--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ২৪ ঘণ্টাত এবাৰ, দুবাৰ, দহবাৰ, ৫০ বাৰ নহয় প্ৰায় ১০০ বাৰকৈ কঁপি উঠিল টাইৱানৰ ভূমি। আজি টাইৱানত পুনৰবাৰ ভূমিকম্পৰ প্ৰবল কঁপনি অনুভৱ কৰা হয়। ৰিখটাৰ স্কেলত ভূমিকম্পৰ পৰিমাণ ৭.২ আছিল। আচলতে টাইৱানৰ পৰা ৮৫ কিলোমিটাৰ পূবে নিশা প্ৰায় ১২:১৪ বজাত এই ভূমিকম্প অনুভৱ কৰা হৈছে। একে সময়তে জাপানে টাইৱানৰ উপকূলত ৭.২ ৰিখটাৰ স্কেলৰ ভূমিকম্পৰ পিছত ছুনামীৰ সতৰ্কবাণী জাৰি কৰিছে।

আমেৰিকাৰ ভূতাত্ত্বিক জৰীপে জাপানক ছুনামীৰ সতৰ্কবাণী জাৰি কৰিবলৈ বাধ্য কৰাইছে। সংবাদ মাধ্যমৰ খবৰ অনুসৰি যোৱা ২৪ ঘণ্টাত টাইৱানৰ বিভিন্ন প্ৰান্তত ১০০ বাৰকৈ ভূমিকম্পৰ কঁপনি অনুভৱ কৰা হৈছে। বহু ঠাইত বিস্তৰ ক্ষতি হৈছে বুলি জানিব পাৰি।

শনিবাৰেও ভূমিকম্পৰ প্ৰবল কম্পন অনুভৱ কৰা হয়। এই ভূমিকম্পৰ পৰিমাণ ৰিখটাৰ স্কেলত প্ৰায় ৬.৪। সংস্থাটোৱে জনোৱা মতে, ভূমিকম্পৰ ফলত কিছুমান ঘৰৰ ক্ষতিসাধন হোৱাৰ বিপৰীতে ৰে’ল সেৱাও ব্যাহত হৈছে।

বাতিল হ’ল তীব্ৰবেগী ৰে’ল সেৱা: সংস্থাটোৱে জনোৱা মতে, ভূমিকম্পৰ পাছত অঞ্চলটোত হুলস্থুলৰ সৃষ্টি হৈছে।সৌভাগ্যক্ৰমে এই ভূমিকম্পত কোনো লোক হতাহতি হোৱাৰ খবৰ পোৱা নগ’ল।  ভূমিকম্পৰ বাবে দক্ষিণ কাওছুং চহৰৰ মেট্ৰ’ ব্যৱস্থা দীৰ্ঘদিন ধৰি প্ৰভাৱিত হৈছিল। টাইৱান ৰে’ল প্ৰশাসনে হুয়ালিয়েন আৰু টাইটুং সংযোগী ৰে’লসমূহ সাময়িকভাৱে বন্ধ কৰি দিয়ে। ইয়াৰ লগতে হাই স্পীড ৰে’ল সেৱাও বাতিল কৰা হ’ল। এই ভূমিকম্পৰ কেন্দ্ৰবিন্দু টাইটুং কাউন্টিৰ উত্তৰত হোৱা বুলি জানিব পৰা গৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ