--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি পোহৰৰ উৎসৱ দীপাৱলী। দেশ তথা বিদেশত বাস কৰা হিন্দুধৰ্মী লোকসকলে আজি পোহৰেৰে উজলাব ঘৰৰ চৌহদ। দীপাৱলী আন্ধাৰৰ বিৰুদ্ধে এক সংঘবদ্ধ যুঁজ। ভাৰতৰ লগতে বাংলাদেশতো মহাধুমধামেৰে আয়োন কৰ হৈছে দীপাৱলী আৰু কালী পূজাৰ। কেইবা শতিকা প্ৰাচীন বাংলাদেশৰ ঢাকাৰ ঢাকেশ্বৰী মন্দিৰতো চলিছে কালীপূজাৰ মহা আয়োজন।  

বাংলাদেশতো আজি  দেৱালী উদযাপন কৰা হ’ব। ঢাকেশ্বৰী হৈছে ৰাজধানী ঢাকাত অৱস্থিত অন্যতম প্ৰাচীন  মন্দিৰ। এই মন্দিৰটো প্ৰথমে কালী পূজা উপলক্ষে নিৰ্মাণ কৰা হৈছিল। পিছত এই মন্দিৰত  দুৰ্গা পূজাকে ধৰি বিভিন্ন ধৰ্মীয় ৰীতি-নীতি অনুষ্ঠিত কৰা হৈ আহিছে। ঢাকেশ্বৰী মন্দিৰৰ  লগতে শংখৰী বজাৰ, তাঁতী বজাৰ আৰু সূত্ৰপুৰতো আজি বিশাল আয়োজনেৰে কালী পূজা উদ্যাপন কৰা হ’ব।   ঢাকাৰ ৰামনা কালী মন্দিৰ আৰু মা আনন্দময়ী আশ্ৰম, ৰাজৰবাগৰ বৰেশ্বৰী কালীমাতা মন্দিৰ, সিদ্ধেশ্বৰী কালী মন্দিৰ আদিতো চলিছে পূজাৰ আয়োজন। ৫০০ বছৰ ধৰি বাংলাদেশৰ পোষ্টাগোলা  শ্মশানত কালী পূজা অনুষ্ঠিত হৈ আহিছে।

বাংলাদেশৰ বহু ঠাইত কালী পূজাৰ দিনা  চাকি জ্বলো, ভক্তিমূলক গীত, আৰতি, প্ৰসাদ বিতৰণ, ধৰ্মালোচনী সভা  আদি অনুষ্ঠিত কৰা হয়। ঢাকাত ধুমধামেৰে   দেৱালী উদযাপন কৰা হয়। সতীৰ শৰীৰৰ ১০৮  টা খণ্ডৰ  ভিতৰত এটা খণ্ড  পৰিছিল  বাংলাদেশৰ ৰাজধানী ঢাকাৰ  ঢাকেশ্বৰী শক্তিপীঠ থকা স্থানত । গঙ্গাৰ পাৰত দেৱীয়ে  এনেদৰেই আবিৰ্ভাৱ হৈছিল।  বুঢ়ী গঙ্গাৰ পাৰত থকা  অৰণ্যত দেৱী দীৰ্ঘদিন ধৰি লুকাই  আছিল। তেওঁ আনকি কাকো নিজৰ অস্তিত্বৰ বিষয়ে  ভূ-পাবলৈ দিয়া নাছিল। 
জনশ্ৰুতি অনুসৰি  ৰজা আদিসুৰে তেওঁৰ এগৰাকী ৰাণীক বুঢ়ী গঙ্গাৰ এখন অৰণ্যলৈ নিৰ্বাসিত কৰিছিল। ৰাণীয়ে তেওঁৰ পুত্ৰ বল্লাল সেনক সেই অৰণ্যৰ মাজতে  জন্ম দিছিল। 

এই সময়ত ৰাণীক  দেৱীয়ে  সপোন দেখুৱাইছিল। সেই মতে ৰাণীয়ে  অৰণ্যৰ মাজলৈ গৈ দেৱীৰ মহিষাসুৰমৰ্দিনী বিগ্ৰহক বন-জংঘলে  আৱৰি থকা অৱস্থাত উদ্ধাৰ কৰিছিল আৰু সেই বিগ্ৰহতে দেৱীৰ দৈনন্দিন পূজাৰ ব্যৱস্থা কৰিছিল। সিংহাসনত অধিষ্ঠিত হোৱাৰ পিছত বল্লাল সেনে তেওঁৰ জন্মস্থানক মহিমামণ্ডিত  কৰিবলৈ ঢাকেশ্বৰী  মন্দিৰ নিৰ্মাণ কৰিছিল। আন এটা কিংবদন্তী অনুসৰি বল্লাল সেনে  এসময়ত জংঘলত বাস কৰিছিল। তেওঁক  দেৱতাই  সপোন দেখুৱাইছিল। বল্লাল সেনেসপোন অনুসৰি  দেৱীক আৱিষ্কাৰ কৰিছিল আৰু এটা মন্দিৰ নিৰ্মাণ কৰিছিল, যাক 'ঢাকেশ্বৰী' নাম দিয়া হৈছিল, কিয়নো প্ৰথমে মন্দিৰৰ বিগ্ৰহটো  ঢাকি ৰখা হৈছিল।

দেশ বিভাজনৰ সময়ত বাংলাদেশৰ বহু হিন্দুয়ে  নিজৰ ঘৰ হেৰুৱাইছিল। ঢাকেশ্বৰী মন্দিৰলৈয়ো ভাবুকি নামি আহিছিল। ৰাজেন্দ্ৰকিশোৰ তিৱাৰী (প্ৰহ্লাদ কিশোৰ তিৱাৰী) আৰু হৰিহৰ চক্ৰৱৰ্তীয়ে দেশ বিভাজনৰ পিছত সৃষ্টি হোৱা  সংঘৰ্ষৰ সময়তে দেৱীক সাম্ভাব্য আক্ৰমণ আৰু লুণ্ঠনৰ পৰা ৰক্ষা কৰিবলৈ ১৯৪৮ চনত ঢাকাৰ মূল বিগ্ৰহটো গোপনে  কলকাতালৈ লৈ গৈছিল। কলকাতালৈ বিগ্ৰহ অনাৰ পিছত প্ৰথম দুবছৰ ৰহচন্দ্ৰ মল্লিক ষ্ট্ৰীটত থকা দেৱেন্দ্ৰনাথ চৌধুৰীৰ ঘৰত দেৱীক পূজা কৰা হৈছিল। ৮০০ বছৰ পুৰণি সেই বিগ্ৰহ এতিয়াও কলকাতাৰ ঢাকেশ্বৰী মাতাৰ মন্দিৰত আছে।বৰ্তমান ঢাকাৰ ঢাকেশ্বৰী মন্দিৰত থকা বিগ্ৰহটো কলকাতাত থকা মূল বিগ্ৰহটোৰ ৰেপ্লিকাহে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ