--°C
Loading...
Listen to Article
2 min read
80%
১৭ আগষ্ট ২০২৩, বৃহস্পতিবাৰ

মেষঃ পাৰিবাৰিক জীৱন সুখৰ হ'ব। ব্যৱসায়ত প্ৰচুৰ উন্নতি। বন্ধু বান্ধৱযুক্ত পৰিবেশ ভাল পাব। ধর্মীয় কৰ্মত আস্থা। শুভ সংখ্যা ১, ৯। শুভ ৰং মুগা । 

বৃষঃ শাৰীৰিক ক্ষেত্ৰত শুভ। ৰোগত ভুগি থকা ব্যক্তিয়ে কিছু সকাহ পাব। দাম্পত্যত মধ্যম। বিদ্যার্থীয়ে চেষ্টা কৰাৰ দৰকাৰ হ'ব। পিতৃ-মাতৃৰ শৰীৰ কিছু দুর্বল। শুভ সংখ্যা ২, ৬। শুভ ৰং বগা। 

মিথুনঃ চাকৰিজীৱীয়ে ঊর্ধ্বতন পক্ষৰ লগত উন্নত সংযোগ লাভ কৰিব। বিদ্যা-বুদ্ধিত ভালেই। শত্রুৰ প্রভাৱ দেখা যাব। ঘৰ বিভীষণৰ পৰা সতর্ক থাকক। প্রেমত চঞ্চল, মনত অস্থিৰতা। শুভ সংখ্যা ১,৫। শুভ ৰং সোণালী। 

কর্কট : দিনটো প্ৰায় ভালেই যাব। শৰীৰো প্ৰায় ভালেই। ব্যবসায়ত প্রচুৰ উন্নতি। নিজৰ প্রচেষ্টাৰে আগবঢ়া যিকোনো কামত সফল হ'ব। কথা-বাৰ্তাত সতর্ক নহ'লে, কথাত উজুটি খাই অপ্রস্তুত হ'ব। ধর্মত বিশ্বাস বাঢ়িব। শুভ সংখ্যা ২, ৩। শুভ ৰং গুলপীয়া। 

সিংহঃ কোনো ধর্মীয় মাংগলিক কর্মত ব্যস্ত থাকিব লগা হ'ব পাৰে। ব্যৱসায়ৰ কথা ভাবিছে যদি মনোযোগ দিয়ক, লাভৱান হ'ব। সাধাৰণ কথাতে লাগি কাৰো লগত মনোমালিন্য হ'ব পাৰে। শুভ সংখ্যা ১,৯। শুভ ৰং গুলপীয়া। 

কন্যা : ৰাজহুৱা কামত ব্যস্ততা বাঢ়িব। আপোনাৰ কামৰ প্ৰতি গাফিলতি নাই বাবে আৰু নিষ্ঠাৰে সততাৰে কর্তব্য পালন কৰাৰ বাবে, আপোনাৰ ওপৰত কামৰ দায়িত্ব আৰু পৰিব। শুভ সংখ্যা ৫,৭। শুভ ৰং সেউজীয়া । 

তুলা : স্বাস্থ্য মধ্যম। থেৰো-গেৰো কৰি থাকিলে প্ৰাপ্য সুযোগ হাতৰ পৰা হেৰাব পাৰে। সন্তানক লৈ চিন্তিত। আর্থিক দিশত ভালেই। ৰাজহুৱা কৰ্মৰ মাজেদি সুখ্যাতি। শুভ সংখ্যা ৬, ৭। শুভ ৰং কমলা। 

বৃশ্চিক : আজি প্রায় ক্ষেত্রতে সুফল পাব। সন্তান প্রীতি বাঢ়িব। সংগীত, নৃত্য আদি কলাত মৌলিক প্ৰতিভাৰ স্ফুৰণ ঘটিব। খৰচৰ মাত্ৰা ঊর্ধ্বগতিত থাকিব।  শুভ সংখ্যা ১, ৯। শুভ ৰং গেৰুৱা । 

ধনুঃ কর্মত উৎসাহ পাব।ব্যৱসায়-বাণিজ্যত মনোযোগ দিয়ক। প্ৰচুৰ উন্নতি। ধর্মত মন। কোনো ভ্ৰমণৰ যো-জা। শুভ সংখ্যা ২,৩। শুভ ৰং ৰঙা। 

মকৰ : আনৰ হিত সাধি ভাল পাব। বন্ধু-বান্ধৱৰ লগত ভালেই যাব দিনটো। সামাজিক প্রতিপত্তি, মান-মর্যাদা অক্ষুণ্ণ থাকিব। কোনো শুভ সংযোগ লাভ । শুভ সংখ্যা ৭, ৯। শুভ ৰং নীলা। 

কুম্ভ : কর্মক্ষেত্ৰত সকলোৰে পৰা আশা কৰা মতে সহযোগ পাব। পুৰণা দিনৰ কথা ৰোমন্থন কৰি ভাল পাব। আধ্যাত্মিক চিন্তা-চৰ্চা কৰি ভাল পাব ।  শুভ সংখ্যা ৬, ৭। শুভ ৰং কফি। 

মীনঃ ঘৰুৱা জীৱনত দুই- এটা খুঁত খাত থাকিব। বিদ্যাৰ্থীৰ বহুমুখী প্রতিভা প্ৰকাশ পাব। কলা-সংস্কৃতিৰ প্রতি ধাউতি বাঢ়িব। উপস্থিত বুদ্ধিৰে বহু সমস্যা সহজে চম্ভালি ল'ব পাৰিব। অপ্ৰকাশ্য কোনো কথাৰ বাবে চিন্তিত হ'ব। শুভ সংখ্যা ২, ৩। শুভ ৰং গুলপীয়া।







FOLLOW US F
POPULAR
FEATURE
TRENDY
সুস্থ আৰু ফিট হৈ থাকিবলৈ এই ৫বিধ বীজ দৈনিক খাওক
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন
পঞ্জাৱক দুর্যোগপীড়িত ৰাজ্য হিচাপে ঘোষণা
ভোগেশ্বৰ বৰুৱাৰ নামত উৎসর্গিত হ'ল সৰুসজাই ক্রীড়া প্রকল্প