--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি ভেকচিনৰ বৰ্ষপূৰ্তী৷ আজি দেশৰ বাবে এক গুৰুত্বপূৰ্ণ দিন। আজি কৰ’না ভাইৰাছৰ দৰে মহামাৰীৰ বিৰুদ্ধে টিকাকৰণৰ এটা বছৰ সম্পূৰ্ণ হৈছে। ২০২১ বৰ্ষৰ ১৬ জানুৱাৰীত দেশত স্বাস্থ্যকৰ্মী আৰু ফ্ৰণ্টলাইন কৰ্মীসকলৰ টিকাকৰণ আৰম্ভ হোৱাৰ পৰা, কৰ’না ভেকচিন অব্যাহত আছে, অৰ্থাৎ ভেকচিন প্ৰদানৰ কাৰ্যসূচীয়ে আজি এটা বছৰ সম্পূৰ্ণ কৰিলে৷ এতিয়ালৈকে, দেশত ১৫৭ নিযুত ভেকচিনৰ পালি প্ৰদান কৰা হৈছে, কিন্তু দেশৰ সমগ্ৰ জনসাধাৰণক টিকাকৰণকৰাৰ লক্ষ্য এতিয়াও শেষ হোৱা নাই। বিগত ১০ জানুৱাৰীৰৰ পৰা স্বাস্থ্যসেৱা কৰ্মী, ফ্ৰণ্টলাইন কৰ্মী আৰু ৬০ জনতকৈ অধিক ব্যক্তিক ভেকচিনৰ বুষ্টাৰ ড’জ প্ৰদান কৰা হৈছে৷ ভাৰতে ১৫ জানুৱাৰী পৰ্যন্ত প্ৰায় ৫৭ লাখতকৈও অধিক বুষ্টাৰ ড’জ প্ৰদান কৰিছে৷ সামগ্ৰিকভাৱে ভাৰতত ৯০,৬৮,৪৪,৪১৪ টা প্ৰথম পালি আৰু ৬৫,৫১,৯৫,৭০৩ দ্বিতীয় পালি ভেকচিন প্ৰদান কৰা হৈছে। ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত ১৮-৪৪ বছৰ বয়সৰ ব্যক্তিসকলক মুঠ ৫২,৪০,৫৩,০৬১ টা প্ৰথম পালি দিয়া হৈছে আৰু টিকাকৰণ অভিযানৰ তৃতীয় পৰ্যায় আৰম্ভ হোৱাৰ পৰা ৩৬,৭৩,৮৩,৭৬৫ দ্বিতীয় পালি ভেকচিন প্ৰদান কৰা হৈছে৷ উল্লেখ্য যে দেশৰ স্বাস্থ্য মন্ত্ৰণালয়ে কয় যে, ১৫-১৮ বছৰ বয়সৰ লোকসকলৰ ক্ষেত্ৰত, এতিয়ালৈকে ৩,৩৬,০৯,১৯১ টা ভেকচিনৰ পালি প্ৰদান কৰা হৈছে। স্বাস্থ্য মন্ত্ৰালয়ৰ বিষয়াসকলৰ বিবৃতি অনুসৰি, প্ৰাপ্তবয়স্ক জনসংখ্যাৰ ৯২% ৰো অধিক লোকে কমেও এটা পালি ভেকচিন লাভ কৰিছে আনহাতে ৬৮% ৰো অধিক লোকক সম্পূৰ্ণৰূপে টিকাকৰণ কৰা হৈছে। কেন্দ্ৰই দেওবাৰে আবেলি টিকাকৰণ অভিযানৰ এবছৰ সম্পূৰ্ণ হোৱা উপলক্ষে ডাক টিকট জাৰি কৰিব, কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডৱিয়াই ডাক টিকট জাৰি কৰিব আৰু এক কাৰ্যসূচীৰ জৰিয়তে দেশৰ স্বাস্থ্যকৰ্মীসকলক কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীয়ে শুভেচ্ছা জনাব৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন