--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ অভিনেত্ৰী কৰীণা কাপুৰক ছ'চিয়েল মিডিয়াত সক্ৰিয় থকা দেখা যায়। কৰীণাই তেওঁৰ ফটো বা ভিডিঅ' প্ৰায়ে ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰে। শেহতীয়াকৈ কৰীণাই অভিনেতা আমিৰ খানৰ সৈতে নিজৰ এটা থ্ৰোবেক ভিডিঅ' তেওঁৰ ইনষ্টাগ্ৰাম হেণ্ডেলত শ্বেয়াৰ কৰিছে। ভিডিঅ'টোত দেখা গৈছে যে আমিৰে মধ্য প্ৰদেশৰ স্থানীয় শিপিনীসকলৰ পৰা এখন শাৰী কিনি আছে। এই ভিডিঅ'টোত আমিৰ খানে কোৱা শুনা যায় যে তেওঁ কৰীণাক শাৰী এখন উপহাৰ দিব বিচাৰে। শাৰীখনৰ দাম আছিল ৬,৫০০ টকা। কিন্তু আমিৰে শিপিনীগৰাকীক ২৫,০০০ টকা দি শাৰীখন ক্ৰয় কৰে। আমিৰে কৈছিল যে এই শাৰীখনৰ বজাৰমূল্য প্ৰায় ২৫,০০০ টকা হ'ব। আমিৰে থলুৱা শিপিনীসকলক উৎসাহ যোগাবলৈ প্ৰকৃত মূল্যতকৈ ৪ গুণ অধিক দাম দি শাৰীখন ক্ৰয় কৰিছিল। কৰীণাই ভিডিঅ'টোৰ শিৰোনাম দিছিল 'মৰমৰ স্মৃতি'। লিংকটো ক্লিক কৰি চাওক ভিডিঅ'টো https://www.instagram.com/p/CY8Ic0Rpnmx/?utm_source=ig_embed&utm_campaign=embed_video_watch_again   কৰীণাৰ এই ভিডিঅটটো অনুৰাগীসকলে খুব পচন্দ কৰিছে। আৰু বহু লোকেই শ্বেয়াৰ কৰিছে। উল্লেখ্য যে আমিৰ খান আৰু কৰীণা কাপুৰক সোনকালেই তেওঁলোকৰ আহিবলগীয়া ছবি 'লাল সিং চাড্ডা'ত একেলগে দেখা যাব। অদ্বৈত চন্দনৰ দ্বাৰা পৰিচালিত এই চলচ্চিত্ৰখন টম হেংকছ অভিনীত ফৰেষ্ট গাম্পৰ হিন্দী অভিযোজন। ছবিখনৰ মুক্তিৰ তাৰিখ কেইবাবাৰো সলনি কৰা হৈছে। চলচ্চিত্ৰখন চলিত বৰ্ষৰ ১৪ এপ্ৰিলত ছবিগৃহত মুক্তি পাবলৈ সাজু হৈছে। কৰীণা কাপুৰে কয় যে, "আমিৰ আৰু মই '৩ ইডিয়টছ' আৰু 'তলাশ'ৰ পাছত একেলগে আহিবলৈ অত্যন্ত উৎসাহিত। এয়া আমাৰ বাবে অতি বিশেষ আৰু আমি বহুত কঠোৰ পৰিশ্ৰম কৰিছো। বিশেষকৈ আমিৰ খানে যথেষ্ট কষ্ট কৰিছে। এই চিনেমাখনৰ স্ক্ৰিপ্ট অতি চমৎকাৰ আৰু মই আশা কৰিছো যে চিনেমাখন সকলোৱে উপভোগ কৰি ভাল পাব।'' আৰু পঢ়কঃ উত্তৰাখণ্ড নিৰ্বাচনঃ বলীউডৰ জনপ্ৰিয় গায়ক জুবিন নটিয়ালৰ পিতৃক বিজেপিৰ পৰা টিকট  

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু