--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ক্ৰমাৎ এক অসহিষ্ণু আৰু বিদ্বেষ তথা ঘৃণাৰ এক পৰিস্থিতিয়ে গ্ৰাস কৰিব ধৰিছে ভাৰতৰ সমাজ ব্যৱস্থাক। সম্প্ৰদায় সমূহৰ মাজত বাঢ়ি অহা পাৰস্পৰিক ঘৃণা আৰু বিদ্বেষপূৰ্ণ এনে পৰিৱেশে দেশক এক উদ্বেগজনক পৰিস্থিতিৰ ফালে লাহে লাহে ঠেলি নিছে। এনে পৰিস্থিতিয়ে ক্ৰমশ: বৃদ্ধি কৰিছে সাম্প্ৰদায়িক সংঘৰ্ষৰ আশংকা। এনে এক আশংকাই আজি প্ৰায় বাস্তৱায়িত হোৱাৰ দিশে গতি কৰিছিল গুজৰাটৰ কচ্ছ জিলাৰ ভুজত। ভুজত আজি সংঘটিত হোৱা এক হত্যাকাণ্ডক কেন্দ্ৰ কৰি সাম্প্ৰদায়িক সংঘৰ্ষৰ দৰে উদ্বেগজনক ঘটনা সংঘটিত হোৱাৰ উকমুকনি আৰম্ভ হৈছিল।

প্ৰকাশিত খবৰ অনুসৰি ভুজৰ এজন স্থানীয় লোকৰ হত্যাক কেন্দ্ৰ কৰি অঞ্চলটোত বসবাস কৰা হিন্দু আৰু মুছলমান ধৰ্মাৱলম্বী লোকসকলৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত হয়। জানিব পৰা মতে ভুজৰ মাধপুৰ অঞ্চলত গাখীৰ বিক্ৰী কৰা এজন যুৱকক দুৰ্বৃত্তই ছুৰীকাঘাত কৰি হত্যা কৰিছিল।এই হত্যাকাণ্ডৰ খবৰ প্ৰচাৰ হোৱাৰ পিছতে স্থানীয় কিছু উন্মাদ লোকে ৰাজপথলৈ ওলাই আহি এটা মছজিদৰ লগতে কেইবাখনো দোকান ভাঙি চুৰমাৰ কৰে।

এনে উন্মাদনাৰ পাছতে মুখামুখি সংঘৰ্ষত লিপ্ত হয় দুয়োটা সম্প্ৰদায়ৰ লোকসকল। পৰিস্থিতিয়ে ক্ৰমাৎ উত্তপ্ত ৰূপ লোৱাৰ সময়তে ভুজ আৰক্ষীয়ে এই বিষয়ে অৱগত হয় আৰু লগে লগে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে তৎকালীনভাৱে জেষ্ঠ বিষয়াসহ বৃহৎ সংখ্যক আৰক্ষী কৰ্মী ঘটনাস্থলীত মোতায়েন কৰে।

আৰক্ষীৰ উপস্থিতিৰ পিছতে অৱশ্যে এনে উদ্বেগজনক পৰিস্থিতিৰ শাম কাটে আৰু দুয়োটা সম্প্ৰদায়ৰ লোক ঘটনাস্থলীৰ পৰা আঁতৰি যায়। ঘটনাস্থলীত থকা এগৰাকী জেষ্ঠ আৰক্ষী বিষয়াই জানিবলৈ দিয়া মতে আৰক্ষী বাহিনীৰ দলটো ঘটনাস্থলীত উপস্থিত হোৱাৰ পিছতে পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে। অঞ্চলটোৰ সকলো লোককে শান্তি বজাই ৰাখিবলৈ আৰু ভুৱা বাতৰি তথা ভুল তথ্যত ভোল নাযাবলৈ আৰক্ষীৰ দ্বাৰা আহ্বান জনোৱা হৈছে বুলিও তেওঁ লগতে কয়।

ঘটনাস্থলীত বৰ্তমান যদিও পুনৰ শান্তি ঘূৰি আহিছে, তথাপিও নিৰাপত্তাজনিত কাৰণত আৰক্ষীৰ এটা ঘটনাস্থলীতে টহল দি আছে বুলি জানিব পৰা গৈছে। আনহাতে সাম্প্ৰদায়িক উত্তেজনাৰ পৰিপ্ৰেক্ষিতত আৰক্ষীয়ে দুয়োটা সম্প্ৰদায়ে দাখিল কৰা অভিযোগৰ আধাৰত গোচৰ ৰুজু কৰিছে। ঘটনা সন্দৰ্ভত বৰ্তমান অনুসন্ধান আৰম্ভ কৰা হৈছে বুলি এগৰাকী আৰক্ষী বিষয়াই জানিবলৈ দিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ সিদ্ধান্ত; শৈক্ষিক দিনপঞ্জীৰ ‘থীম’ হ’ব জুবিন গাৰ্গ
বিশ্ব কাপত ইৰানৰ সলনি ইটালি!
তামুলপুৰত ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত বিহু হুঁচৰি দল; থিতাতে নিহত নাচনী নিশামণি হালৈ; ৫জনৰ অৱস্থা সংকটজনক
EDৰ তালাচীত হস্তক্ষেপ কৰা মমতা বেনার্জীক ভর্ৎসনা উচ্চতম ন্যায়ালয়ৰ
গুৱাহাটীত অঘটন! উবেৰত গৈ থকা অৱস্থাত নিৰুদ্দিষ্ট শিক্ষয়িত্ৰী
পুনৰ মহানগৰীৰ স্মাৰ্ট আৰক্ষীক চেলেঞ্জ চোৰৰ
পথত কনভয় ৰখাই ঝালমুড়ীৰ সোৱাদ ল'লে প্রধানমন্ত্রীয়ে
দুলীয়াজানত ১৫,৯৯৯ মহিলাই বিয়ানামেৰে গঢ়িলে বিশ্ব অভিলেখ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
পুৱা সাৰ পোৱাৰ লগে লগে গোৰোহাৰ বিষ হয় নেকি? ই কি ৰোগৰ ইংগিত?
জম্মু-কাশ্মীৰৰ লাডাখত শ্বহীদ অসমৰ বীৰ জোৱান ৰমেন বৰুৱা
ডিউক বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ নতুন তথ্য; ম'বাইল এৰি দুঘণ্টা শান্তিত কটালে বৃদ্ধি হয় স্মৃতিশক্তি
প্ৰাক্তন ফুটবলাৰ গৌতম দত্তৰ দেহাৱসান