--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বাংলাদেশৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিল আৰ্জেণ্টিনাৰ প্ৰশিক্ষক লিঅ’নেল স্কালোনি। ফিফা বিশ্বকাপত কোনোদিনেই বাংলাদেশে অংশ লোৱা নাই। কিন্তু তৎসত্বেও সাত সাগৰ সিপাৰৰ এখন দেশৰ ফুটবল দলটোৱে প্ৰশংসা কৰিছে বাংলাদেশক। কিন্তু কি প্ৰসংগত?

এখন সাংবাদিক বৈঠকত আৰ্জেণ্টিনাৰ প্ৰশিক্ষকগৰাকীয়ে বাংলাদেশৰ জনসাধাৰণক ধন্যবাদ প্ৰদান কৰিছে। তেওঁ কয়- “আৰ্জেণ্টিনাৰ জাৰ্চি পিন্ধি সমগ্ৰ বিশ্বতে সমৰ্থকসকলে উন্মাদনা প্ৰদৰ্শন কৰি আহিছে। দিয়েগ’ মাৰাডোনাই এই জাৰ্চি পিন্ধি খেলিছে। লিঅ’নেল মেছিয়ে খেলিছে। সেয়ে এই দলটোক লৈ মানুহৰ পাগলামী থাকিবই।”

“বাংলাদেশৰ দৰে এখন দেশৰ ইমান মানুহে আমাক সমৰ্থন কৰিছে, আমি গৰ্বিত হৈ পৰিছো। সকলো মেচতে আমি আমাৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিব বিচাৰো। বাংলাদেশৰ জনসাধাৰণক অনেক ধন্যবাদ।”- তেওঁ কয়।

উল্লেখ্য যে বাংলাদেশ এখন ফুটবলপাগল দেশ। ব্ৰাজিল আৰু আৰ্জেণ্টিনাক লৈ দুভাগত বিভক্ত হৈ পৰে বাংলাদেশৰ ফুটবলপ্ৰেমী। কাটাৰ বিশ্বকাপৰ ব্ৰাজিল আৰু আৰ্জেণ্টনাৰ মেচসমূহ ঢাকা বিশ্ববিদ্যালয় প্ৰাংগনত ৰাজহুৱা প্ৰদৰ্শনী আয়োজন কৰা হৈছে। তাত সমৱেত হৈছে ঢাকাৰ লাখ লাখ ফুটবলপ্ৰেমী!

সামাজিক মাধ্যমতো ঢাকা বিশ্ববিদ্যালয়ৰ ছৱিসমূহ ভাইৰেল হৈ পৰিছে। শুক্ৰবাৰে আৰ্জেণ্টিনাৰ চৰকাৰী টুইটাৰ একাউণ্টৰ জৰিয়তে ছৱিসমূহ শ্বেয়াৰ কৰা হয়। ফিফাইও এইসমূহ শ্বেয়াৰ কৰিছে। তাৰপাছতে আৰ্জেণ্টিনাৰ প্ৰশিক্ষকগৰাকীয়ে বাংলাদেশক লৈ এই মন্তব্য কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক