--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ অভিনেত্ৰী কৰীণা কাপুৰক ছ'চিয়েল মিডিয়াত সক্ৰিয় থকা দেখা যায়। কৰীণাই তেওঁৰ ফটো বা ভিডিঅ' প্ৰায়ে ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰে। শেহতীয়াকৈ কৰীণাই অভিনেতা আমিৰ খানৰ সৈতে নিজৰ এটা থ্ৰোবেক ভিডিঅ' তেওঁৰ ইনষ্টাগ্ৰাম হেণ্ডেলত শ্বেয়াৰ কৰিছে। ভিডিঅ'টোত দেখা গৈছে যে আমিৰে মধ্য প্ৰদেশৰ স্থানীয় শিপিনীসকলৰ পৰা এখন শাৰী কিনি আছে। এই ভিডিঅ'টোত আমিৰ খানে কোৱা শুনা যায় যে তেওঁ কৰীণাক শাৰী এখন উপহাৰ দিব বিচাৰে। শাৰীখনৰ দাম আছিল ৬,৫০০ টকা। কিন্তু আমিৰে শিপিনীগৰাকীক ২৫,০০০ টকা দি শাৰীখন ক্ৰয় কৰে। আমিৰে কৈছিল যে এই শাৰীখনৰ বজাৰমূল্য প্ৰায় ২৫,০০০ টকা হ'ব। আমিৰে থলুৱা শিপিনীসকলক উৎসাহ যোগাবলৈ প্ৰকৃত মূল্যতকৈ ৪ গুণ অধিক দাম দি শাৰীখন ক্ৰয় কৰিছিল। কৰীণাই ভিডিঅ'টোৰ শিৰোনাম দিছিল 'মৰমৰ স্মৃতি'। লিংকটো ক্লিক কৰি চাওক ভিডিঅ'টো https://www.instagram.com/p/CY8Ic0Rpnmx/?utm_source=ig_embed&utm_campaign=embed_video_watch_again   কৰীণাৰ এই ভিডিঅটটো অনুৰাগীসকলে খুব পচন্দ কৰিছে। আৰু বহু লোকেই শ্বেয়াৰ কৰিছে। উল্লেখ্য যে আমিৰ খান আৰু কৰীণা কাপুৰক সোনকালেই তেওঁলোকৰ আহিবলগীয়া ছবি 'লাল সিং চাড্ডা'ত একেলগে দেখা যাব। অদ্বৈত চন্দনৰ দ্বাৰা পৰিচালিত এই চলচ্চিত্ৰখন টম হেংকছ অভিনীত ফৰেষ্ট গাম্পৰ হিন্দী অভিযোজন। ছবিখনৰ মুক্তিৰ তাৰিখ কেইবাবাৰো সলনি কৰা হৈছে। চলচ্চিত্ৰখন চলিত বৰ্ষৰ ১৪ এপ্ৰিলত ছবিগৃহত মুক্তি পাবলৈ সাজু হৈছে। কৰীণা কাপুৰে কয় যে, "আমিৰ আৰু মই '৩ ইডিয়টছ' আৰু 'তলাশ'ৰ পাছত একেলগে আহিবলৈ অত্যন্ত উৎসাহিত। এয়া আমাৰ বাবে অতি বিশেষ আৰু আমি বহুত কঠোৰ পৰিশ্ৰম কৰিছো। বিশেষকৈ আমিৰ খানে যথেষ্ট কষ্ট কৰিছে। এই চিনেমাখনৰ স্ক্ৰিপ্ট অতি চমৎকাৰ আৰু মই আশা কৰিছো যে চিনেমাখন সকলোৱে উপভোগ কৰি ভাল পাব।'' আৰু পঢ়কঃ উত্তৰাখণ্ড নিৰ্বাচনঃ বলীউডৰ জনপ্ৰিয় গায়ক জুবিন নটিয়ালৰ পিতৃক বিজেপিৰ পৰা টিকট  

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ