--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি শাওণ মাহৰ শেষৰটো সোমবাৰ। আজিৰ দিনটোত ভোলানাথক সন্তুষ্ট কৰিব পাৰিলে ব্যক্তিৰ জীৱনত সৌভাগ্যই লগ দিয়ে। হিন্দু ধৰ্মত শাওণ মাহৰ বিশেষ তাৎপৰ্য্য আছে। শাওণ মাহৰ শেষৰ সোমবাৰত কিছুমান বিশেষ উপায় গ্ৰহণ কৰিলে এজন ব্যক্তিৰ জীৱনত বহু উন্নতি হয়। জানো আহক আজিক দিনটোত কি কি কৰিব লাগে-

১) যিসকলৰ টকা নাই বা সদায় টকাৰ অভাৱ হয়, তেনে লোকে শাওণৰ শেষ সোমবাৰে শিৱলিংগত কেঁচা চাউল এমুঠি আগবঢ়াই দিব লাগে। এনে কৰিলে আৰ্থিক সমস্যাৰ সমাধান হ’ব।

২)যিসকলে বাহনৰ সুখ পাব বিচাৰে, তেওঁলোকে আজিৰ দিনটোত ভোলানাথক অপৰাজিতা ফুল আগবঢ়াব লাগে।

৩)শিশু সুখ বিচৰাসকলে শাওণৰ শেষ সোমবাৰে শিৱলিংগত ঘেঁহু আগবঢ়াওক। স্বামী-স্ত্ৰীয়ে একেলগে এই কামটো কৰিব লাগে।

৪)যি ঘৰত সদায় বিবাদৰ পৰিবেশ থাকে তেনে লোকে আজিৰ দিনটোত ঘৰৰ চৌপাশে গোমূত্ৰ ছটিয়াই দিলে ভাল হয়। এনে কৰিলে ঘৰত সুখ আৰু শান্তি আহে।

৫)শিৱৰ যিকোনো এটা সিদ্ধ মন্ত্ৰ ১০৮ বাৰ জপ কৰিলে আপোনাৰ সকলো ইচ্ছা পূৰণ হ’ব পাৰে।

৬) চোকা বুদ্ধি পাবলৈ চেনি মিহলি গাখীৰৰ সৈতে শিৱলিংগত ঢালক।

৭) যিসকলে গোটেই শাওণ মাহটোত শিৱলিংগত বেলপাত আগবঢ়াব পৰা নাই, তেনে লোকে আজি ৩০ বা ৩১ টা বেল পাত শিৱলিংগত অৰ্পণ কৰক। এনে কৰিলে গোটেই শাওণ মাহত পূজা কৰাৰ ফল পাব।

৮) ধন লাভৰ বাবে শিৱলিঙত কুঁহিয়াৰৰ ৰস আগবঢ়াব লাগে। এনে কৰিলে আপোনাৰ সকলো ইচ্ছা পূৰণ হ’ব।

৯) শিৱলিংগত গংগাজল অৰ্পণ কৰাটো পৰিত্ৰাণ প্ৰাপ্তিৰ বাবে শুভ বুলি গণ্য কৰা হয়।

১০) আকাংক্ষিত চাকৰি পাবলৈ শাওণৰ শেষ সোমবাৰে শিৱ মন্দিৰত ক্ষীৰ আগবঢ়াওক। লগতে ভক্ত সকলক প্ৰসাদ বিতৰণ কৰিলে ইয়াৰ দ্বাৰা উপকৃত হ’ব।

আজিৰ নিশাটোৰ ভিতৰত আপুনি কৰিব পাৰিব এই কাম। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
চীনা সামগ্ৰীত ভাৰতৰ নিৰ্ভৰশীলতা বৃদ্ধি; ভাৰতীয় ঔদ্যোগিক আমদানিৰ ৩০ শতাংশ সামগ্ৰী আহে চীনৰ পৰা
তিনিচুকীয়াৰ বেংক বিষয়াক ধন দাবীৰে ব্লেকমেইল; যোৰহাটত হনীট্ৰেপিং চক্ৰৰ ৫জনক গ্ৰেপ্তাৰ
ভাৰতীয় মহিলা দলৰ অধিনায়কৰ পদ এৰিলে হৰমনপ্রীত কৌৰে
বিশিষ্ট স্ত্ৰী ৰোগ বিশেষজ্ঞ ডাঃ শান্তি মেধিৰ পৰলোক প্ৰাপ্তি
সাৱধান! গৰ্ভৱতী-প্ৰসূতি মহিলাক চৰকাৰী সাহায্যৰ প্ৰলোভন; হাজোত লাখে লাখে টকা লুটিছে চাইবাৰ অপৰাধীয়ে
নামৰূপৰ বিশিষ্ট সমাজকৰ্মী মিনাৰাম চুতীয়ালৈ বাবা চাহেব বি. আৰ আম্বেদকাৰ বঁটা
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
ভাৰতীয় পাইলট স্মিত মাচ্ছৰ সাহসিকতাত ৰক্ষা পৰিল ১৭৪ জীৱন
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
লিডুত ডাম্পাৰ আৰু টাটা বাহনৰ মুখামুখি সংঘৰ্ষ; তিনিজন গুৰুতৰভাৱে আহত
জন্মদিনৰ দিনাই দেশবাসীলৈ সোণালী উপহাৰ;এছিয়ান গেমছত স্বৰ্ণজয় লাভলীনা বৰগোহাঁইৰ
এল নিন'ৰ প্ৰভাৱত বতৰৰ পৰিৱৰ্তন! খৰাঙৰ কবলত দেশৰ ৫১% অঞ্চল
চাৰ্টৰ জেপত ফোন ৰাখিলে হাৰ্টবিটত কি প্ৰভাৱ পৰে?