--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কাটাৰ বিশ্বকাপৰ গ্ৰুপ পৰ্বৰ মেচসমূহ শেষ হৈছে। কেইবাখনো চাঞ্চল্যকৰ-ৰোমাঞ্কৰ মেচেৰে শুক্ৰবাৰে গ্ৰুপ পৰ্ব শেষ হৈছে। বিশ্বকাপৰ পৰা বাহিৰ হৈছে জাৰ্মানী, বেলজিয়াম আৰু উৰুগুৱেৰ দৰে তাৰকাখচিত শক্তিশালী দল।

শনিবাৰৰ পৰা আৰম্ভ হ’ব ধৰিছে বিশ্বকাপৰ ৰাউণ্ড অৱ চিক্সটিন তথা নকআউট পৰ্যায়ৰ খেলসমূহ। ৩২ খন দেশৰ পৰা এতিয়া বাচি আছে ১৬ খন দেশ। নকআউট পৰ্যায়ত প্ৰৱেশ কৰিছে গ্ৰুপ পৰ্যায়ত অঘটনকাৰী দল জাপান, দক্ষিণ কোৰিয়া, মৰক্কোৰ দৰে আণ্ডাৰডগ দলসমূহ। উল্লেখ্য যে নকআউট পৰ্যায়ৰ মেচসমূহত পৰাস্ত হ’লেই বিশ্বকাপৰ পৰা বাহিৰ হ’ব দলসমূহ।

চাও আহক, নকআউট পৰ্যায়ৰ মেচসমূহ কেতিয়া ক’ত কোন তাৰিখে কেই বজাত খেলোৱা হ’ব। সময়সমূহ ভাৰতীয় সময় অনুসৰি দিয়া হৈছে-

১. নেডাৰলেণ্ড বনাম আমেৰিকা যুক্তৰাষ্ট্ৰ
তাৰিখ: ৩ ডিচেম্বৰ শনিবাৰে
আৰম্ভণিৰ সময়: ভাৰতীয় সময় অনুসৰি সন্ধিয়া ৮.৩০ বজাত
স্থান: খলিফা আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়াম

২. আৰ্জেণ্টিনা বনাম অষ্ট্ৰেলিয়া
তাৰিখ: ৪ ডিচেম্বৰ, দেওবাৰ
আৰম্ভণিৰ সময়: ভাৰতীয় সময় অনুসৰি ৰাতি ১২.৩০ বজাত
স্থান: আহমাদ বিন আলী ষ্টেডিয়াম

৩. ফ্ৰান্স বনাম পোলেণ্ড
তাৰিখ: ৪ ডিচেম্বৰ দেওবাৰ
আৰম্ভণিৰ সময়: ভাৰতীয় সময় অনুসৰি সন্ধিয়া ৮.৩০ বজাত
স্থান: আল থুমামা ষ্টেডিয়াম

৪. ইংলেণ্ড বনাম ছেনেগাল
তাৰিখ: ৫ ডিচেম্বৰ সোমবাৰ
আৰম্ভণিৰ সময়: ভাৰতীয় সময় অনুসৰি ৰাতি ১২.৩০ বজাত
স্থান: আল বায়েট ষ্টেডিয়াম

৫. জাপান বনাম ক্ৰোৱেছিয়া
তাৰিখ: ৫ ডিচেম্বৰ, সোমবাৰ
আৰম্ভণিৰ সময়: ভাৰতীয় সময় অনুসৰি সন্ধিয়া ৮.৩০ বজাত
স্থান: আল জানুব ষ্টেডিয়াম


৬. ব্ৰাজিল বনাম দক্ষিণ কোৰিয়া
তাৰিখ: ৬ ডিচেম্বৰ, মঙলবাৰ
আৰম্ভণিৰ সময়: ভাৰতীয় সময় অনুসৰি ৰাতিপুৱা ১২.৩০ বজাত
স্থান: ষ্টেডিয়াম ৯৭৪


৭. মৰক্কো বনাম স্পেইন
তাৰিখ: ৬ ডিচেম্বৰ, মঙলবাৰ
আৰম্ভণিৰ সময়: ভাৰতীয় সময় অনুসৰি সন্ধিয়া ৮.৩০ বজাত
স্থান: এডুকেচন চিটি ষ্টেডিয়াম

৮. পৰ্তুগাল বনাম চুইজাৰলেণ্ড
তাৰিখ: ৭ ডিচেম্বৰ, বুধবাৰ
আৰম্ভণিৰ সময়: ভাৰতীয় সময় অনুসৰি ৰাতিপুৱা ১২.৩০ বজাত
স্থান: লুচাইল ষ্টেডিয়াম

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু