--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি ভেকচিনৰ বৰ্ষপূৰ্তী৷ আজি দেশৰ বাবে এক গুৰুত্বপূৰ্ণ দিন। আজি কৰ’না ভাইৰাছৰ দৰে মহামাৰীৰ বিৰুদ্ধে টিকাকৰণৰ এটা বছৰ সম্পূৰ্ণ হৈছে। ২০২১ বৰ্ষৰ ১৬ জানুৱাৰীত দেশত স্বাস্থ্যকৰ্মী আৰু ফ্ৰণ্টলাইন কৰ্মীসকলৰ টিকাকৰণ আৰম্ভ হোৱাৰ পৰা, কৰ’না ভেকচিন অব্যাহত আছে, অৰ্থাৎ ভেকচিন প্ৰদানৰ কাৰ্যসূচীয়ে আজি এটা বছৰ সম্পূৰ্ণ কৰিলে৷ এতিয়ালৈকে, দেশত ১৫৭ নিযুত ভেকচিনৰ পালি প্ৰদান কৰা হৈছে, কিন্তু দেশৰ সমগ্ৰ জনসাধাৰণক টিকাকৰণকৰাৰ লক্ষ্য এতিয়াও শেষ হোৱা নাই। বিগত ১০ জানুৱাৰীৰৰ পৰা স্বাস্থ্যসেৱা কৰ্মী, ফ্ৰণ্টলাইন কৰ্মী আৰু ৬০ জনতকৈ অধিক ব্যক্তিক ভেকচিনৰ বুষ্টাৰ ড’জ প্ৰদান কৰা হৈছে৷ ভাৰতে ১৫ জানুৱাৰী পৰ্যন্ত প্ৰায় ৫৭ লাখতকৈও অধিক বুষ্টাৰ ড’জ প্ৰদান কৰিছে৷ সামগ্ৰিকভাৱে ভাৰতত ৯০,৬৮,৪৪,৪১৪ টা প্ৰথম পালি আৰু ৬৫,৫১,৯৫,৭০৩ দ্বিতীয় পালি ভেকচিন প্ৰদান কৰা হৈছে। ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত ১৮-৪৪ বছৰ বয়সৰ ব্যক্তিসকলক মুঠ ৫২,৪০,৫৩,০৬১ টা প্ৰথম পালি দিয়া হৈছে আৰু টিকাকৰণ অভিযানৰ তৃতীয় পৰ্যায় আৰম্ভ হোৱাৰ পৰা ৩৬,৭৩,৮৩,৭৬৫ দ্বিতীয় পালি ভেকচিন প্ৰদান কৰা হৈছে৷ উল্লেখ্য যে দেশৰ স্বাস্থ্য মন্ত্ৰণালয়ে কয় যে, ১৫-১৮ বছৰ বয়সৰ লোকসকলৰ ক্ষেত্ৰত, এতিয়ালৈকে ৩,৩৬,০৯,১৯১ টা ভেকচিনৰ পালি প্ৰদান কৰা হৈছে। স্বাস্থ্য মন্ত্ৰালয়ৰ বিষয়াসকলৰ বিবৃতি অনুসৰি, প্ৰাপ্তবয়স্ক জনসংখ্যাৰ ৯২% ৰো অধিক লোকে কমেও এটা পালি ভেকচিন লাভ কৰিছে আনহাতে ৬৮% ৰো অধিক লোকক সম্পূৰ্ণৰূপে টিকাকৰণ কৰা হৈছে। কেন্দ্ৰই দেওবাৰে আবেলি টিকাকৰণ অভিযানৰ এবছৰ সম্পূৰ্ণ হোৱা উপলক্ষে ডাক টিকট জাৰি কৰিব, কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডৱিয়াই ডাক টিকট জাৰি কৰিব আৰু এক কাৰ্যসূচীৰ জৰিয়তে দেশৰ স্বাস্থ্যকৰ্মীসকলক কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীয়ে শুভেচ্ছা জনাব৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
গোৱালপাৰাত অবৈধভাৱে সৰবৰাহ কৰা গৰুসহ মেঘালয়ৰ দুজন লোকক আটক
মুকালমুৱা আৰক্ষীৰ বৃহৎ সফলতা! জালত পৰিল ৯ চাইবাৰ অপৰাধী
'উইজডেন'ৰ বিশ্বৰ ৪০জন উদীয়মান ক্রিকেটাৰৰ তালিকাত ৰিয়ান পৰাগ
টিংখাঙত শোকাৱহ পথ দুৰ্ঘটনা! দুচকীয়া বাহনৰ মুখামুখি সংঘৰ্ষত দুজন নিহত, আহত দুজন
সাৱধান লখিমপুৰ সীমান্তবাসী!  অসম-অৰুণাচল সীমান্তত চলিব বোমা বিস্ফোৰণ, ৰকেট, গুলীচালনাৰ অনুশীলন
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক