইমান গুৰুত্বপূৰ্ণ দিনটোত য’ত লোকসভা সন্মানীয় অধ্যক্ষগৰাকীয়ে আহি ভাষণ দিছিল, কিন্তু ইয়াৰ বিপৰীতে বিজেপিৰ ৰাজ্যিক সভাপতিয়ে ভৱেশ কলিতা বিধান সভাৰ এই গুৰুত্বপূৰ্ণ দিনটোতে একেবাৰে যেন সস্তীয়া ৰাজনীতি কৰিলে৷ সভাপতি গৰাকীয়ে ক’য় যে,

‘বিজেপিলৈ আৰু ৪/৫ জন বিধায়কে আমাৰ লগত যোগাযোগ কৰি আছে, ইয়াৰ তালিকাত সংখ্যালঘু বিধায়কো আছে৷ এইক্ষেত্ৰত এতিয়ালৈকে আমি কোনো সিদ্ধান্ত লোৱা নাই, জানুৱাৰীত সকলো ৰাজহুৱা কৰিম৷ এতিয়া আমি কেৱল পৌৰসভা আৰু মাজুলী নিৰ্বাচনৰ কথাহে চিন্তা কৰিছো। যোগাযোগ কৰা বিধায়কৰ ভিতৰত উজনি ,নামনি, মধ্য অসম সকলোৰে আছে৷’ বিধানসভাৰ আজিৰ এই দিনটোত তেওঁৰ এই মন্তব্য একেবাৰে গ্ৰহণযোগ্য নহয় বুলি সকলোৱে একেমুখে কৈছে৷ কিয়নো এখন দেশৰ সৱল বিৰোধীয়েহে শাসক পক্ষৰ উন্নয়নমূলক কাম-কাজত অৰিহণা যোগায়, কেৱল অসমৰ বিৰোধীপক্ষক নসাৎ কৰিবলৈ চৰকাৰে এনে অংকত লিপ্ত হৈছে বুলি বিৰোধীয়ে ক’য়৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ