--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ২৪ ঘণ্টাত এবাৰ, দুবাৰ, দহবাৰ, ৫০ বাৰ নহয় প্ৰায় ১০০ বাৰকৈ কঁপি উঠিল টাইৱানৰ ভূমি। আজি টাইৱানত পুনৰবাৰ ভূমিকম্পৰ প্ৰবল কঁপনি অনুভৱ কৰা হয়। ৰিখটাৰ স্কেলত ভূমিকম্পৰ পৰিমাণ ৭.২ আছিল। আচলতে টাইৱানৰ পৰা ৮৫ কিলোমিটাৰ পূবে নিশা প্ৰায় ১২:১৪ বজাত এই ভূমিকম্প অনুভৱ কৰা হৈছে। একে সময়তে জাপানে টাইৱানৰ উপকূলত ৭.২ ৰিখটাৰ স্কেলৰ ভূমিকম্পৰ পিছত ছুনামীৰ সতৰ্কবাণী জাৰি কৰিছে।

আমেৰিকাৰ ভূতাত্ত্বিক জৰীপে জাপানক ছুনামীৰ সতৰ্কবাণী জাৰি কৰিবলৈ বাধ্য কৰাইছে। সংবাদ মাধ্যমৰ খবৰ অনুসৰি যোৱা ২৪ ঘণ্টাত টাইৱানৰ বিভিন্ন প্ৰান্তত ১০০ বাৰকৈ ভূমিকম্পৰ কঁপনি অনুভৱ কৰা হৈছে। বহু ঠাইত বিস্তৰ ক্ষতি হৈছে বুলি জানিব পাৰি।

শনিবাৰেও ভূমিকম্পৰ প্ৰবল কম্পন অনুভৱ কৰা হয়। এই ভূমিকম্পৰ পৰিমাণ ৰিখটাৰ স্কেলত প্ৰায় ৬.৪। সংস্থাটোৱে জনোৱা মতে, ভূমিকম্পৰ ফলত কিছুমান ঘৰৰ ক্ষতিসাধন হোৱাৰ বিপৰীতে ৰে’ল সেৱাও ব্যাহত হৈছে।

বাতিল হ’ল তীব্ৰবেগী ৰে’ল সেৱা: সংস্থাটোৱে জনোৱা মতে, ভূমিকম্পৰ পাছত অঞ্চলটোত হুলস্থুলৰ সৃষ্টি হৈছে।সৌভাগ্যক্ৰমে এই ভূমিকম্পত কোনো লোক হতাহতি হোৱাৰ খবৰ পোৱা নগ’ল।  ভূমিকম্পৰ বাবে দক্ষিণ কাওছুং চহৰৰ মেট্ৰ’ ব্যৱস্থা দীৰ্ঘদিন ধৰি প্ৰভাৱিত হৈছিল। টাইৱান ৰে’ল প্ৰশাসনে হুয়ালিয়েন আৰু টাইটুং সংযোগী ৰে’লসমূহ সাময়িকভাৱে বন্ধ কৰি দিয়ে। ইয়াৰ লগতে হাই স্পীড ৰে’ল সেৱাও বাতিল কৰা হ’ল। এই ভূমিকম্পৰ কেন্দ্ৰবিন্দু টাইটুং কাউন্টিৰ উত্তৰত হোৱা বুলি জানিব পৰা গৈছে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়া কাপ ক্রিকেট প্রতিযোগিতাক লৈ অনিশ্চয়তাৰ সৃষ্টি
গুগল, মেটালৈ জাননী জাৰি কৰিলে ই ডিয়ে
অসম চৰকাৰৰ বিৰুদ্ধে মমতাৰ জেহাদ, মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিবাদ
মহিলাসকলে ৪০ বছৰৰ পাছত এইবোৰ খাদ্য খাবলৈ আৰম্ভ কৰক
ৰাছিয়াৰ তেল উদ্যোগৰ বিৰুদ্ধে নতুন নিষেধাজ্ঞা ই ইউৰ
ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু এজন আৰক্ষী জোৱানৰ
নাছাৰ দুই সহস্রাধিক কৰ্মচাৰীক চাটাই কৰিব ট্রাম্পে
ধোঁৱাচাঙত ৰাজ্যৰ জলসিঞ্চন বিভাগ ; কামপুৰত বতৰৰ ওপৰত নিৰ্ভৰশীল কৃষকে ৰুব পৰা নাই ভূঁই
পাকিস্তানক সহায়ৰ বাবে আগবাঢ়িছে ভাৰতৰ বন্ধু ৰাষ্ট্ৰ! ঐতিহাসিক চুক্তিত স্বাক্ষৰ...
অখিল গগৈৰ বিৰুদ্ধে মহিলা আয়োগত অভিযোগ দাখিল লাকী গগৈ নামৰ এগৰাকী মহিলাৰ
ঋষভ পন্তে ভংগ কৰিলে এম এছ ধোনীৰ অভিলেখ
৮৭ কোটি টকাত বিক্ৰী হ’ল এটা হেণ্ডবেগ! জানো আহক এই বেগৰ ৰহস্য
কোটিৰ ঘৰৰ পৰা কোটিৰ বাহনলৈ! জানক অনন্ত আম্বানীৰ বিলাসীতাৰ কথা
শুভাংশু শুক্লাৰ ওভতনি যাত্ৰা ; আজি পৃথিৱীত পদার্পণ কৰিব শুভাংশু শুক্লাই