--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  ৯৬ বছৰ বয়সত মৃত্যু হোৱা ব্ৰিটেইনৰ ৰাণী দ্বিতীয় এলিজাবেথৰ নশ্বৰদেহৰ আজি  অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ’ব। সেই উপলক্ষ্যে লণ্ডনত এতিয়া দেশ-বিদেশৰ অগণন ৰাষ্ট্ৰ প্ৰধানে ভিৰ কৰিছে। ব্ৰিটেইন চৰকাৰৰ এক সূত্ৰই প্ৰকাশ কৰা মতে  ৰাণী দ্বিতীয় এলিজাবেথৰ অন্ত্যেষ্টিক্ৰিয়া অনুষ্ঠান সোমবাৰে পুৱা  স্থানীয় সময় ১১  বজাত  আৰম্ভ হ’ব। 

 বিশ্বৰ প্ৰায় ৪ বিলিয়ন লোকেৰাণীৰ  অন্ত্যেষ্টিক্ৰিয়া অনুষ্ঠান প্ৰত্যক্ষ কৰাৰ সুবিধা পাব। গাৰ্ডিয়ান কাকতৰ খবৰ অনুসৰি ৰাণীৰ  অন্ত্যেষ্টিক্ৰিয়াৰ বাবে প্ৰায় ৭৫০,০০০ লোক লণ্ডনলৈ আহিছে । ভাৰতীয় ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ব্ৰিটেইনৰ ৰাণী দ্বিতীয় এলিজাবেথৰ অন্ত্যেষ্টিক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ  লণ্ডনত উপস্থিত আছে । 

সম্প্ৰতি টেমছৰ পাৰত থকা ৱেষ্টমিনষ্টাৰ হলৰ কফিনত ৰাণীৰ নশ্বৰ দেহ ৰখা হৈছে। ৱেষ্টমিনষ্টাৰ এবেত ৰাণীৰ অন্ত্যেষ্টিক্ৰিয়া অনুষ্ঠানেই দ্বিতীয় বিশ্ব যুদ্ধৰ পিছত অনুষ্ঠিত হোৱা  আটাইতকৈ ডাঙৰ  অনুষ্ঠান হ’ব।অনুষ্ঠানটোৰ লাইভষ্ট্ৰীম  বিশ্বৰ ২০০ খনতকৈও অধিক দেশত সম্প্ৰচাৰ হ'ব।  জানিব পৰা মতে আজি পুৱা প্ৰায় ১০.৩৫ বজাত, বাহকৰ দলটোৱে ৰাণীৰ  কফিন  তেওঁৰ ককাক পঞ্চম জৰ্জ, তেওঁৰ দেউতাক জৰ্জ ষষ্ঠ, ৰাণী ভিক্টোৰিয়া আৰু উইনষ্টন চাৰ্চিলৰ সমাধিলৈ নিব।

তাৰ পিছত ৰাণীৰ কফিন ৱেষ্টমিনষ্টাৰ এবেলৈ অনা হ’ব, য'ত অনুষ্ঠানটো অনুষ্ঠিত হ'ব। নতুন ৰজা তৃতীয় চাৰ্লছ, ৰাজকুমাৰ উইলিয়াম আৰু হেৰী, কফিনৰ পিছফালে থাকিব। মাৰ্কিন ৰাষ্ট্ৰপতি জো বিডেন, ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন, নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী জেচিণ্ডা আৰ্ডাৰ্ণ, অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এন্থনী এলবানেজ আৰু কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোকে ধৰি বিশ্বৰ বহু নেতাই ৰাণীৰ অন্ত্যেষ্টিক্ৰিয়া অনুষ্ঠানত উপস্থিত থাকিব।

উল্লেখ্য ৰাণী দ্বিতীয় এলিজাবেথৰ ৮ ছেপ্টেম্বৰত স্কটলেণ্ডৰ বালম’ৰেল প্ৰাসাদত মৃত্যু হৈছিল। তেওঁক শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে ১১ ছেপ্টেম্বৰত ভাৰতত ৰাষ্ট্ৰীয় শোক পালন কৰা হৈছিল। ব্ৰিটেইনৰ ইতিহাসত সিংহাসনত আটাইতকৈ দীঘলীয়া সময়ৰ বাবে অধিস্থিত হৈ থকা ৰাণী হিচাবে তেওঁ অভিলেখ গঢ়ি থৈ গৈছে। দ্বিতীয় এলিজাবেথক ১৯৫৩ চনত ২৫ বছৰ বয়সত ব্ৰিটেইনৰ ৰাণীৰ মুকুট পিন্ধোৱা হৈছিল।











FOLLOW US F
POPULAR
FEATURE
TRENDY
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ