--°C
Loading...
Listen to Article
2 min read
80%
১৭ আগষ্ট ২০২৩, বৃহস্পতিবাৰ

মেষঃ পাৰিবাৰিক জীৱন সুখৰ হ'ব। ব্যৱসায়ত প্ৰচুৰ উন্নতি। বন্ধু বান্ধৱযুক্ত পৰিবেশ ভাল পাব। ধর্মীয় কৰ্মত আস্থা। শুভ সংখ্যা ১, ৯। শুভ ৰং মুগা । 

বৃষঃ শাৰীৰিক ক্ষেত্ৰত শুভ। ৰোগত ভুগি থকা ব্যক্তিয়ে কিছু সকাহ পাব। দাম্পত্যত মধ্যম। বিদ্যার্থীয়ে চেষ্টা কৰাৰ দৰকাৰ হ'ব। পিতৃ-মাতৃৰ শৰীৰ কিছু দুর্বল। শুভ সংখ্যা ২, ৬। শুভ ৰং বগা। 

মিথুনঃ চাকৰিজীৱীয়ে ঊর্ধ্বতন পক্ষৰ লগত উন্নত সংযোগ লাভ কৰিব। বিদ্যা-বুদ্ধিত ভালেই। শত্রুৰ প্রভাৱ দেখা যাব। ঘৰ বিভীষণৰ পৰা সতর্ক থাকক। প্রেমত চঞ্চল, মনত অস্থিৰতা। শুভ সংখ্যা ১,৫। শুভ ৰং সোণালী। 

কর্কট : দিনটো প্ৰায় ভালেই যাব। শৰীৰো প্ৰায় ভালেই। ব্যবসায়ত প্রচুৰ উন্নতি। নিজৰ প্রচেষ্টাৰে আগবঢ়া যিকোনো কামত সফল হ'ব। কথা-বাৰ্তাত সতর্ক নহ'লে, কথাত উজুটি খাই অপ্রস্তুত হ'ব। ধর্মত বিশ্বাস বাঢ়িব। শুভ সংখ্যা ২, ৩। শুভ ৰং গুলপীয়া। 

সিংহঃ কোনো ধর্মীয় মাংগলিক কর্মত ব্যস্ত থাকিব লগা হ'ব পাৰে। ব্যৱসায়ৰ কথা ভাবিছে যদি মনোযোগ দিয়ক, লাভৱান হ'ব। সাধাৰণ কথাতে লাগি কাৰো লগত মনোমালিন্য হ'ব পাৰে। শুভ সংখ্যা ১,৯। শুভ ৰং গুলপীয়া। 

কন্যা : ৰাজহুৱা কামত ব্যস্ততা বাঢ়িব। আপোনাৰ কামৰ প্ৰতি গাফিলতি নাই বাবে আৰু নিষ্ঠাৰে সততাৰে কর্তব্য পালন কৰাৰ বাবে, আপোনাৰ ওপৰত কামৰ দায়িত্ব আৰু পৰিব। শুভ সংখ্যা ৫,৭। শুভ ৰং সেউজীয়া । 

তুলা : স্বাস্থ্য মধ্যম। থেৰো-গেৰো কৰি থাকিলে প্ৰাপ্য সুযোগ হাতৰ পৰা হেৰাব পাৰে। সন্তানক লৈ চিন্তিত। আর্থিক দিশত ভালেই। ৰাজহুৱা কৰ্মৰ মাজেদি সুখ্যাতি। শুভ সংখ্যা ৬, ৭। শুভ ৰং কমলা। 

বৃশ্চিক : আজি প্রায় ক্ষেত্রতে সুফল পাব। সন্তান প্রীতি বাঢ়িব। সংগীত, নৃত্য আদি কলাত মৌলিক প্ৰতিভাৰ স্ফুৰণ ঘটিব। খৰচৰ মাত্ৰা ঊর্ধ্বগতিত থাকিব।  শুভ সংখ্যা ১, ৯। শুভ ৰং গেৰুৱা । 

ধনুঃ কর্মত উৎসাহ পাব।ব্যৱসায়-বাণিজ্যত মনোযোগ দিয়ক। প্ৰচুৰ উন্নতি। ধর্মত মন। কোনো ভ্ৰমণৰ যো-জা। শুভ সংখ্যা ২,৩। শুভ ৰং ৰঙা। 

মকৰ : আনৰ হিত সাধি ভাল পাব। বন্ধু-বান্ধৱৰ লগত ভালেই যাব দিনটো। সামাজিক প্রতিপত্তি, মান-মর্যাদা অক্ষুণ্ণ থাকিব। কোনো শুভ সংযোগ লাভ । শুভ সংখ্যা ৭, ৯। শুভ ৰং নীলা। 

কুম্ভ : কর্মক্ষেত্ৰত সকলোৰে পৰা আশা কৰা মতে সহযোগ পাব। পুৰণা দিনৰ কথা ৰোমন্থন কৰি ভাল পাব। আধ্যাত্মিক চিন্তা-চৰ্চা কৰি ভাল পাব ।  শুভ সংখ্যা ৬, ৭। শুভ ৰং কফি। 

মীনঃ ঘৰুৱা জীৱনত দুই- এটা খুঁত খাত থাকিব। বিদ্যাৰ্থীৰ বহুমুখী প্রতিভা প্ৰকাশ পাব। কলা-সংস্কৃতিৰ প্রতি ধাউতি বাঢ়িব। উপস্থিত বুদ্ধিৰে বহু সমস্যা সহজে চম্ভালি ল'ব পাৰিব। অপ্ৰকাশ্য কোনো কথাৰ বাবে চিন্তিত হ'ব। শুভ সংখ্যা ২, ৩। শুভ ৰং গুলপীয়া।







FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ