--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  ৯৬ বছৰ বয়সত মৃত্যু হোৱা ব্ৰিটেইনৰ ৰাণী দ্বিতীয় এলিজাবেথৰ নশ্বৰদেহৰ আজি  অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ’ব। সেই উপলক্ষ্যে লণ্ডনত এতিয়া দেশ-বিদেশৰ অগণন ৰাষ্ট্ৰ প্ৰধানে ভিৰ কৰিছে। ব্ৰিটেইন চৰকাৰৰ এক সূত্ৰই প্ৰকাশ কৰা মতে  ৰাণী দ্বিতীয় এলিজাবেথৰ অন্ত্যেষ্টিক্ৰিয়া অনুষ্ঠান সোমবাৰে পুৱা  স্থানীয় সময় ১১  বজাত  আৰম্ভ হ’ব। 

 বিশ্বৰ প্ৰায় ৪ বিলিয়ন লোকেৰাণীৰ  অন্ত্যেষ্টিক্ৰিয়া অনুষ্ঠান প্ৰত্যক্ষ কৰাৰ সুবিধা পাব। গাৰ্ডিয়ান কাকতৰ খবৰ অনুসৰি ৰাণীৰ  অন্ত্যেষ্টিক্ৰিয়াৰ বাবে প্ৰায় ৭৫০,০০০ লোক লণ্ডনলৈ আহিছে । ভাৰতীয় ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ব্ৰিটেইনৰ ৰাণী দ্বিতীয় এলিজাবেথৰ অন্ত্যেষ্টিক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ  লণ্ডনত উপস্থিত আছে । 

সম্প্ৰতি টেমছৰ পাৰত থকা ৱেষ্টমিনষ্টাৰ হলৰ কফিনত ৰাণীৰ নশ্বৰ দেহ ৰখা হৈছে। ৱেষ্টমিনষ্টাৰ এবেত ৰাণীৰ অন্ত্যেষ্টিক্ৰিয়া অনুষ্ঠানেই দ্বিতীয় বিশ্ব যুদ্ধৰ পিছত অনুষ্ঠিত হোৱা  আটাইতকৈ ডাঙৰ  অনুষ্ঠান হ’ব।অনুষ্ঠানটোৰ লাইভষ্ট্ৰীম  বিশ্বৰ ২০০ খনতকৈও অধিক দেশত সম্প্ৰচাৰ হ'ব।  জানিব পৰা মতে আজি পুৱা প্ৰায় ১০.৩৫ বজাত, বাহকৰ দলটোৱে ৰাণীৰ  কফিন  তেওঁৰ ককাক পঞ্চম জৰ্জ, তেওঁৰ দেউতাক জৰ্জ ষষ্ঠ, ৰাণী ভিক্টোৰিয়া আৰু উইনষ্টন চাৰ্চিলৰ সমাধিলৈ নিব।

তাৰ পিছত ৰাণীৰ কফিন ৱেষ্টমিনষ্টাৰ এবেলৈ অনা হ’ব, য'ত অনুষ্ঠানটো অনুষ্ঠিত হ'ব। নতুন ৰজা তৃতীয় চাৰ্লছ, ৰাজকুমাৰ উইলিয়াম আৰু হেৰী, কফিনৰ পিছফালে থাকিব। মাৰ্কিন ৰাষ্ট্ৰপতি জো বিডেন, ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন, নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী জেচিণ্ডা আৰ্ডাৰ্ণ, অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এন্থনী এলবানেজ আৰু কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোকে ধৰি বিশ্বৰ বহু নেতাই ৰাণীৰ অন্ত্যেষ্টিক্ৰিয়া অনুষ্ঠানত উপস্থিত থাকিব।

উল্লেখ্য ৰাণী দ্বিতীয় এলিজাবেথৰ ৮ ছেপ্টেম্বৰত স্কটলেণ্ডৰ বালম’ৰেল প্ৰাসাদত মৃত্যু হৈছিল। তেওঁক শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে ১১ ছেপ্টেম্বৰত ভাৰতত ৰাষ্ট্ৰীয় শোক পালন কৰা হৈছিল। ব্ৰিটেইনৰ ইতিহাসত সিংহাসনত আটাইতকৈ দীঘলীয়া সময়ৰ বাবে অধিস্থিত হৈ থকা ৰাণী হিচাবে তেওঁ অভিলেখ গঢ়ি থৈ গৈছে। দ্বিতীয় এলিজাবেথক ১৯৫৩ চনত ২৫ বছৰ বয়সত ব্ৰিটেইনৰ ৰাণীৰ মুকুট পিন্ধোৱা হৈছিল।










FOLLOW US F
POPULAR
FEATURE
TRENDY
২০ বছৰে ক’মাত থকাৰ পাছত অৱশেষত মৃত্যুক সাবটিলে 'স্লিপিং প্ৰিন্স' নামেৰে জনাজাত যুৱকজনে
ৰাষ্ট্ৰসংঘৰ মজিয়াত সন্ত্রাসবাদীক মুকলি সমর্থন পাকিস্তানৰ
ধনৰ অবৈধ সৰবৰাহ! ছট্টিশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্রী বাঘেলৰ পুত্ৰক গ্ৰেপ্তাৰ
কাইলৈ শাওণ মাহৰ প্ৰথমটো সোমবাৰ; ব্ৰত ৰখাৰ নিয়ম জানি লওক, নহ'লে পূজা হʼব আধৰুৱা
অলিম্পিকত নাথাকিব ভাৰত-পাকিস্তানৰ মেচ
এছিয়া কাপ ক্রিকেট প্রতিযোগিতাক লৈ অনিশ্চয়তাৰ সৃষ্টি
নাছাৰ দুই সহস্রাধিক কৰ্মচাৰীক চাটাই কৰিব ট্রাম্পে
ধোঁৱাচাঙত ৰাজ্যৰ জলসিঞ্চন বিভাগ ; কামপুৰত বতৰৰ ওপৰত নিৰ্ভৰশীল কৃষকে ৰুব পৰা নাই ভূঁই
পাকিস্তানক সহায়ৰ বাবে আগবাঢ়িছে ভাৰতৰ বন্ধু ৰাষ্ট্ৰ! ঐতিহাসিক চুক্তিত স্বাক্ষৰ...
অখিল গগৈৰ বিৰুদ্ধে মহিলা আয়োগত অভিযোগ দাখিল লাকী গগৈ নামৰ এগৰাকী মহিলাৰ
ঋষভ পন্তে ভংগ কৰিলে এম এছ ধোনীৰ অভিলেখ
৮৭ কোটি টকাত বিক্ৰী হ’ল এটা হেণ্ডবেগ! জানো আহক এই বেগৰ ৰহস্য
কোটিৰ ঘৰৰ পৰা কোটিৰ বাহনলৈ! জানক অনন্ত আম্বানীৰ বিলাসীতাৰ কথা
শুভাংশু শুক্লাৰ ওভতনি যাত্ৰা ; আজি পৃথিৱীত পদার্পণ কৰিব শুভাংশু শুক্লাই