--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি শাওণৰ শেষৰটো দিন। শাওণ মাহ মহাদেৱ শিৱৰ নামত উৎসৰ্গিত। শিৱ ভক্তসকলে গোটেই বছৰটো শাওণ মাহৰ বাবে অপেক্ষা কৰে। শাওণ মাহৰ গোটেইকেইটা দিনৰে বিশেষ মহত্ব আছে। পৌৰাণিক কাহিনী অনুসৰি শাওণত ভোলানাথক পূজা কৰিলে সকলো দুখ-যন্ত্ৰণাৰ পৰা মুক্ত হৈ আকাংক্ষিত ফল পোৱা যায়। আজি শাওণৰ শেষৰটো দিন। এই দিনটোতো কিছুমান বিশেষ কাম কৰিলে ভগৱান শিৱ সহজতে সন্তুষ্ট হয় আৰু ভক্তসকলক আশীৰ্বাদ প্ৰদান কৰি জীৱনটো সুখৰ কৰি তোলে।

কি কি কৰিব লাগে জানি লওক


ঘৰৰ মন্দিৰত বা থাপনাত ধূপ-চাকি জ্বলাওক। যিসকলে পাৰে তেওঁলোকে দেৱতাসকলৰ জল অভিষেক কৰক।

শিৱলিংগত গাখীৰ আৰু পানী আগবঢ়াওক। ফুল আগবঢ়াওক।

ভগৱান শিৱক চন্দন, বগা ফুল, বেলপত্ৰ, লাজুকীলতাৰ পাত, ভাং, ধতুৰা ফুল আৰু ভস্ম অৰ্পণ কৰক।

ভগৱান শিৱৰ মন্ত্ৰ ১০৮ বাৰ জপ কৰক।

ভগৱান শিৱৰ আৰতি কৰক। ভোগ আগবঢ়াওক। ধ্যান আৰু ভগৱান শিৱক প্ৰাৰ্থনা কৰক।

এই দিনটোত ভগৱান শিৱক তিল অৰ্পণ কৰক। ইয়াৰ দ্বাৰা পাপৰ পৰা মুক্তি পোৱা যায়।

শিৱলিংগত চেনিযুক্ত গাখীৰ আগবঢ়াওক। ইয়াৰ ফলত বুদ্ধি চোকা হয়।

আজিৰ দিনটোত ভগৱান শিৱক যৱ আগবঢ়াওক। এনে কৰিলে ঘৰখনত সুখ আৰু শান্তি ৰৈ যায়।

শিৱক গংগাজলেৰে অভিষেক কৰক। ইয়াৰ ফলত মোক্ষপ্ৰাপ্তি হয়।

গধূলিৰ ভিতৰত এই উপায়সমূহ কৰিবলৈ যত্ন কৰক। মহাদেৱ শিৱই আপোনাক প্ৰতিটো ক্ষণতে সুৰক্ষা প্ৰদান কৰিব। বিশেষ আশীৰ্বাদ প্ৰদান কৰি আপোনাৰ জীৱন মহাদেৱে সুখ-শান্তিৰে উপচাই পেলাব।









FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ