--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কাটাৰ বিশ্বকাপৰ গ্ৰুপ পৰ্বৰ মেচসমূহ শেষ হৈছে। কেইবাখনো চাঞ্চল্যকৰ-ৰোমাঞ্কৰ মেচেৰে শুক্ৰবাৰে গ্ৰুপ পৰ্ব শেষ হৈছে। বিশ্বকাপৰ পৰা বাহিৰ হৈছে জাৰ্মানী, বেলজিয়াম আৰু উৰুগুৱেৰ দৰে তাৰকাখচিত শক্তিশালী দল।

শনিবাৰৰ পৰা আৰম্ভ হ’ব ধৰিছে বিশ্বকাপৰ ৰাউণ্ড অৱ চিক্সটিন তথা নকআউট পৰ্যায়ৰ খেলসমূহ। ৩২ খন দেশৰ পৰা এতিয়া বাচি আছে ১৬ খন দেশ। নকআউট পৰ্যায়ত প্ৰৱেশ কৰিছে গ্ৰুপ পৰ্যায়ত অঘটনকাৰী দল জাপান, দক্ষিণ কোৰিয়া, মৰক্কোৰ দৰে আণ্ডাৰডগ দলসমূহ। উল্লেখ্য যে নকআউট পৰ্যায়ৰ মেচসমূহত পৰাস্ত হ’লেই বিশ্বকাপৰ পৰা বাহিৰ হ’ব দলসমূহ।

চাও আহক, নকআউট পৰ্যায়ৰ মেচসমূহ কেতিয়া ক’ত কোন তাৰিখে কেই বজাত খেলোৱা হ’ব। সময়সমূহ ভাৰতীয় সময় অনুসৰি দিয়া হৈছে-

১. নেডাৰলেণ্ড বনাম আমেৰিকা যুক্তৰাষ্ট্ৰ
তাৰিখ: ৩ ডিচেম্বৰ শনিবাৰে
আৰম্ভণিৰ সময়: ভাৰতীয় সময় অনুসৰি সন্ধিয়া ৮.৩০ বজাত
স্থান: খলিফা আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়াম

২. আৰ্জেণ্টিনা বনাম অষ্ট্ৰেলিয়া
তাৰিখ: ৪ ডিচেম্বৰ, দেওবাৰ
আৰম্ভণিৰ সময়: ভাৰতীয় সময় অনুসৰি ৰাতি ১২.৩০ বজাত
স্থান: আহমাদ বিন আলী ষ্টেডিয়াম

৩. ফ্ৰান্স বনাম পোলেণ্ড
তাৰিখ: ৪ ডিচেম্বৰ দেওবাৰ
আৰম্ভণিৰ সময়: ভাৰতীয় সময় অনুসৰি সন্ধিয়া ৮.৩০ বজাত
স্থান: আল থুমামা ষ্টেডিয়াম

৪. ইংলেণ্ড বনাম ছেনেগাল
তাৰিখ: ৫ ডিচেম্বৰ সোমবাৰ
আৰম্ভণিৰ সময়: ভাৰতীয় সময় অনুসৰি ৰাতি ১২.৩০ বজাত
স্থান: আল বায়েট ষ্টেডিয়াম

৫. জাপান বনাম ক্ৰোৱেছিয়া
তাৰিখ: ৫ ডিচেম্বৰ, সোমবাৰ
আৰম্ভণিৰ সময়: ভাৰতীয় সময় অনুসৰি সন্ধিয়া ৮.৩০ বজাত
স্থান: আল জানুব ষ্টেডিয়াম


৬. ব্ৰাজিল বনাম দক্ষিণ কোৰিয়া
তাৰিখ: ৬ ডিচেম্বৰ, মঙলবাৰ
আৰম্ভণিৰ সময়: ভাৰতীয় সময় অনুসৰি ৰাতিপুৱা ১২.৩০ বজাত
স্থান: ষ্টেডিয়াম ৯৭৪


৭. মৰক্কো বনাম স্পেইন
তাৰিখ: ৬ ডিচেম্বৰ, মঙলবাৰ
আৰম্ভণিৰ সময়: ভাৰতীয় সময় অনুসৰি সন্ধিয়া ৮.৩০ বজাত
স্থান: এডুকেচন চিটি ষ্টেডিয়াম

৮. পৰ্তুগাল বনাম চুইজাৰলেণ্ড
তাৰিখ: ৭ ডিচেম্বৰ, বুধবাৰ
আৰম্ভণিৰ সময়: ভাৰতীয় সময় অনুসৰি ৰাতিপুৱা ১২.৩০ বজাত
স্থান: লুচাইল ষ্টেডিয়াম

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক