--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে এজন হত্যাকাৰীক ক্ষমা কৰি দিছে। প্ৰেমিকাক প্ৰথমে বলাৎকাৰ কৰি পিছত ১১১ বাৰ ছুৰীকাঘাত  কৰি হত্যা কৰা প্ৰেমিকক পুটিনে ক্ষমা কৰি দিয়াৰ কথাই এতিয়া ৰাছিয়াত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। কিন্তু পুটিনে কিয় এজন হত্যাকাৰীক ক্ষমা কৰি দিলে? ইয়াৰ এটা বিশেষ কাৰণ আছে। সম্প্ৰতি ইউক্ৰেইনৰ বিৰুদ্ধে ৰাছিয়াই যুদ্ধ কৰি আছে। ৰাছিয়াৰ হাজাৰ হাজাৰ সেনা ইতিমধ্যে যুদ্ধত নিহত হৈছে। যুঁজলৈ যাবলৈ দেশ খনত এতিয়া যুৱকৰ যেন আকাল হৈছে। 

হত্যাকাৰী প্ৰেমিক জনক ইউক্ৰেইনত যুদ্ধৰ বাবে নিযুক্তি দিয়াৰ সিদ্ধান্ত গ্ৰহণৰ পিছতে  তেওঁক  ক্ষমা কৰি দিয়া হৈছে। পুটিনৰ এনে সিদ্ধান্তৰ পিছতে  মহিলা অধিকাৰ কৰ্মী আলিওনা পোপোভাই কৈছে যে হত্যাকাৰী  ভ্লাদিস্লাভ কন্যাছক ইউক্ৰেইনৰ সীমান্তৱৰ্তী দক্ষিণ ৰাছিয়াৰ ৰোষ্টভলৈ প্ৰেৰণ কৰা হৈছে।যুদ্ধলৈ যোৱাৰ বাবেই তেওঁৰ অপৰাধ ক্ষমা কৰি দিয়াটো মুঠেও সমৰ্থনযোগ্য কথা নহয়।  ভ্লাদিস্লাভ কন্যাছ নামৰ যুৱকজনে  তেওঁৰ প্ৰাক্তন প্ৰেমিকা ভেৰা পেখতেলেভাক নিৰ্মমভাৱে হত্যা কৰিছিল। তেওঁ তেওঁৰ প্ৰাক্তন প্ৰেমিকাক ১১১ বাৰ ছুৰীকাঘাত কৰিছিল।  

ভ্লাদিস্লাভ কন্যাছে তেওঁৰ প্ৰাক্তন প্ৰেমিকাক চাৰে তিনি ঘণ্টা ধৰি আবদ্ধ কৰি ৰাখি ধৰ্ষণ কৰিছিল। তাৰ পিছত তেওঁ তেওঁক তাঁৰেৰে ডিঙিত মেৰিয়াই  শ্বাসৰুদ্ধ কৰিছিল । যুৱতীগৰাকীৰ  চিঞৰ শুনি চুবুৰীয়াসকলে আৰক্ষীক ফোন কৰিছিল, কিন্তু আৰক্ষীয়ে  ফোনৰ উত্তৰ দিয়া  নাছিল। 

ভ্লাদিস্লাভক  প্ৰেমিকাক নিৰ্মমভাৱে হত্যা কৰাৰ অপৰাধত  ১৭ বছৰৰ কাৰাদণ্ড বিহা হৈছিল। অৱশ্যে, তেওঁ এবছৰতকৈ কম সময়হে কাৰাগাৰত থাকিবলগীয়া হৈছে।  ৰাছিয়ান সেনাত যোগদান কৰিব বুলি ঘোষণা কৰাৰ পিছতে তেওঁৰ দোষ মাফ কৰি দিয়া হৈছে। পুটিনৰ সিদ্ধান্তত হত্যাৰ বলি হোৱা যুৱতীগৰাকীৰ মাতৃ  ওকছানাই আক্ষেপ প্ৰকাশ কৰি কয়  যে এয়া   এক আচৰিত ঘটনা। মোৰ  ছোৱালীজনীক হত্যা কৰা হত্যাকাৰীক এনেদৰে ক্ষমা কৰি দিব নালাগিছিল।  
উল্লেখ্য পুটিনৰ অনুমোদনৰ পিছতে ৩ নৱেম্বৰত ৰাছিয়াৰ প্ৰচিকিউটৰ জেনেৰেলৰ কাৰ্যালয়ৰ পৰা এখন পত্ৰ প্ৰেৰণ  কৰা হৈছিল,  য'ত কোৱা হৈছিল যে হত্যাকাৰী জনক ক্ষমা কৰা হৈছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ