--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: নাছাৰ জেট প্ৰপ’লেচন লেবৰেটৰীয়ে আজি অৰ্থাৎ ৩ অক্টোবৰত পৃথিৱীৰ কাষেৰে পাৰ হৈ যোৱা ২০২৪ এছডি ৩ আৰু ২০২৪ এছআৰ ৪ নামৰ দুটা গ্ৰহাণু ধৰা পেলাইছে। অৱশ্যে বিজ্ঞানীসকলে কয় যে তেওঁলোকৰ পৰা কোনো বিপদ নাই। মহাকাশ গৱেষণা আৰু সৌৰজগতৰ গঠনৰ অধ্যয়নৰ বাবে বিজ্ঞানীসকলৰ বাবে এই গ্ৰহাণুবোৰৰ উপস্থিতি অতি গুৰুত্বপূৰ্ণ। এইবোৰ সৌৰজগত গঠনৰ পৰাই উপস্থিত হৈ আহিছে আৰু ইয়াৰ উপস্থিতিয়ে বিজ্ঞানীসকলক মহাকাশ সম্পৰ্কে নতুন তথ্য প্ৰদান কৰাত সহায় কৰে ।

Two asteroids set to skim pass Earth this weekend - NASA - The Jerusalem  Post
২০২৪ এছডি ৩ আৰু ২০২৪ এছআৰ ৪ গ্ৰহাণু দুয়োটাকে বিজ্ঞানীসকলে নিবিড়ভাৱে অধ্যয়ন কৰি আছে। ই পৃথিৱীৰ বাবে কিবা সমস্যাৰ সৃষ্টি কৰিব পাৰে নেকি সেইটোৰ সন্ধানত আছে বিজ্ঞানীসকল ৷এই সন্দৰ্ভত নাছাৰ দলটোৱে জনাইছে যে দুয়োটা পৃথিৱীৰ অতি কাষৰ পৰা পাৰ হৈ যাব কিন্তু ইয়াৰ পৰা কোনো প্ৰত্যক্ষ ভাবুকি নাই। সেয়েহে আতংকিত হোৱাৰ প্ৰয়োজন নাই।


গ্ৰহাণু ২০২৪ এছডি ৩ : ইয়াৰ আকাৰ ৬৮ ফুট, যিটো সৰু বিমানৰ দৰেই। পৃথিৱীৰ পৰা ইয়াৰ নিকটতম দূৰত্ব ৯ লাখ ২৪ হাজাৰ কিলোমিটাৰ। নাছাই ইয়াক বিপজ্জনক শ্ৰেণীত স্থান দিছে যদিও ই পৃথিৱীৰ কোনো ক্ষতি নকৰে বুলি তেওঁলোকে জনায় ।


Earth will get another moon this month — but not for long! | Space
গ্ৰহাণু ২০২৪ এছআৰ ৪ : ইয়াৰ আকাৰ ৫১ ফুট, এইটোও এক সৰু বিমানৰ দৰেই। পৃথিৱীৰ পৰা ইয়াৰ নিকটতম দূৰত্ব ১,৬৭০,০০০ কিলোমিটাৰ, যিটো গ্ৰহাণু ২০২৪ এছডি৩তকৈ বহু বেছি। এইটোৱেও পৃথিৱীৰ বাবে কোনো ধৰণৰ বিপদ কঢ়িয়াই আনিব নোৱাৰে।

শেহতীয়াকৈ ১১০ ফুট উচ্চতাৰ বিশাল গ্ৰহাণু ২০২৪ আৰ এন ১৬ যোৱা মাহত পৃথিৱীৰ ওপৰেৰে পাৰ হৈ গৈছে। এই সন্দৰ্ভত নাছাই সকীয়াই দিছিল যে যদি ইয়াৰ সংঘৰ্ষ হয় তেন্তে ই বৃহৎ ধ্বংসলীলাৰ সৃষ্টি কৰিব পাৰে। অৱশ্যে এনেকুৱা একো নহ’ল ৷ ই পৃথিৱীৰ পৰা ১৬ লাখ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰি ১০৪,৭৬১ কিলোমিটাৰ বিপজ্জনক গতিৰে গতি কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ