--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: নাছাৰ জেট প্ৰপ’লেচন লেবৰেটৰীয়ে আজি অৰ্থাৎ ৩ অক্টোবৰত পৃথিৱীৰ কাষেৰে পাৰ হৈ যোৱা ২০২৪ এছডি ৩ আৰু ২০২৪ এছআৰ ৪ নামৰ দুটা গ্ৰহাণু ধৰা পেলাইছে। অৱশ্যে বিজ্ঞানীসকলে কয় যে তেওঁলোকৰ পৰা কোনো বিপদ নাই। মহাকাশ গৱেষণা আৰু সৌৰজগতৰ গঠনৰ অধ্যয়নৰ বাবে বিজ্ঞানীসকলৰ বাবে এই গ্ৰহাণুবোৰৰ উপস্থিতি অতি গুৰুত্বপূৰ্ণ। এইবোৰ সৌৰজগত গঠনৰ পৰাই উপস্থিত হৈ আহিছে আৰু ইয়াৰ উপস্থিতিয়ে বিজ্ঞানীসকলক মহাকাশ সম্পৰ্কে নতুন তথ্য প্ৰদান কৰাত সহায় কৰে ।

Two asteroids set to skim pass Earth this weekend - NASA - The Jerusalem  Post
২০২৪ এছডি ৩ আৰু ২০২৪ এছআৰ ৪ গ্ৰহাণু দুয়োটাকে বিজ্ঞানীসকলে নিবিড়ভাৱে অধ্যয়ন কৰি আছে। ই পৃথিৱীৰ বাবে কিবা সমস্যাৰ সৃষ্টি কৰিব পাৰে নেকি সেইটোৰ সন্ধানত আছে বিজ্ঞানীসকল ৷এই সন্দৰ্ভত নাছাৰ দলটোৱে জনাইছে যে দুয়োটা পৃথিৱীৰ অতি কাষৰ পৰা পাৰ হৈ যাব কিন্তু ইয়াৰ পৰা কোনো প্ৰত্যক্ষ ভাবুকি নাই। সেয়েহে আতংকিত হোৱাৰ প্ৰয়োজন নাই।


গ্ৰহাণু ২০২৪ এছডি ৩ : ইয়াৰ আকাৰ ৬৮ ফুট, যিটো সৰু বিমানৰ দৰেই। পৃথিৱীৰ পৰা ইয়াৰ নিকটতম দূৰত্ব ৯ লাখ ২৪ হাজাৰ কিলোমিটাৰ। নাছাই ইয়াক বিপজ্জনক শ্ৰেণীত স্থান দিছে যদিও ই পৃথিৱীৰ কোনো ক্ষতি নকৰে বুলি তেওঁলোকে জনায় ।


Earth will get another moon this month — but not for long! | Space
গ্ৰহাণু ২০২৪ এছআৰ ৪ : ইয়াৰ আকাৰ ৫১ ফুট, এইটোও এক সৰু বিমানৰ দৰেই। পৃথিৱীৰ পৰা ইয়াৰ নিকটতম দূৰত্ব ১,৬৭০,০০০ কিলোমিটাৰ, যিটো গ্ৰহাণু ২০২৪ এছডি৩তকৈ বহু বেছি। এইটোৱেও পৃথিৱীৰ বাবে কোনো ধৰণৰ বিপদ কঢ়িয়াই আনিব নোৱাৰে।

শেহতীয়াকৈ ১১০ ফুট উচ্চতাৰ বিশাল গ্ৰহাণু ২০২৪ আৰ এন ১৬ যোৱা মাহত পৃথিৱীৰ ওপৰেৰে পাৰ হৈ গৈছে। এই সন্দৰ্ভত নাছাই সকীয়াই দিছিল যে যদি ইয়াৰ সংঘৰ্ষ হয় তেন্তে ই বৃহৎ ধ্বংসলীলাৰ সৃষ্টি কৰিব পাৰে। অৱশ্যে এনেকুৱা একো নহ’ল ৷ ই পৃথিৱীৰ পৰা ১৬ লাখ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰি ১০৪,৭৬১ কিলোমিটাৰ বিপজ্জনক গতিৰে গতি কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
ভক্তি ৰসেৰে জীপাল সোণাপুৰৰ কমাৰকুছি
অক্টোবৰত হ'ব বৃহৎ নিযুক্তি পর্ব, মুখ্যমন্ত্ৰীৰ ঘোষণা
বেদনাবিহ্বল ৰাজ্যত দুর্গোৎসৱ
শ্ৰী শ্ৰী উগ্ৰতাৰা দেৱালয়ত জুবিনলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন
শ্যামকানুৰ বিৰুদ্ধে নিজাববীয়া গোচৰ চি আই ডিৰ
বি টি চিত চমক সৃষ্টি কৰি ৰাজ্যপাল, মুখ্যমন্ত্ৰীক সাক্ষাৎ হাগ্ৰামাৰ
আন্দামানৰ অগভীৰ অফশ্ব'ৰ ব্লকত অইলৰ প্ৰাকৃতিক গেছৰ সন্ধান
আজি মহা অষ্টমী, ঢাক–ঢোলৰ শব্দৰে মুখৰিত ৰাজ্যৰ আকাশ–বতাহ