--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃঅপেক্ষাৰ অন্ত পৰিল। কোভিডৰ আতংক ভয়, ফিফাৰ অন্দৰ মহলত হোৱা বিতৰ্ক  আদিৰ পিছত আজিৰে পৰা অৰ্থাৎ দেওবাৰৰ পৰা আৰম্ভ হ'ব ফুটবলৰ মহাৰণ। উদ্বোধনী অনুষ্ঠানৰ বাবে বিশাল ব্যৱস্থা কৰিছে ফিফাই । লিঅ'নেল মেছি, ক্ৰিষ্টিয়ানো ৰোনাল্ডো, নেইমাৰ  আৰু বহু তাৰকাৰ সমাবেশেৰে জিলিকি উঠিব ফুটবলৰ মহাৰণ

 কোভিডে দুবছৰ প্ৰায় স্তব্ধ কৰি দিয়া ফুটবল বিশ্বকাপ দেওবাৰে আৰম্ভ হ'ব। উদ্বোধনী অনুষ্ঠানৰলৈ অপেক্ষা  মাত্ৰ কেইঘণ্টামানৰ। কেইটামান ঘণ্টাৰ পিছতে  ৩২  খন দেশে প্ৰায় এমাহৰ বাবে ফুটবল যুদ্ধত নামি পৰিব । ফুটবল জ্বৰত ইতিমধ্যে বিশ্ববাসী আক্ৰান্ত হৈছেই, বৃদ্ধি পাইছে  উত্তেজনা । ইয়াৰ মাজতে  কাটাৰত বিশ্বকাপ আয়োজনকলৈ  বিতৰ্কৰ সৃষ্টি হৈছে । কাটাৰত আজি বিশাল উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হ'বলৈ গৈ আছে। বিশ্বকাপ খনৰ প্ৰথম খেল খন  আয়োজক দেশ কাটাৰ আৰু ইকুৱেডৰৰ মাজত অনুষ্ঠিত হ'ব। খেলখন নিশা ৯:৩০ বজাত আৰম্ভ হ'ব।ভাৰতীয় সময় অনুসৰি নিশা ৭-৩০ বজাৰ পৰা চলিব বিশ্বকাপৰ উদ্বোধনী অনুষ্ঠান৷

উদ্বোধনী অনুষ্ঠানটো আপুনি ক'ত চাব পাৰিব?

এইবাৰ বিশ্বকাপ মেচ প্ৰচাৰিত হ’ব এটা নতুন চেনেলত৷ ৰিলায়েন্স জিঅ’ মালিকানাধীন ‘স্প’ৰ্টছ- ১৮’ চেনেলত সম্প্ৰচাৰিত হ’ব বিশ্বকাপ ফুটবলৰ মহাৰণ৷ এই চেনেলটো পাবলৈ কেবল অপাৰেটৰৰ লগত যোগাযোগ কৰিব লাগিব দৰ্শকে৷ তদুপৰি প্ৰথমবাৰৰ বাবে বিশ্বকাপ চাব পৰা যাব মোবাইলত৷অনুৰাগীসকলে প্লে’ ষ্ট’ৰৰ পৰা জিঅ’ চিনেমা এপটো ডাউনলোড কৰিলেই মোবাইলতে যিকোনো স্থানত থাকি উপভোগ কৰিব পাৰিব মেচ৷ যিকোনো নেটৱ’ৰ্কত উপলব্ধ হ’ব এই সেৱা৷
উদ্বোধনী অনুষ্ঠানটো আপুনি স্পৰ্টছ ১৮ চেনেলত পোনপটীয়াকৈ চাব পাৰি। ঘৰৰ বাহিৰত থাকিলেও কোনো সমস্যা নাই। আপুনি জিঅ' চিনেমা এপত লাইভ ষ্ট্ৰীমিঙো চাব পাৰিব। যদি আপোনাৰ ম'বাইল নম্বৰ পঞ্জীয়ন কৰা আছে , আপুনি বিনামূলীয়াকৈ মেচখন চাব পাৰিব।আজিৰ  উদ্বোধনী অনুষ্ঠানটো দোহাৰ আল বায়েট ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। ষ্টেডিয়ামত ৬০,০০০ দৰ্শকে অনুষ্ঠানটো উপভোগ কৰিবলৈ  সক্ষম হ'ব। 

উদ্বোধনী অনুষ্ঠানত কোন থাকিব?

উদ্বোধনী অনুষ্ঠানত কোন থাকিব সেই বিষয়ত ফিফাই এতিয়ালৈকে তালিকা প্ৰকাশ কৰা নাই। অৱশ্যে দক্ষিণ কোৰিয়াৰ বেণ্ড বিটিএছৰ মুখ্য গায়ক জানচুক থাকিব। ইয়াৰ উপৰি ব্লেক আইড পিচ, ৰবি উইলিয়ামছ আৰু ভাৰতীয় বলীউড তাৰকা নোৰা ফাতেহী তাত থাকিব বুলি আশা কৰা হৈছে। অনুষ্ঠানটোত ব্ৰিটিছ গায়ক দুয়া লিপা আৰু কলম্বিয়ান গায়িকা ছাকিৰা উপস্থিত নাথাকে বুলি জানিব পৰা গৈছে। গৃহযুদ্ধৰ বাবে ইকুৱেডৰৰ ৰাষ্ট্ৰপতিও অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
অপাৰেচন সিন্দুৰৰ সফলতাৰ আঁৰত ভাৰতীয় প্ৰযুক্তি আৰু মেক ইন ইণ্ডিয়াঃ প্ৰধানমন্ত্ৰী মোদী
মাৰ্ঘেৰিটাত টালি টোপোলা বান্ধিছে অবৈধ বেদখলকাৰীয়ে
মই যি বাটেৰে ওলালো আজি! কেতিয়াও উভতি নহাৰ বাটেৰে গুচি গ'ল স্বনামধন্য নাট্যকাৰ, গীতিকাৰ হেমন্ত দত্ত
প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্বত মণিপুৰৰ মহিলা আদাছো কপেছা
উচ্ছেদৰ পাছতে ৰজাপুখুৰী, গেলাজান নিজৰ বুলি দাবী নগাৰ
৬০০ বছৰৰ পাছত ক্রাছেনিনিক'ভ আগ্নেয়গিৰিৰ উদ্গিৰণ হোৱাৰ বাবেই হৈছিল প্রবল ভূমিকম্প
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?