--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কাটাৰ বিশ্বকাপত অভব্য আচৰণৰ বলি হৈছে এগৰাকী মহিলা সাংবাদিক। ব্ৰাজিলৰ এইগৰাকী সাংবাদিকৰ নাম ইচাবেল ক’ষ্টা। ব্ৰাজিল দলৰ সংবাদ যোগান ধৰিবলৈ কাটাৰলৈ আহিছে তেওঁ।

কিন্তু কাটাৰত ভৰি থোৱাৰ মাত্ৰকে তেওঁক কিছুসংখ্যক লোকে অনুসৰণ কৰিছে। তদুপৰি তেওঁক লক্ষ্য কৰি আপত্তিজনক মন্তব্যও কৰা হৈছে।

শেহতীয়াকৈ সাংবাদিকগৰাকীয়ে প্ৰকাশ কৰিছে যে ব্ৰাজিল-কেমেৰুণৰ মেচখনৰ সময়ত কেইগৰাকীমান লোকে তেওঁক এটা অবান্তৰ প্ৰশ্ন সুধিছে। প্ৰশ্নটো হৈছে- তেওঁ পৰ্ণ ছৱিত অভিনয় কৰে নেকি?

তাৰপাছতে ক্ষোভত ফাটি পৰিছে সাংবাদিকগৰাকী। সামাজিক মাধ্যমযোগে সমগ্ৰ কাণ্ডটোৰ বিষয়ে তেওঁ অৱগত কৰিছে। যিকেইগৰাকী ব্যক্তিয়ে তেওঁক অনুসৰণ কৰিছিল, তেওঁলোকৰ ভিডিঅ’ও সাংবাদিকগৰাকীয়ে শ্বেয়াৰ কৰিছে।

“এয়াই প্ৰথম বা দ্বিতীয় নহয়। কাটাৰত পদাৰ্পণ কৰাৰ পাছতে মোক অনুসৰণ কৰা হৈছে, মোৰ ছৱি তোলা হৈছে। শুক্ৰবাৰে যেতিয়া মেচ চাবলৈ গৈছিলো, মোৰ ছৱি দুজন লোকে তুলিছিল। মোৰ ভিডিঅ’ও কৰা হৈছিল। তাৰপাছতে মোক সুধা হয় যে মই পৰ্ণ ছৱিত অভিনয় কৰো নেকি?”- সাংবাদিকগৰাকীয়ে ক্ষোভ প্ৰকাশ কৰে।

উল্লেখ্য যে বিশ্বকাপ আৰম্ভণিৰ পৰাই কাটাৰক লৈ বিতৰ্কৰ সৃষ্টি হৈছিল। তাৰ স’তে নতুনকৈ যোগ হ’ল ব্ৰাজিলৰ সাংবাদিকগৰাকীক কেন্দ্ৰ কৰি হোৱা এই ঘটনাটো।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক