--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি পোহৰৰ উৎসৱ দীপাৱলী। দেশ তথা বিদেশত বাস কৰা হিন্দুধৰ্মী লোকসকলে আজি পোহৰেৰে উজলাব ঘৰৰ চৌহদ। দীপাৱলী আন্ধাৰৰ বিৰুদ্ধে এক সংঘবদ্ধ যুঁজ। ভাৰতৰ লগতে বাংলাদেশতো মহাধুমধামেৰে আয়োন কৰ হৈছে দীপাৱলী আৰু কালী পূজাৰ। কেইবা শতিকা প্ৰাচীন বাংলাদেশৰ ঢাকাৰ ঢাকেশ্বৰী মন্দিৰতো চলিছে কালীপূজাৰ মহা আয়োজন।  

বাংলাদেশতো আজি  দেৱালী উদযাপন কৰা হ’ব। ঢাকেশ্বৰী হৈছে ৰাজধানী ঢাকাত অৱস্থিত অন্যতম প্ৰাচীন  মন্দিৰ। এই মন্দিৰটো প্ৰথমে কালী পূজা উপলক্ষে নিৰ্মাণ কৰা হৈছিল। পিছত এই মন্দিৰত  দুৰ্গা পূজাকে ধৰি বিভিন্ন ধৰ্মীয় ৰীতি-নীতি অনুষ্ঠিত কৰা হৈ আহিছে। ঢাকেশ্বৰী মন্দিৰৰ  লগতে শংখৰী বজাৰ, তাঁতী বজাৰ আৰু সূত্ৰপুৰতো আজি বিশাল আয়োজনেৰে কালী পূজা উদ্যাপন কৰা হ’ব।   ঢাকাৰ ৰামনা কালী মন্দিৰ আৰু মা আনন্দময়ী আশ্ৰম, ৰাজৰবাগৰ বৰেশ্বৰী কালীমাতা মন্দিৰ, সিদ্ধেশ্বৰী কালী মন্দিৰ আদিতো চলিছে পূজাৰ আয়োজন। ৫০০ বছৰ ধৰি বাংলাদেশৰ পোষ্টাগোলা  শ্মশানত কালী পূজা অনুষ্ঠিত হৈ আহিছে।

বাংলাদেশৰ বহু ঠাইত কালী পূজাৰ দিনা  চাকি জ্বলো, ভক্তিমূলক গীত, আৰতি, প্ৰসাদ বিতৰণ, ধৰ্মালোচনী সভা  আদি অনুষ্ঠিত কৰা হয়। ঢাকাত ধুমধামেৰে   দেৱালী উদযাপন কৰা হয়। সতীৰ শৰীৰৰ ১০৮  টা খণ্ডৰ  ভিতৰত এটা খণ্ড  পৰিছিল  বাংলাদেশৰ ৰাজধানী ঢাকাৰ  ঢাকেশ্বৰী শক্তিপীঠ থকা স্থানত । গঙ্গাৰ পাৰত দেৱীয়ে  এনেদৰেই আবিৰ্ভাৱ হৈছিল।  বুঢ়ী গঙ্গাৰ পাৰত থকা  অৰণ্যত দেৱী দীৰ্ঘদিন ধৰি লুকাই  আছিল। তেওঁ আনকি কাকো নিজৰ অস্তিত্বৰ বিষয়ে  ভূ-পাবলৈ দিয়া নাছিল। 
জনশ্ৰুতি অনুসৰি  ৰজা আদিসুৰে তেওঁৰ এগৰাকী ৰাণীক বুঢ়ী গঙ্গাৰ এখন অৰণ্যলৈ নিৰ্বাসিত কৰিছিল। ৰাণীয়ে তেওঁৰ পুত্ৰ বল্লাল সেনক সেই অৰণ্যৰ মাজতে  জন্ম দিছিল। 

এই সময়ত ৰাণীক  দেৱীয়ে  সপোন দেখুৱাইছিল। সেই মতে ৰাণীয়ে  অৰণ্যৰ মাজলৈ গৈ দেৱীৰ মহিষাসুৰমৰ্দিনী বিগ্ৰহক বন-জংঘলে  আৱৰি থকা অৱস্থাত উদ্ধাৰ কৰিছিল আৰু সেই বিগ্ৰহতে দেৱীৰ দৈনন্দিন পূজাৰ ব্যৱস্থা কৰিছিল। সিংহাসনত অধিষ্ঠিত হোৱাৰ পিছত বল্লাল সেনে তেওঁৰ জন্মস্থানক মহিমামণ্ডিত  কৰিবলৈ ঢাকেশ্বৰী  মন্দিৰ নিৰ্মাণ কৰিছিল। আন এটা কিংবদন্তী অনুসৰি বল্লাল সেনে  এসময়ত জংঘলত বাস কৰিছিল। তেওঁক  দেৱতাই  সপোন দেখুৱাইছিল। বল্লাল সেনেসপোন অনুসৰি  দেৱীক আৱিষ্কাৰ কৰিছিল আৰু এটা মন্দিৰ নিৰ্মাণ কৰিছিল, যাক 'ঢাকেশ্বৰী' নাম দিয়া হৈছিল, কিয়নো প্ৰথমে মন্দিৰৰ বিগ্ৰহটো  ঢাকি ৰখা হৈছিল।

দেশ বিভাজনৰ সময়ত বাংলাদেশৰ বহু হিন্দুয়ে  নিজৰ ঘৰ হেৰুৱাইছিল। ঢাকেশ্বৰী মন্দিৰলৈয়ো ভাবুকি নামি আহিছিল। ৰাজেন্দ্ৰকিশোৰ তিৱাৰী (প্ৰহ্লাদ কিশোৰ তিৱাৰী) আৰু হৰিহৰ চক্ৰৱৰ্তীয়ে দেশ বিভাজনৰ পিছত সৃষ্টি হোৱা  সংঘৰ্ষৰ সময়তে দেৱীক সাম্ভাব্য আক্ৰমণ আৰু লুণ্ঠনৰ পৰা ৰক্ষা কৰিবলৈ ১৯৪৮ চনত ঢাকাৰ মূল বিগ্ৰহটো গোপনে  কলকাতালৈ লৈ গৈছিল। কলকাতালৈ বিগ্ৰহ অনাৰ পিছত প্ৰথম দুবছৰ ৰহচন্দ্ৰ মল্লিক ষ্ট্ৰীটত থকা দেৱেন্দ্ৰনাথ চৌধুৰীৰ ঘৰত দেৱীক পূজা কৰা হৈছিল। ৮০০ বছৰ পুৰণি সেই বিগ্ৰহ এতিয়াও কলকাতাৰ ঢাকেশ্বৰী মাতাৰ মন্দিৰত আছে।বৰ্তমান ঢাকাৰ ঢাকেশ্বৰী মন্দিৰত থকা বিগ্ৰহটো কলকাতাত থকা মূল বিগ্ৰহটোৰ ৰেপ্লিকাহে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
ভিটামিন চিৰ বাবে দৈনিক ইমান পৰিমাণৰ কিৱি খালে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হয়
শিলচৰত কৰুণ ঘটনা! মাছ মাৰিবলৈ গৈ ২২ বছৰীয়া যুৱকৰ মৃত্যু
যিসকলে দাঁতৰ যত্ন ল’ব নোৱাৰে, তেওঁলোকে সেনাৰ গুৰুত্বপূৰ্ণ অভিযানৰ দায়িত্ব কেনেকৈ ল’ব? দাঁত লেতেৰা বাবেই ব্ৰিটিছ সেনাই চাকৰিৰ পৰা বৰ্খাস্ত কৰিলে ১৭০ জন জোৱানক
প্ৰধানমন্ত্ৰীৰ ডিগ্ৰীৰ তথ্য ৰাজহুৱা কৰাত ন্যায়ালয়ৰ নিষেধাজ্ঞা
অৰুণাচলৰ দিৰাঙত ভূমিস্খলন, চাৰিদুৱাৰ-ভালুকপুং-টাৱাং সংযোগী পথ বন্ধ
চুলি পকিবলৈ ধৰিছে নেকি? ঘৰুৱা সামগ্ৰীৰেই ক'লা কৰক আপোনাৰ পকা চুলি
ভাৰতমাতাৰ সাহসী কন্যা! ২০ হাজাৰ ফুটতকৈও অধিক ওখ এটা শিখৰত উৰুৱালে ত্ৰিৰংগা; বৰফ খাই গুচাইছিল পিয়াহ
পৰিয়ালে প্ৰেমত দিছিল বাধা, প্ৰেমিক-প্ৰেমিকা পালেহি থানা ; মন্দিৰত বিয়া পাতি দিলে আৰক্ষীয়ে
হৃদৰোগৰ পৰা হাত সাৰিবলৈ কি কৰিব লাগে? জানি লওক ভালদৰে
স্বামীৰ সৈতে বিবাহ বিচ্ছেদ, ইৰফানৰ সৈতে লিভ-ইন ৰিলেছনশ্বিপ; ওলমি থকা অৱস্থাত উদ্ধাৰ বিউটিচিয়ান মীনুৰ মৃতদেহ
ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰীৰে বাৰ্তালাপৰ অভিজ্ঞতা বর্ণনা কৰি উৎফুল্ল দীপ্তি চহৰীয়া
ভয়ানক বিপদৰ পৰা ৰক্ষা পৰিল দেৰগাঁও!  পেট্ৰ’ল পাম্পৰ চৌহদত ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত
'আগতে কোনো মুখ্যমন্ত্রী বি টি চিলৈ অহা নাছিল, মই ২০০ বাৰ আহিছোঁ', গোসাইগাঁৱত বিজয় সংকল্প সমাৰোহত মুখ্যমন্ত্রী
ভাৰতীয় বায়ুসেনাই দেখুৱালে মানৱীয়তা! থাই নাগৰিকৰ জীৱন ৰক্ষাৰ বাবে দেখুৱালে অদম্য সাহস