--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দুৰ্গা পূজালৈ মাজত মাথোঁ কেইটামান দিন বাকী৷বৰষুণে ম্লান কৰিব পাৰে উৎসৱৰ আনন্দ৷ বাতৰ বিজ্ঞান বিভাগে নৱৰাত্ৰি আৰু দশেৰাৰ সময়ত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা প্ৰকাশ কৰি জাৰি কৰিছে সতৰ্কবাণী৷ আগন্তুক ছটা দিনৰ বতৰৰ প্ৰতিবেদন প্ৰকাশ কৰিছে আই এম ডিয়ে৷ দেশৰ প্ৰায়বোৰ ৰাজ্যতে বৰষুণৰ প্ৰভাৱ দেখা পোৱা যাব বুলি উল্লেখ কৰিছে প্ৰতিবেদনত।

বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি আগন্তুক ৪-৫ দিনত উত্তৰ-পূব ৰাজ্যসমূহৰ ওপৰত প্ৰচণ্ডৰ বৰষুণৰ লগে লগে বৰষুণৰ বাবে সমস্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা প্ৰকট কৰিছে। ইয়াৰোপৰি আগন্তুক ৪-৫ দিনত দক্ষিণ উপদ্বীপ ভাৰতৰ কিছু অংশতো প্ৰবল বৰষুণৰ সম্ভাৱনা আছে।

বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি অহা ২ অক্টোবৰত বিহাৰ, অন্ধ্ৰপ্ৰদেশ, তামিলনাডু, কেৰালা, কৰ্ণাটক, অসম, অৰুণাচল প্ৰদেশ, মেঘালয়, মিজোৰাম, মণিপুৰ, ত্ৰিপুৰা, নাগালেণ্ড আৰু ছিকিমত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা আছে; ৩ অক্টোবৰত অৰুণাচল প্ৰদেশ আৰু অসমত প্ৰচণ্ড বৰষুণৰ সম্ভাৱনা থকাৰ বিপৰীতে বিহাৰ, মধ্যপ্ৰদেশ, অন্ধ্ৰপ্ৰদেশ আৰু তামিলনাডুতো ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা প্ৰকাশ কৰিছে;

উত্তৰ প্ৰদেশত বিগত ৪ দিন ধৰি ধাৰাসাৰ বৰষুণৰ ফলত জীৱনধাৰণত বিস্তৰ ক্ষতিগ্ৰস্ত হৈছে। বতৰ বিজ্ঞান বিভাগে ৫০ খন জিলাত ধাৰাসাৰ বৰষুণ আৰু বজ্ৰপাতৰ সতৰ্কবাণী জাৰি কৰিছে।মহাৰাজগঞ্জত নেপালে এৰি দিয়া পানীৰ বাবে ২০খনতকৈও অধিক গাঁও ডুব গৈছিল, য’ত প্ৰায় ৫০ হাজাৰ লোক ক্ষতিগ্ৰস্ত হৈছে। SDRF ৰ দলে ১৫০ জন লোকক নিৰাপদে উলিয়াই আনিলে। এই পৰ্যন্ত ৰাজ্যখনত বৰষুণ আৰু বানপানীৰ ফলত ১৯ জন লোকৰ মৃত্যু হৈছে। ৰাজ্যখনৰ ২৫ খন জিলাৰ ১৬৮ খন গাঁও বানৰ কবলত আছে। এইবাৰ বাৰিষাৰ সময়ত ৭৪৪.৩ মিলিমিটাৰ বৰষুণ হোৱা বুলি জানিব পৰা গৈছে৷

বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি ৪ অক্টোবৰত মধ্যপ্ৰদেশ, বিহাৰ, অসম, অৰুণাচল প্ৰদেশ, মেঘালয়, মিজোৰাম, মণিপুৰ, ত্ৰিপুৰা, অন্ধ্ৰপ্ৰদেশ, নাগালেণ্ড আৰু তামিলনাডুত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা আছে; ৫ অক্টোবৰত অসম, নাগালেণ্ড, মেঘালয়, মিজোৰাম, মণিপুৰ আৰু ত্ৰিপুৰাত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা আছে; ৬ অক্টোবৰতো অসম, নাগালেণ্ড, মেঘালয়, মিজোৰাম, মণিপুৰ আৰু ত্ৰিপুৰাত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা আছে; ঝাৰখণ্ডতো নৱৰাত্ৰি আৰু দুৰ্গা পূজাৰ সময়ত তীব্ৰ বৰষুণৰ সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ