--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ পাকিস্তানৰ বিৰুদ্ধে আজি ৰোমাঞ্চকৰ বিজয়সাব্যষ্ট কৰি টি২০ বিশ্বকাপত অভিযান আৰম্ভ কৰে ভাৰতে। এই জয়ৰ মূলতে বিৰাট কোহলীৰ অনবদ্য প্ৰদৰ্শন।

পাকিস্তানে প্ৰথম ইনিংছত বান্ধিয়া ১৬০ ৰাণৰ লক্ষ্য লৈ ভাৰতে প্রথমৰে পৰা উজুটি খাব ধৰিছিল। ৬ অভাৰত মাত্ৰ ৩১ ৰাণতে হেৰুৱাইছিল ৪টাকৈ উইকেট। ব্যৰ্থ হয় অধিনায়ক ৰোহিত, কেএল ৰাহুল, অক্ষৰ পেটেল। আশানুৰূপ প্ৰদৰ্শন আগবঢ়োৱা নোৱাৰিলে সূৰ্যকুমাৰ যাদৱেও।

কিন্তু তাচপাতৰ দৰে খহি পৰা ভাৰতৰ বেটিং ক্ৰমক ভাৰসাম্য অৱস্থালৈ আনে বিৰাট কোহলীয়ে। প্ৰথমে ধীৰে-সুস্থিৰে নিজৰ ইনিংছ আৰম্ভ কৰা কোহলীয়ে অৰ্ধশতকৰ ওচৰ চপাৰ লগে লগে মাৰমুখী ৰূপ লয়। মেচখনত বিৰাট কোহলীয়ে ৫৩ টা বলত ৮২ ৰাণ কৰে।

ভাৰতৰ ইনিংছক ভাৰসাম্য দিয়াৰ ক্ষেত্ৰত কোহলীক সহযোগ আগবঢ়ায় হাৰ্ডিক পাণ্ডিয়াই। পাণ্ডিয়াই ৩৭টা বলত ৪০ ৰাণ কৰে। কিন্তু ডেথ অভাৰকেইটাত মাৰমুখি বেটিং শৈলী প্ৰদৰ্শন কৰিবলৈ সম্যৰ্থ নহ’ল পাণ্ডিয়া।

শেষৰ অভাৰত ভাৰতক প্ৰয়োজন হয় ১৫ ৰাণৰ। কিন্তু মেহমুদ নাৱাজে দিয়া ডে’থ অভাৰটোৰ প্ৰথম বলতে পাণ্ডিয়া আউট হয়।

ক্ৰমশঃ শ্বাহৰুদ্ধকৰ হৈ পৰা মেচখনত পাণ্ডিয়াৰ পাছত আহে দীনেশ কাৰ্তিক। কিন্তু দীনেশ কাৰ্তিকেও নাৱাজৰ বলত ডাঙৰ শ্বট খেলিবলৈ সক্ষম নহ’ল।

কিন্তু অভাৰটোৰ ৩ নম্বৰ বলটোৰ পৰা খেলখন ভাৰতৰ পক্ষলৈ আহে। ৩ নম্বৰ বলটো ন ব’ল হয়। ন ব’লটোত কোহলীয়ে এটা তীব্ৰ ছিক্স মাৰে। ফলত শেষৰ অভাৰৰ তিনিটা বলত ভাৰতক প্ৰয়োজন হয় ছয় ৰাণৰ। তদুপৰি কোহলীয়ে পায় এটা ফ্ৰী হিট।

ফ্ৰী হিট বলটোত নাৱাজে কোহলীক ক্লীন ব’ল্ড কৰে কিন্তু ফ্ৰী হিট বাবে কোহলী আউট নহ’ল। ষ্টাম্প ভাঙি বলটো থাৰ্ড মেনৰ ফালে যায়। হতভম্ব হৈ পৰে পাকিস্তানৰ ফিল্ডাৰসকল। সুযোগতে ৩ ৰাণ সংগ্ৰহ কৰে দীনেশ কাৰ্তিক আৰু কোহলীয়ে।

শেষৰ দুটা বলত ভাৰতক প্ৰয়োজন হয় দুই ৰাণৰ। কিন্তু পঞ্চমটো বলত দীনেশ কাৰ্তিকক পাকিস্তানৰ উইকেট কীপাৰ মহম্মদ ৰিঝৱানে ৰাণ আউট কৰে। ফলত মেচখন অধিক শ্বাহৰুদ্ধকৰ হৈ পৰে। এটা বলত প্ৰয়োজন হয় দুই ৰাণৰ।

দীনেশ কাৰ্তিকৰ পাছত ক্ৰিজলৈ আহে অশ্বিন। সকলোৱে ভাবিছিল যে হয় অশ্বিনে ডাঙৰ শ্বট খেলিব অন্যথা এক ৰাণ লৈ মেচখনক ছুপাৰ অভাৰৰ পৰ্যায়লৈ নিব।

কিন্তু পুনৰ নাৱাজে এটা ৱাইড ব’ল দিয়ে। ফলত মেচখন ড্ৰ হয়। এটা বলত প্ৰয়োজন হয় এক ৰাণৰ। ক্ৰিজত অশ্বিন।

নিৰাশ নকৰিলে অশ্বিনে। শেষৰটো বলত অশ্বিনে মিড অফৰ ফালে বলটো পঠাই এক ৰাণ লোৱাৰ লগে লগে চাৰি উইকেটত বিজয়সাব্যস্ত কৰে ভাৰতে।

উল্লেখ্য যে মেলব’ৰ্ণ ক্ৰিকেট গ্ৰাউণ্ডত হোৱা মেচখনত প্ৰথম ইনিংছত পাকিস্তানে আঠ উইকেটত সংগ্ৰহ কৰিছিল ১৬০ ৰাণ। আৰম্ভণিৰে পৰা বেটিং বিপৰ্যয়ৰ সন্মুখিন হোৱা পাকিস্তানৰ বেটাৰৰ ওপৰত ত্ৰাসৰ সৃষ্টি কৰে ভাৰতৰ ফাষ্ট বলাৰ অৰ্শদ্বীপ সিং আৰু হাৰ্দিক পাণ্ডিয়া। দুয়ো তিনিটাকৈ উইকেট লাভ কৰে। ভুৱনেশ্বৰ কুমাৰ আৰু মহম্মদ ছামীয়েও সুন্দৰ প্ৰদৰ্শন আগবঢ়ায়।

পাকিস্তানৰ হৈ সৰ্বাধিক ৰাণ সংগ্ৰহ কৰে ছান মাছুদ আৰু ইফটিকাৰ আহমেদে। মিডল অৰ্ডাৰত সুন্দৰ পাৰ্টনাৰশ্বিপ গঢ়ি তোলা বেটাৰদ্বয়ে তৃতীয় উইকেটৰ যুটিত সংগ্ৰহ কৰে ৭৬ ৰাণ। ছান মাছুদে ৪২ টা বলত কৰে ৫২ ৰাণ আৰু ইফটিকাৰ আহমেদে ৩৪টা বলত কৰে ৫১ ৰাণ।

এওঁলোকৰ বাদে শীৰ্ষক্ৰমৰ সকলো বেটছমেন ব্যৰ্থ হয়। বাবৰ আজমে প্ৰথম বলটোতে আউট হয়। ব্যৰ্থ হয় ৰিঝৱান (৪), আছিফ আলি (২)। শেহৰফালে শ্বাহিন শ্বাহ আফ্ৰিডিয়ে ৮টা বলত ১৬ ৰাণ সংগ্ৰহ কৰে।

মেচখনত বিজয়সাব্যষ্ট কৰাৰ পাছতে টীম ইণ্ডিয়াৰ সমূহ খেলুৱৈয়ে বিৰাট কোহলীক অভিবাদন জনায়। কেৰিয়াৰৰ অন্যতম সৰ্বোৎকৃষ্ট ইনিংছ খেলা কোহলীক প্ৰদান কৰা মেন অৱ দ্যা মেচৰ।

মেচৰ শেষত কোহলী আৱেগিক হৈ পৰে। কয় যে তেওঁ ভাষাহীন হৈ পৰিছে। দুৰ্দমনীয় প্ৰদৰ্শনেৰে দলক বিজয়ী কৰোৱাৰ মুহূৰ্তটোক কোহলীয়ে তেওঁৰ জীৱনৰ বিশেষ মুহূৰ্ত বুলি অভিহিত কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু