--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ আজি অসম বিধানসভাৰ অন্তিমটো দিন, এই দিনটোতে আজি বিধানসভাত ভাষণ দিলে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই । পঞ্চদশ অসম বিধানসভাত শুকুৰবাৰে ভাষণ দিয়াৰ পূৰ্বে পুৱা ১০.৩০ বজাত বিধানসভাৰ চেন্ট্ৰেল হলত অনুষ্ঠিত হোৱা এক অনুষ্ঠানত অধ্যক্ষগৰাকীয়ে বিধানসভা টিভি নামৰ এটা ডিজিটেল চেনেল মুকলি কৰিলে৷ ডিজিটেল চেনেলটো মুকলি কৰাৰ পিছতে অধ্যক্ষগৰাকীয়ে সদনৰ মজিয়াত ভাষণ আগবঢ়ায়। চৰকাৰীভাৱে আৰম্ভ কৰিবলগীয়া বিধানসভা টিভিয়েই হব ৰাজ্যৰ প্ৰথমটো চেনেল ।

এই চেনেল উদ্বোধনী অনুষ্ঠানত বিধানসভাৰ অধ্যক্ষ, উপাধ্যক্ষ, মুখ্যমন্ত্ৰী, বিৰোধী দলপতিকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত আছে। তাৰ পাছতে অধ্যক্ষগৰাকীয়ে বিধানসভাৰ মজিয়াত আগবঢ়োৱা ভাষণত অসম বিধানসভাক কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰসংগ উল্লেখ কৰে- তেওঁ ক’য় যে, যাৰ দৰে কোনো নাই সেইখনেই হৈছে অসম, অসম বিধানসভাৰ আছে এক দীঘলীয়া ইতিহাস আছে৷

বিধানসভাৰ মজিয়াত তেওঁ গোপীনাথ বৰদলৈ, ভূপেন হাজৰিকা, অটল বিহাৰী বাজপেয়ীক স্মৰণ কৰে লগতে তেওঁ ক’য় যে, গণতন্ত্ৰৰ প্ৰতি জনসাধাৰণৰ বিশ্বাস বৃদ্ধিয়ে আমাক আৰু দায়িত্বশীল কৰিছে সেয়েহে গণতান্ত্ৰিক সংস্থাসমূহৰ উত্তৰণ এতিয়া জৰুৰী হৈ পৰিছে৷ পৃথিৱীৰ ডাঙৰ ডাঙৰ দেশেও এতিয়া গণতন্ত্ৰৰ প্ৰতি আকৰ্ষিত হৈছে, ভাৰতৰ সংবিধানৰ প্ৰতি আকৰ্ষিত হৈছে৷

ভাৰতৰ গণতন্ত্ৰ স্বাধীনতাৰ পিছত অহা গণতন্ত্ৰ নহয়, ইয়াৰো আছে ইতিহাস- তেওঁ ক’য়৷ কিন্তু অসম বিধানসভাৰ আজি ইমান গুৰুত্বপূৰ্ণ দিনটোত য’ত লোকসভা সন্মানীয় অধ্যক্ষগৰাকীয়ে আহি ভাষণ দিছিল, কিন্তু ইয়াৰ বিপৰীতে বিজেপিৰ ৰাজ্যিক সভাপতিয়ে ভৱেশ কলিতা বিধান সভাৰ এই গুৰুত্বপূৰ্ণ দিনটোতে একেবাৰে যেন সস্তীয়া ৰাজনীতি কৰিলে৷ সভাপতি গৰাকীয়ে ক’য় যে,

‘বিজেপিলৈ আৰু ৪/৫ জন বিধায়কে আমাৰ লগত যোগাযোগ কৰি আছে, ইয়াৰ তালিকাত সংখ্যালঘু বিধায়কো আছে৷ এইক্ষেত্ৰত এতিয়ালৈকে আমি কোনো সিদ্ধান্ত লোৱা নাই, জানুৱাৰীত সকলো ৰাজহুৱা কৰিম৷ এতিয়া আমি কেৱল পৌৰসভা আৰু মাজুলী নিৰ্বাচনৰ কথাহে চিন্তা কৰিছো। যোগাযোগ কৰা বিধায়কৰ ভিতৰত উজনি ,নামনি, মধ্য অসম সকলোৰে আছে৷’ বিধানসভাৰ আজিৰ এই দিনটোত তেওঁৰ এই মন্তব্য একেবাৰে গ্ৰহণযোগ্য নহয় বুলি সকলোৱে একেমুখে কৈছে৷ কিয়নো এখন দেশৰ সৱল বিৰোধীয়েহে শাসক পক্ষৰ উন্নয়নমূলক কাম-কাজত অৰিহণা যোগায়, কেৱল অসমৰ বিৰোধীপক্ষক নসাৎ কৰিবলৈ চৰকাৰে এনে অংকত লিপ্ত হৈছে বুলি বিৰোধীয়ে ক’য়৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু