--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : শিশুসকলক কেনেদৰে অতি সহজে সুস্থ আৰু জলসঞ্চিত কৰি ৰাখিব। সেই বিষয়ে ইয়াত কিছু সহজ টিপছ উল্লেখ কৰা হৈছে, যিবোৰ আপুনিও অৱলম্বন কৰিব পাৰে। গ্ৰীষ্মকালত শিশুৱে পানীলগা অৰ্থাৎ শৰীৰত পানীৰ অভাৱৰ সমস্যাৰ সন্মুখীন হয়। প্ৰবল সূৰ্যৰ পোহৰ আৰু উৎকট গৰমৰ ফলত শৰীৰত পানীলগা হয়, যাৰ ফলত শিশুসকল অতি সোনকালে ভাগৰুৱা আৰু দুৰ্বল অনুভৱ কৰিবলৈ আৰম্ভ কৰে। শিশুসকলক সুস্থ আৰু জলসঞ্চিত কৰি ৰাখিবলৈ কিছুমান সহজ উপায়ৰ বিষয়ে জানো আহক।

১. তিঁয়হ-তিঁয়হ এবিধ অতি সতেজ ফল। ইয়াত প্ৰচুৰ পৰিমাণে পানী থাকে, যাৰ ফলত শৰীৰটোক অতি সহজে হাইড্ৰেটেড কৰি ৰাখে। তিঁয়হে শৰীৰক শীতলতা প্ৰদান কৰাৰ লগতে ই অতি লঘু আৰু সহজে হজম হয়।

২. তৰমুজ-গৰমৰ দিনত তৰমুজ উৎকৃষ্টমানৰ ফল। ইয়াত ৯০ শতাংশতকৈ অধিক পানী থাকে, যিয়ে শিশুক পানীলগাৰ পৰা ৰক্ষা কৰাত সহায় কৰে। তৰমুজত ভিটামিন আৰু খনিজ পদাৰ্থও থাকে, যিবোৰ শিশুৰ স্বাস্থ্যৰ বাবে উপকাৰী।

৩. নাৰিকলৰ পানী-নাৰিকলৰ পানী শিশুৰ বাবে প্ৰাকৃতিক শক্তি পানীয় হিচাপে কাম কৰে। ইয়াত ইলেক্ট্ৰলাইট থাকে, যিয়ে শৰীৰত পানীৰ অভাৱ পূৰণ কৰে। নাৰিকলৰ পানীয়ে শিশুসকলক তৎক্ষণাত শক্তি লাভ কৰাত সহায় কৰে।

৪. কমলাৰ ৰস-কমলাৰ ৰসত প্ৰচুৰ পৰিমাণে ভিটামিন-চি আৰু পানী থাকে। ই সহজে পিয়াহ নিবাৰণৰ লগতে শিশুসকলক তৎক্ষণাত শক্তিও প্ৰদান কৰে। 

৫. দৈ-গ্ৰীষ্মকালত দৈ শৰীৰৰ বাবে অতি উপকাৰী। ইয়াত প্ৰ'বায়’টিক থাকে, যিবোৰ পেটৰ বাবে উপকাৰী আৰু ই শৰীৰকো শীতল কৰে।এই পাঁচটা বস্তু আপোনাৰ শিশুৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক আৰু গ্ৰীষ্মকালত পানীলগাৰ পৰা ৰক্ষা কৰক। এইকেইটা খাদ্যই শিশুৰ শৰীৰক হাইড্ৰেটেড কৰি ৰখাই নহয়, তেওঁলোকৰ স্বাস্থ্যৰ বাবেও অতি উপকাৰী হ'ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু