--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি শাওণ মাহৰ শেষৰটো সোমবাৰ। আজিৰ দিনটোত ভোলানাথক সন্তুষ্ট কৰিব পাৰিলে ব্যক্তিৰ জীৱনত সৌভাগ্যই লগ দিয়ে। হিন্দু ধৰ্মত শাওণ মাহৰ বিশেষ তাৎপৰ্য্য আছে। শাওণ মাহৰ শেষৰ সোমবাৰত কিছুমান বিশেষ উপায় গ্ৰহণ কৰিলে এজন ব্যক্তিৰ জীৱনত বহু উন্নতি হয়। জানো আহক আজিক দিনটোত কি কি কৰিব লাগে-

১) যিসকলৰ টকা নাই বা সদায় টকাৰ অভাৱ হয়, তেনে লোকে শাওণৰ শেষ সোমবাৰে শিৱলিংগত কেঁচা চাউল এমুঠি আগবঢ়াই দিব লাগে। এনে কৰিলে আৰ্থিক সমস্যাৰ সমাধান হ’ব।

২)যিসকলে বাহনৰ সুখ পাব বিচাৰে, তেওঁলোকে আজিৰ দিনটোত ভোলানাথক অপৰাজিতা ফুল আগবঢ়াব লাগে।

৩)শিশু সুখ বিচৰাসকলে শাওণৰ শেষ সোমবাৰে শিৱলিংগত ঘেঁহু আগবঢ়াওক। স্বামী-স্ত্ৰীয়ে একেলগে এই কামটো কৰিব লাগে।

৪)যি ঘৰত সদায় বিবাদৰ পৰিবেশ থাকে তেনে লোকে আজিৰ দিনটোত ঘৰৰ চৌপাশে গোমূত্ৰ ছটিয়াই দিলে ভাল হয়। এনে কৰিলে ঘৰত সুখ আৰু শান্তি আহে।

৫)শিৱৰ যিকোনো এটা সিদ্ধ মন্ত্ৰ ১০৮ বাৰ জপ কৰিলে আপোনাৰ সকলো ইচ্ছা পূৰণ হ’ব পাৰে।

৬) চোকা বুদ্ধি পাবলৈ চেনি মিহলি গাখীৰৰ সৈতে শিৱলিংগত ঢালক।

৭) যিসকলে গোটেই শাওণ মাহটোত শিৱলিংগত বেলপাত আগবঢ়াব পৰা নাই, তেনে লোকে আজি ৩০ বা ৩১ টা বেল পাত শিৱলিংগত অৰ্পণ কৰক। এনে কৰিলে গোটেই শাওণ মাহত পূজা কৰাৰ ফল পাব।

৮) ধন লাভৰ বাবে শিৱলিঙত কুঁহিয়াৰৰ ৰস আগবঢ়াব লাগে। এনে কৰিলে আপোনাৰ সকলো ইচ্ছা পূৰণ হ’ব।

৯) শিৱলিংগত গংগাজল অৰ্পণ কৰাটো পৰিত্ৰাণ প্ৰাপ্তিৰ বাবে শুভ বুলি গণ্য কৰা হয়।

১০) আকাংক্ষিত চাকৰি পাবলৈ শাওণৰ শেষ সোমবাৰে শিৱ মন্দিৰত ক্ষীৰ আগবঢ়াওক। লগতে ভক্ত সকলক প্ৰসাদ বিতৰণ কৰিলে ইয়াৰ দ্বাৰা উপকৃত হ’ব।

আজিৰ নিশাটোৰ ভিতৰত আপুনি কৰিব পাৰিব এই কাম। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক