--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃঅপেক্ষাৰ অন্ত পৰিল। কোভিডৰ আতংক ভয়, ফিফাৰ অন্দৰ মহলত হোৱা বিতৰ্ক  আদিৰ পিছত আজিৰে পৰা অৰ্থাৎ দেওবাৰৰ পৰা আৰম্ভ হ'ব ফুটবলৰ মহাৰণ। উদ্বোধনী অনুষ্ঠানৰ বাবে বিশাল ব্যৱস্থা কৰিছে ফিফাই । লিঅ'নেল মেছি, ক্ৰিষ্টিয়ানো ৰোনাল্ডো, নেইমাৰ  আৰু বহু তাৰকাৰ সমাবেশেৰে জিলিকি উঠিব ফুটবলৰ মহাৰণ

 কোভিডে দুবছৰ প্ৰায় স্তব্ধ কৰি দিয়া ফুটবল বিশ্বকাপ দেওবাৰে আৰম্ভ হ'ব। উদ্বোধনী অনুষ্ঠানৰলৈ অপেক্ষা  মাত্ৰ কেইঘণ্টামানৰ। কেইটামান ঘণ্টাৰ পিছতে  ৩২  খন দেশে প্ৰায় এমাহৰ বাবে ফুটবল যুদ্ধত নামি পৰিব । ফুটবল জ্বৰত ইতিমধ্যে বিশ্ববাসী আক্ৰান্ত হৈছেই, বৃদ্ধি পাইছে  উত্তেজনা । ইয়াৰ মাজতে  কাটাৰত বিশ্বকাপ আয়োজনকলৈ  বিতৰ্কৰ সৃষ্টি হৈছে । কাটাৰত আজি বিশাল উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হ'বলৈ গৈ আছে। বিশ্বকাপ খনৰ প্ৰথম খেল খন  আয়োজক দেশ কাটাৰ আৰু ইকুৱেডৰৰ মাজত অনুষ্ঠিত হ'ব। খেলখন নিশা ৯:৩০ বজাত আৰম্ভ হ'ব।ভাৰতীয় সময় অনুসৰি নিশা ৭-৩০ বজাৰ পৰা চলিব বিশ্বকাপৰ উদ্বোধনী অনুষ্ঠান৷

উদ্বোধনী অনুষ্ঠানটো আপুনি ক'ত চাব পাৰিব?

এইবাৰ বিশ্বকাপ মেচ প্ৰচাৰিত হ’ব এটা নতুন চেনেলত৷ ৰিলায়েন্স জিঅ’ মালিকানাধীন ‘স্প’ৰ্টছ- ১৮’ চেনেলত সম্প্ৰচাৰিত হ’ব বিশ্বকাপ ফুটবলৰ মহাৰণ৷ এই চেনেলটো পাবলৈ কেবল অপাৰেটৰৰ লগত যোগাযোগ কৰিব লাগিব দৰ্শকে৷ তদুপৰি প্ৰথমবাৰৰ বাবে বিশ্বকাপ চাব পৰা যাব মোবাইলত৷অনুৰাগীসকলে প্লে’ ষ্ট’ৰৰ পৰা জিঅ’ চিনেমা এপটো ডাউনলোড কৰিলেই মোবাইলতে যিকোনো স্থানত থাকি উপভোগ কৰিব পাৰিব মেচ৷ যিকোনো নেটৱ’ৰ্কত উপলব্ধ হ’ব এই সেৱা৷
উদ্বোধনী অনুষ্ঠানটো আপুনি স্পৰ্টছ ১৮ চেনেলত পোনপটীয়াকৈ চাব পাৰি। ঘৰৰ বাহিৰত থাকিলেও কোনো সমস্যা নাই। আপুনি জিঅ' চিনেমা এপত লাইভ ষ্ট্ৰীমিঙো চাব পাৰিব। যদি আপোনাৰ ম'বাইল নম্বৰ পঞ্জীয়ন কৰা আছে , আপুনি বিনামূলীয়াকৈ মেচখন চাব পাৰিব।আজিৰ  উদ্বোধনী অনুষ্ঠানটো দোহাৰ আল বায়েট ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। ষ্টেডিয়ামত ৬০,০০০ দৰ্শকে অনুষ্ঠানটো উপভোগ কৰিবলৈ  সক্ষম হ'ব। 

উদ্বোধনী অনুষ্ঠানত কোন থাকিব?

উদ্বোধনী অনুষ্ঠানত কোন থাকিব সেই বিষয়ত ফিফাই এতিয়ালৈকে তালিকা প্ৰকাশ কৰা নাই। অৱশ্যে দক্ষিণ কোৰিয়াৰ বেণ্ড বিটিএছৰ মুখ্য গায়ক জানচুক থাকিব। ইয়াৰ উপৰি ব্লেক আইড পিচ, ৰবি উইলিয়ামছ আৰু ভাৰতীয় বলীউড তাৰকা নোৰা ফাতেহী তাত থাকিব বুলি আশা কৰা হৈছে। অনুষ্ঠানটোত ব্ৰিটিছ গায়ক দুয়া লিপা আৰু কলম্বিয়ান গায়িকা ছাকিৰা উপস্থিত নাথাকে বুলি জানিব পৰা গৈছে। গৃহযুদ্ধৰ বাবে ইকুৱেডৰৰ ৰাষ্ট্ৰপতিও অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক