--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : শিশুসকলক কেনেদৰে অতি সহজে সুস্থ আৰু জলসঞ্চিত কৰি ৰাখিব। সেই বিষয়ে ইয়াত কিছু সহজ টিপছ উল্লেখ কৰা হৈছে, যিবোৰ আপুনিও অৱলম্বন কৰিব পাৰে। গ্ৰীষ্মকালত শিশুৱে পানীলগা অৰ্থাৎ শৰীৰত পানীৰ অভাৱৰ সমস্যাৰ সন্মুখীন হয়। প্ৰবল সূৰ্যৰ পোহৰ আৰু উৎকট গৰমৰ ফলত শৰীৰত পানীলগা হয়, যাৰ ফলত শিশুসকল অতি সোনকালে ভাগৰুৱা আৰু দুৰ্বল অনুভৱ কৰিবলৈ আৰম্ভ কৰে। শিশুসকলক সুস্থ আৰু জলসঞ্চিত কৰি ৰাখিবলৈ কিছুমান সহজ উপায়ৰ বিষয়ে জানো আহক।

১. তিঁয়হ-তিঁয়হ এবিধ অতি সতেজ ফল। ইয়াত প্ৰচুৰ পৰিমাণে পানী থাকে, যাৰ ফলত শৰীৰটোক অতি সহজে হাইড্ৰেটেড কৰি ৰাখে। তিঁয়হে শৰীৰক শীতলতা প্ৰদান কৰাৰ লগতে ই অতি লঘু আৰু সহজে হজম হয়।

২. তৰমুজ-গৰমৰ দিনত তৰমুজ উৎকৃষ্টমানৰ ফল। ইয়াত ৯০ শতাংশতকৈ অধিক পানী থাকে, যিয়ে শিশুক পানীলগাৰ পৰা ৰক্ষা কৰাত সহায় কৰে। তৰমুজত ভিটামিন আৰু খনিজ পদাৰ্থও থাকে, যিবোৰ শিশুৰ স্বাস্থ্যৰ বাবে উপকাৰী।

৩. নাৰিকলৰ পানী-নাৰিকলৰ পানী শিশুৰ বাবে প্ৰাকৃতিক শক্তি পানীয় হিচাপে কাম কৰে। ইয়াত ইলেক্ট্ৰলাইট থাকে, যিয়ে শৰীৰত পানীৰ অভাৱ পূৰণ কৰে। নাৰিকলৰ পানীয়ে শিশুসকলক তৎক্ষণাত শক্তি লাভ কৰাত সহায় কৰে।

৪. কমলাৰ ৰস-কমলাৰ ৰসত প্ৰচুৰ পৰিমাণে ভিটামিন-চি আৰু পানী থাকে। ই সহজে পিয়াহ নিবাৰণৰ লগতে শিশুসকলক তৎক্ষণাত শক্তিও প্ৰদান কৰে। 

৫. দৈ-গ্ৰীষ্মকালত দৈ শৰীৰৰ বাবে অতি উপকাৰী। ইয়াত প্ৰ'বায়’টিক থাকে, যিবোৰ পেটৰ বাবে উপকাৰী আৰু ই শৰীৰকো শীতল কৰে।এই পাঁচটা বস্তু আপোনাৰ শিশুৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক আৰু গ্ৰীষ্মকালত পানীলগাৰ পৰা ৰক্ষা কৰক। এইকেইটা খাদ্যই শিশুৰ শৰীৰক হাইড্ৰেটেড কৰি ৰখাই নহয়, তেওঁলোকৰ স্বাস্থ্যৰ বাবেও অতি উপকাৰী হ'ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ