--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ কাইলৈ দেওবাৰ। পুনৰ ভাৰত-পাকিস্তানৰ মহাৰণ। অষ্ট্ৰেলিয়াত অনুষ্ঠিত হোৱা টি২০ বিশ্বকাপত কাইলৈ অভিযান আৰম্ভ কৰিব ৰোহিত শৰ্মা নেতৃত্বাধীন ভাৰতে। সমুখত বাবৰ আজম নেতৃত্বাধীন চিৰবৈৰী পাকিস্তান।

মেলব’ৰ্ণ ক্ৰিকেট গ্ৰাউণ্ডত হ’ব লগা খেলখনৰ প্ৰাকমুহূৰ্তত ক্ৰিকেটপ্ৰেমীসকলৰ মাজত তীব্ৰ উৎকণ্ঠা বিৰাজ কৰিছে। মেচখনত কোন কোনে খেলিব সেই লৈও জল্পনা-কল্পনা চলিছে।

উল্লেখ্য যে বৰ্তমান আঘাটৰ বাবে খেলপথাৰত বাহিৰত থাকিবলগা হোৱা পাকিস্তানৰ নিৰ্ভৰযোগ্য অপেনিং বেটাৰ ফখৰ জামানে মেচখনত নেখেলে বুলি অধিনায়ক বাবৰে ইতিমধ্যে জনাইছে। এইখিনিতে চাও আহক ভাৰতৰ বিৰুদ্ধে খেলিব লগা পাকিস্তানৰ সম্ভাব্য এঘাৰজনীয়া দলটোৰ খেলুৱৈসকলৰ বিষয়ে।

 

বাবৰ আজমঃ খেলখনত অধিনায়ক বাবৰৰ ভূমিকা উল্লেখযোগ্য হ’ব। শেহতীয়াকৈ এছিয়া কাপত দুৰ্বল ফৰ্ম প্ৰদৰ্শন কৰিলেও ভাৰতীয় বলাৰসকলৰ বাবে সদায়েই ভাবুকিস্বৰূপ হৈ আহিছে সাম্প্ৰতিক সময়ৰ অন্যতম শ্ৰেষ্ঠ ক্ৰিকেট তাৰকাগৰাকী।

মহম্মদ ৰিঝৱানঃ উইকেটকীপাৰ বেটাৰ ৰিঝৱান বৰ্তমান আইচিচি টি২০ ৰেংকিঙৰ শীৰ্ষত থকা বেটাৰ। যোৱা দুবছৰ ধৰি ৰিঝৱানে সুন্দৰ প্ৰদৰ্শন আগবঢ়াইছে। সেয়ে দেওবাৰে হ’বলগা খেলখনত ৰিঝৱান ভাৰতীয় বলাৰৰ বাবে ভাবুকিস্বৰূপ হৈ পৰাৰ সম্ভাৱনা আছে।

ছান মাছুদঃ যোৱা মাহত মাছুদে মাৰমুখী বেটিঙেৰে সকলোৰে দৃষ্টিনিৱদ্ধ কৰিছিল। সেয়ে ভাৰতীয় বলাৰৰ বিৰুদ্ধে মাছুদও মাৰমুখী বেটিং শৈলী প্ৰদৰ্শন কৰিব বুলি ধাৰণা কৰা হৈছে।

আছিফ আলিঃ অতিকৈ চৰ্চিত এই বিশেষজ্ঞ বেটাৰগৰাকীয়ে জটিল মুহূৰ্তত দলক আগুৱাই নিয়াৰ উদাহৰণ আছে। কিন্তু এতিয়ালৈকে কোনো উল্লেখযোগ্য ইনিংছ খেলা নাই। দেওবাৰৰ মেচখনত সেয়ে তেওঁ সুন্দৰ প্ৰদৰ্শন আগবঢ়াবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে।

ইফটিকাৰ আহমেদঃ দলত ইফটিকাৰক অন্তৰ্ভূক্ত কৰাক লৈ শেহতীয়াকৈ ক্ৰিকেট মহলত ব্যাপক চৰ্চা চলা দেখা যায়। এতিয়ালৈকে তেওঁ দলৰ হৈ কিছু আকৰ্ষণীয় বৰঙনি আগবঢ়াইছে, সেয়ে ভাৰতীয় বলাৰৰ বাবে এওঁৱো ভাবুকিস্বৰূপ হৈ উঠিব পাৰে।

মহম্মদ নাৱাজঃ বলিঙৰ ক্ষেত্ৰত নাৱাজে শেহতীয়াকৈ সুন্দৰ ফৰ্মত আছে। বলিঙৰ উপৰিও এওঁ সুযোগ পালে বেটিঙতো সুন্দৰ প্ৰদৰ্শন আগবঢ়ায়।

ছাদাব খানঃ পাকিস্তানৰ উপ অধিনায়ক ছাদাব খান দলটোৰ মুখ্য স্পীনাৰ। লেগ স্পীনৰ উপৰিও এওঁ বেটিঙতো আকৰ্ষণীয় খেল প্ৰদৰ্শন কৰি আহিছে।

মহম্মদ ৱাছিম জুনিয়ৰঃ ভাৰতৰ বিৰুদ্ধে পাকিস্তানে খেলাব লগা ফাষ্ট বলাৰসকলৰ ভিতৰত ৱাছিমৰ নামো অন্তৰ্ভূক্ত আছে। ফাষ্ট বলিঙৰ বাবে ইতিমধ্যে ৱাছিমে অশেষ খ্যাতি অৰ্জন কৰিছে।

শ্বাহীন আফ্ৰিদিঃ বৰ্তমান পাকিস্তানৰ মূলতঃ দুটাকৈ অস্ত্ৰ আছে। সেয়া হৈছে বাবৰ আজম আৰু শ্বাহিন আফ্ৰিদি। দূৰ্দান্ত গতিত বল কৰাৰ বাবে বিখ্যাত এই ফাষ্ট বলাৰগৰাকীয়ে দুমাহ ধৰি আঘাটৰ বাবে খেলপথাৰৰ বাহিৰত আছিল।

হাৰিছ ৰৌফঃ ডে’থ অভাৰসমূহত ৰৌফৰ বলিং পাকিস্তানৰ অন্যতম শক্তি। পাকিস্তানৰ অন্যতম আগশাৰীৰ ফাষ্ট বলাৰ ৰৌফে ভাৰতৰ বিৰুদ্ধে ভয়ংকৰ ত্ৰাসৰ সৃষ্টি কৰাৰ সম্ভাৱনা আছে।

নাছিম শ্বাহঃ এচিয়া কাপত নাছিম শ্বাহে উল্লেখযোগ্য বৰঙনি আগবঢ়াইছিল। ফাষ্টবলাৰগৰাকীক শেহতীয়াকৈ তেওঁৰ বলিঙৰ বাবে ব্যাপক চৰ্চা কৰা হৈছে। অনুমান কৰা হৈছে যে ভাৰতৰ বিৰুদ্ধে পাকিস্তানৰ অন্যতম অস্ত্ৰ হ’ব এই নৱাগত ফাষ্টবলাৰগৰাকী।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক