--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বাংলাদেশৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিল আৰ্জেণ্টিনাৰ প্ৰশিক্ষক লিঅ’নেল স্কালোনি। ফিফা বিশ্বকাপত কোনোদিনেই বাংলাদেশে অংশ লোৱা নাই। কিন্তু তৎসত্বেও সাত সাগৰ সিপাৰৰ এখন দেশৰ ফুটবল দলটোৱে প্ৰশংসা কৰিছে বাংলাদেশক। কিন্তু কি প্ৰসংগত?

এখন সাংবাদিক বৈঠকত আৰ্জেণ্টিনাৰ প্ৰশিক্ষকগৰাকীয়ে বাংলাদেশৰ জনসাধাৰণক ধন্যবাদ প্ৰদান কৰিছে। তেওঁ কয়- “আৰ্জেণ্টিনাৰ জাৰ্চি পিন্ধি সমগ্ৰ বিশ্বতে সমৰ্থকসকলে উন্মাদনা প্ৰদৰ্শন কৰি আহিছে। দিয়েগ’ মাৰাডোনাই এই জাৰ্চি পিন্ধি খেলিছে। লিঅ’নেল মেছিয়ে খেলিছে। সেয়ে এই দলটোক লৈ মানুহৰ পাগলামী থাকিবই।”

“বাংলাদেশৰ দৰে এখন দেশৰ ইমান মানুহে আমাক সমৰ্থন কৰিছে, আমি গৰ্বিত হৈ পৰিছো। সকলো মেচতে আমি আমাৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিব বিচাৰো। বাংলাদেশৰ জনসাধাৰণক অনেক ধন্যবাদ।”- তেওঁ কয়।

উল্লেখ্য যে বাংলাদেশ এখন ফুটবলপাগল দেশ। ব্ৰাজিল আৰু আৰ্জেণ্টিনাক লৈ দুভাগত বিভক্ত হৈ পৰে বাংলাদেশৰ ফুটবলপ্ৰেমী। কাটাৰ বিশ্বকাপৰ ব্ৰাজিল আৰু আৰ্জেণ্টনাৰ মেচসমূহ ঢাকা বিশ্ববিদ্যালয় প্ৰাংগনত ৰাজহুৱা প্ৰদৰ্শনী আয়োজন কৰা হৈছে। তাত সমৱেত হৈছে ঢাকাৰ লাখ লাখ ফুটবলপ্ৰেমী!

সামাজিক মাধ্যমতো ঢাকা বিশ্ববিদ্যালয়ৰ ছৱিসমূহ ভাইৰেল হৈ পৰিছে। শুক্ৰবাৰে আৰ্জেণ্টিনাৰ চৰকাৰী টুইটাৰ একাউণ্টৰ জৰিয়তে ছৱিসমূহ শ্বেয়াৰ কৰা হয়। ফিফাইও এইসমূহ শ্বেয়াৰ কৰিছে। তাৰপাছতে আৰ্জেণ্টিনাৰ প্ৰশিক্ষকগৰাকীয়ে বাংলাদেশক লৈ এই মন্তব্য কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ