--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃআজি টি-২০ বিশ্বকাপৰ প্ৰথমখন খেলত পাকিস্তানৰ বিৰুদ্ধে খেলপথাৰত নামিব  ভাৰত। আজি দিনৰ ১.৩০ বজাত মেলবৰ্ণত আৰম্ভ হ'বলগীয়া খেল খনৰ প্ৰকামুহূৰ্তত যথেষ্ট আবেগিক হৈ পৰিছে ভাৰতীয় দলৰ উইকেট কিপাৰ দীনেশ কাৰ্তিক। ভাৰতৰ উইকেটকিপাৰ দিনেশ কাৰ্তিকে পাকিস্তানৰ বিৰুদ্ধে টি-২০ বিশ্বকাপৰ প্ৰথমখন খেলত খেলাৰ আগতে নিজৰ আৱেগ যেন ধৰি ৰাখিব পৰা নাই। তেওঁ আজিৰ দিনটোতে যেন ক্ৰিকেট জগতত নিজৰ সংগ্ৰামৰ কথা মনত পেলাইছে। কাৰ্তিকে দলৰ অধিনায়ক ৰোহিত শৰ্মাক তেওঁৰ ওপৰত বিশ্বাস ৰখাৰ বাবে ধন্যবাদ জনাইছে।

কাৰ্তিকে ইনষ্টাগ্ৰামত নিজৰ বিষয়ে লিখিছে আৰু কৈছে যে ৰোহিতে সদায় তেওঁক বিশ্বাস কৰি আহিছে। কাৰ্তিকে লিখিছে, "এজন ব্যক্তিয়ে মোৰ  সকলো উত্থান-পতন দেখিছে। তেওঁলোকে মোক বিশ্বাস কৰে। মোক বিশ্বাস কৰিবলৈ শিকাইছিল যে এটা অন্ধকাৰ গুহাৰ শেষত পোহৰ দেখা যায়। তেওঁৰ নাম ৰোহিত শৰ্মা। মই সদায় তেওঁৰ প্ৰতি কৃতজ্ঞ। ''কাৰ্তিকক যোৱা কেইটামান শৃংখলাত ভাৰতীয় দলত ফিনিচাৰৰ ভূমিকাত দেখা গৈছে। ঋষভ পন্ত থকা স্বত্বেও ৰোহিতে কাৰ্তিকৰ সৈতে খেলিছে। বিশ্বকাপৰ আগতে, কাৰ্তিকে কৈছিল যে কাৰ্তিক তেওঁৰ দলৰ ফিনিচাৰ। ৰোহিতৰ বিশ্বাসে কাৰ্তিকক আত্মবিশ্বাসী কৰি তুলিছে । গতিকে তেওঁ দলটোৰ অধিনায়কক ধন্যবাদ জনাইছে।

কেৱল ৰোহিত নহয়, কাৰ্তিক আন এজন সতীৰ্থৰ প্ৰতিও কৃতজ্ঞ। তেওঁ হৈছে অভিষেক নায়াৰ। নায়াৰে কাৰ্তিকৰ ওপৰত পূৰ্ণ  বিশ্বাস ৰাখিছে। কাৰ্তিকে অৱসৰ ল'ব বুলি আলোচনা চলি থকাৰ মাজতোনায়াৰে কাৰ্তিকে খেলি যাব বুলিয়েই কৈ আহিছিল।  কাৰ্তিকে নায়াৰৰ শিবিৰত দীৰ্ঘদিন ধৰি প্ৰশিক্ষণ লৈ আছে। নায়াৰে আনকি কাৰ্তিকক আই পি এলত কলকাতা নাইট ৰাইডাৰ্ছৰ অধিনায়ক পদত অধিষ্ঠিত কৰাত এটা ডাঙৰ ভূমিকা পালন কৰিছিল। নায়াৰক ধন্যবাদ জনাই কাৰ্তিকে লিখিছে "যিজনৰ বাবে গোটেই বিষয়টো সম্ভৱ হৈছে, যিজনে মোক প্ৰতিটো মুহূৰ্তত  পিছফালৰ পৰা সহায় কৰিছে, যিয়ে মোৰ ওপৰত বিশ্বাস দেখুৱাইছে, তেওঁ হৈছে অভিষেক নায়াৰ। তেওঁকো ধন্যবাদ। ''
কাৰ্তিকে আই পি এলত মুম্বাই ইণ্ডিয়ানছৰ হৈ খেলি থাকোতে অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অধিনায়ক ৰিকি পন্টিঙক প্ৰশিক্ষক হিচাপে ৰাখিছিল। কেইদিনমান আগতে পন্টিঙে কাৰ্তিকক এইবাৰ বিশ্বকাপৰ অন্যতম শ্ৰেষ্ঠ ফিনিচাৰ বুলি অভিহিত কৰিছিল। কাৰ্তিকে পন্টিঙকো ধন্যবাদ জনাইছে।

কাৰ্তিকে ২০২২ চনত ২৪ খন খেলত ২৭৩ ৰাণ সংগ্ৰহ কৰিছে। ষ্ট্ৰাইক ৰেট ১৫০ তকৈও অধিক।  এইবাৰৰ টি-২০ বিশ্বকাপত তেওঁৰ কান্ধত গধুৰ  দায়িত্ব আছে। তেওঁ সেই দায়িত্ব চম্ভালিবলৈ সাজু। সেয়ে সকলো কথা মনত পেলাই  পাকিস্তানৰ বিৰুদ্ধে খেলিবলৈ যোৱাৰ আগতে তেওঁ অলপ আৱেগিক হৈ পৰিছে। উল্লেখ্য আজিৰ খেল খনত ভাৰতীয় দলৰ নেতৃত্ব দিব ৰোহিত শৰ্মাই।  প্ৰতিযোগিতাখনত ভাৰতৰ অধিনায়ক ৰোহিত শৰ্মাৰ লগতে   বাবৰ আজম পাকিস্তানৰ অধিনায়ক। দুয়োটা দলে আজি আইচিচি টি-২০ বিশ্বকাপ ২০২২ ৰ উদ্বোধনী খেলখন খেলিব।  আজিৰ খেল খনত ভাৰতীয় দলৰ খেলুৱৈসকল হ'ল ক্ৰমে —ৰোহিত শৰ্মা (অধিনায়ক), কে এল ৰাহুল, বিৰাট কোহলী, সূৰ্যকুমাৰ যাদৱ, দীপক হুডা, ঋষভ পন্ত, দিনেশ কাৰ্তিক, হাৰ্দিক পাণ্ডিয়া, আৰ অশ্বিন, যুজবেন্দ্ৰ চাহাল, অক্সাৰ পেটেল, ভুৱনেশ্বৰ কুমাৰ, হৰ্ষল পেটেল, অৰ্শদীপ সিং, মহম্মদ ছামী। ষ্টেণ্ডবাই খেলুৱৈ: শ্ৰেয়াছ আয়াৰ, ৰবি বিষ্ণোই, শাৰ্দুল ঠাকুৰ, মহম্মদ চিৰাজ। 

আনহাতে পাকিস্তান দলৰ খেলুৱৈসকল হ'ল ক্ৰমে পাকিস্তানঃ বাবৰ আজম (অধিনায়ক), শাদাব খান, আচিফ আলী, হায়দৰ আলী, হাৰিছ ৰউফ, ইফতিখাৰ আহমেদ, খুশদিল শ্বাহ, মহম্মদ হাছনাইন, মহম্মদ নৱাজ, মহম্মদ ৰিজৱান, মহম্মদ ৱাছিম, নাছিম শ্বাহ, শ্বাহিন শ্বাহ আফ্ৰিদী, শান মাছুদ, উসমান কাদিৰ। ষ্টেণ্ডবাই খেলুৱৈঃ ফখৰ জামান, মহম্মদ হাৰিছ, শ্বাহনাৱাজ দাহানী।

FOLLOW US F
POPULAR
FEATURE
TRENDY
টী-২০ মহিলা বিশ্বকাপ ২০২৬ ; বিচিচিআইএ ঘোষণা কৰিলে ভাৰতীয় দল
গংগা এক্সপ্ৰেছৱেত হাই-টেক সুৰক্ষা ব্যৱস্থা: এতিয়াৰ পৰা গাড়ী চলাওতে টোপনি আহিলে চালকক কৰিব সতৰ্ক
অসম মেঘালয় সীমান্তৰ ফুলবাৰীৰ গোমাইঝোৰাত ভয়ংকৰ পথ দূৰ্ঘটনা: থিতাতে মৃত্যু এজন বৃদ্ধাৰ
"Women Who Rally" লিডাৰশ্বিপ কোহৰ্টত স্থান লাভ গুৱাহাটীৰ নাজনীন ৰহমানৰ
ৰোহিত জৈনক ৰিজাৰ্ভ বেংকৰ নতুন ডেপুটি গভৰ্ণৰ হিচাপে নিযুক্তি
পৰিয়ালত প্ৰেমিকৰ সৈতে বিয়াৰ দাবী; মোবাইল টাৱাৰত উঠিল কিশোৰী
খুতুৰা শাকৰ আছে বহু উপকাৰী গুণ; সুস্বাস্থ্য গঢ়াত কৰে সহায়
ভাৰতক ‘নৰকৰ দুৱাৰ’ আখ্যা ট্রাম্পৰ
মহানগৰীত দুটাকৈ ভয়ংকৰ পথ দুৰ্ঘটনা; ৩যুৱতীৰ নিহত, ৩যুৱক আহত
আমেৰিকা অভিমুখে যাত্রা ড° হেমচন্দ্র গোস্বামীৰ, মাজুলীৰ চামগুৰি সত্ৰৰ মুখালৈ আন্তঃৰাষ্ট্ৰীয় সমাদৰ
ইনষ্টাগ্ৰামত লাখে লাখে কমিল ৰাঘৱ চাদ্ধাৰ অনুৰাগী
ড° অশোক কুমাৰ লাহিড়ীক নিটি আয়োগৰ উপাধ্যক্ষৰূপে নিয়োগ
AIয়ে দিব বানপানীৰ আগজাননী
দিল্লীত ভয়ংকৰ পথ দুৰ্ঘটনা: তীব্ৰবেগী বাহনৰ খুন্দাত ৪ যুৱকৰ কৰুণ মৃত্যু