--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে এজন হত্যাকাৰীক ক্ষমা কৰি দিছে। প্ৰেমিকাক প্ৰথমে বলাৎকাৰ কৰি পিছত ১১১ বাৰ ছুৰীকাঘাত  কৰি হত্যা কৰা প্ৰেমিকক পুটিনে ক্ষমা কৰি দিয়াৰ কথাই এতিয়া ৰাছিয়াত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। কিন্তু পুটিনে কিয় এজন হত্যাকাৰীক ক্ষমা কৰি দিলে? ইয়াৰ এটা বিশেষ কাৰণ আছে। সম্প্ৰতি ইউক্ৰেইনৰ বিৰুদ্ধে ৰাছিয়াই যুদ্ধ কৰি আছে। ৰাছিয়াৰ হাজাৰ হাজাৰ সেনা ইতিমধ্যে যুদ্ধত নিহত হৈছে। যুঁজলৈ যাবলৈ দেশ খনত এতিয়া যুৱকৰ যেন আকাল হৈছে। 

হত্যাকাৰী প্ৰেমিক জনক ইউক্ৰেইনত যুদ্ধৰ বাবে নিযুক্তি দিয়াৰ সিদ্ধান্ত গ্ৰহণৰ পিছতে  তেওঁক  ক্ষমা কৰি দিয়া হৈছে। পুটিনৰ এনে সিদ্ধান্তৰ পিছতে  মহিলা অধিকাৰ কৰ্মী আলিওনা পোপোভাই কৈছে যে হত্যাকাৰী  ভ্লাদিস্লাভ কন্যাছক ইউক্ৰেইনৰ সীমান্তৱৰ্তী দক্ষিণ ৰাছিয়াৰ ৰোষ্টভলৈ প্ৰেৰণ কৰা হৈছে।যুদ্ধলৈ যোৱাৰ বাবেই তেওঁৰ অপৰাধ ক্ষমা কৰি দিয়াটো মুঠেও সমৰ্থনযোগ্য কথা নহয়।  ভ্লাদিস্লাভ কন্যাছ নামৰ যুৱকজনে  তেওঁৰ প্ৰাক্তন প্ৰেমিকা ভেৰা পেখতেলেভাক নিৰ্মমভাৱে হত্যা কৰিছিল। তেওঁ তেওঁৰ প্ৰাক্তন প্ৰেমিকাক ১১১ বাৰ ছুৰীকাঘাত কৰিছিল।  

ভ্লাদিস্লাভ কন্যাছে তেওঁৰ প্ৰাক্তন প্ৰেমিকাক চাৰে তিনি ঘণ্টা ধৰি আবদ্ধ কৰি ৰাখি ধৰ্ষণ কৰিছিল। তাৰ পিছত তেওঁ তেওঁক তাঁৰেৰে ডিঙিত মেৰিয়াই  শ্বাসৰুদ্ধ কৰিছিল । যুৱতীগৰাকীৰ  চিঞৰ শুনি চুবুৰীয়াসকলে আৰক্ষীক ফোন কৰিছিল, কিন্তু আৰক্ষীয়ে  ফোনৰ উত্তৰ দিয়া  নাছিল। 

ভ্লাদিস্লাভক  প্ৰেমিকাক নিৰ্মমভাৱে হত্যা কৰাৰ অপৰাধত  ১৭ বছৰৰ কাৰাদণ্ড বিহা হৈছিল। অৱশ্যে, তেওঁ এবছৰতকৈ কম সময়হে কাৰাগাৰত থাকিবলগীয়া হৈছে।  ৰাছিয়ান সেনাত যোগদান কৰিব বুলি ঘোষণা কৰাৰ পিছতে তেওঁৰ দোষ মাফ কৰি দিয়া হৈছে। পুটিনৰ সিদ্ধান্তত হত্যাৰ বলি হোৱা যুৱতীগৰাকীৰ মাতৃ  ওকছানাই আক্ষেপ প্ৰকাশ কৰি কয়  যে এয়া   এক আচৰিত ঘটনা। মোৰ  ছোৱালীজনীক হত্যা কৰা হত্যাকাৰীক এনেদৰে ক্ষমা কৰি দিব নালাগিছিল।  
উল্লেখ্য পুটিনৰ অনুমোদনৰ পিছতে ৩ নৱেম্বৰত ৰাছিয়াৰ প্ৰচিকিউটৰ জেনেৰেলৰ কাৰ্যালয়ৰ পৰা এখন পত্ৰ প্ৰেৰণ  কৰা হৈছিল,  য'ত কোৱা হৈছিল যে হত্যাকাৰী জনক ক্ষমা কৰা হৈছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অমিত শ্বাহক ১৮জন প্রাক্তন ন্যায়াধীশৰ সমালোচনা
বিশ্বৰ প্ৰখ্যাত বিত্তীয় সংস্থা গ'ল্ডমেন চছৰ দাবী! দহ বছৰত বিশ্বক হতবাক কৰিব পৰা অৰ্থনৈতিক প্রগতি হ'ব ভাৰতৰ
হোষ্টেলত ৪২৬ টা শিশুৰ খাদ্যত ফেনাইল মিহলাই হত্যা কৰাৰ ষড়যন্ত্ৰ! এনেকৈ পৰিল জীৱন ৰক্ষা
ভিটামিন চিৰ বাবে দৈনিক ইমান পৰিমাণৰ কিৱি খালে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হয়
শিলচৰত কৰুণ ঘটনা! মাছ মাৰিবলৈ গৈ ২২ বছৰীয়া যুৱকৰ মৃত্যু
যিসকলে দাঁতৰ যত্ন ল’ব নোৱাৰে, তেওঁলোকে সেনাৰ গুৰুত্বপূৰ্ণ অভিযানৰ দায়িত্ব কেনেকৈ ল’ব? দাঁত লেতেৰা বাবেই ব্ৰিটিছ সেনাই চাকৰিৰ পৰা বৰ্খাস্ত কৰিলে ১৭০ জন জোৱানক
হৃদৰোগৰ পৰা হাত সাৰিবলৈ কি কৰিব লাগে? জানি লওক ভালদৰে
স্বামীৰ সৈতে বিবাহ বিচ্ছেদ, ইৰফানৰ সৈতে লিভ-ইন ৰিলেছনশ্বিপ; ওলমি থকা অৱস্থাত উদ্ধাৰ বিউটিচিয়ান মীনুৰ মৃতদেহ
ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰীৰে বাৰ্তালাপৰ অভিজ্ঞতা বর্ণনা কৰি উৎফুল্ল দীপ্তি চহৰীয়া
ভয়ানক বিপদৰ পৰা ৰক্ষা পৰিল দেৰগাঁও!  পেট্ৰ’ল পাম্পৰ চৌহদত ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত
'আগতে কোনো মুখ্যমন্ত্রী বি টি চিলৈ অহা নাছিল, মই ২০০ বাৰ আহিছোঁ', গোসাইগাঁৱত বিজয় সংকল্প সমাৰোহত মুখ্যমন্ত্রী
ভাৰতীয় বায়ুসেনাই দেখুৱালে মানৱীয়তা! থাই নাগৰিকৰ জীৱন ৰক্ষাৰ বাবে দেখুৱালে অদম্য সাহস
ডিব্ৰুগড় জিলাত কলেৰা ৰোগীৰ প্ৰাদুৰ্ভাৱক লৈ হাই এলাৰ্ট জাৰি ; স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ সংবাদমেল সম্বোধন
'পকৱান'ৰ সফল মঞ্চায়ন