--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃকাটাৰত আজিৰে পৰা আৰম্ভ হৈছে ফুটবল বিশ্বকাপ। আগতে খেলৰ সময়তে ষ্টেডিয়ামত বহি দৰ্শকে হেঁপাহ পলুৱাই বিয়েৰ পান কৰিব পাৰিছিল যদিও এইবাৰ নোৱাৰে। কাটাৰৰ বিশ্বকাপত নিষিদ্ধ কৰা হৈছে বিয়েৰ।ফলত ফিফা লোকচান হৈছে ৩৮৮ কোটি টকা। বিয়েৰ কেম্পানী এইবাৰৰ ফুটবল বিশ্বকাপৰ আটাইতকৈ বৃহৎ  পৃষ্ঠপোষক আছিল। কোম্পানীটোৱে এতিয়া  কাটাৰলৈ অনা লাখ লাখ কেন বিয়েৰ  আঁতৰাই নিবলৈ  সিদ্ধান্ত লৈছে। 

কোম্পানীটোৱে লগতে এটা কথাও স্পষ্ট কৰি দিছে যে এই বিয়েৰসমূহ অথলে যাবলৈ দিয়া নহ’ব। কোম্পানীটোৱে  কাটাৰলৈ বিয়েৰৰ কেনসমূহ  বেলেগ ধৰণে ব্যৱহাৰ কৰাৰ সিদ্ধান্ত লৈছে।কাটাৰৰ ৰাজপৰিয়ালৰ নিৰ্দেশত  বিশ্বকাপ ষ্টেডিয়ামত বিয়েৰ বিক্ৰী কৰাৰ কোনো সুযোগ নাই।  ইয়াৰ পিছতে কোম্পানীৰ বিষয়াসকলে প্ৰকাশ কৰা মতে  বিশ্বকাপৰ বাবে অনা বৃহৎ মাত্ৰাৰ  বিয়েৰ সেই খন দেশলৈ  প্ৰেৰণ কৰিব  যিখন দেশ বিশ্বকাপত চেম্পিয়ন হ'ব। কোম্পানীটোৱে বিশ্ব বিজয়ী দেশখনৰ ফুটবল অনুৰাগীসকলক  উৎসৱৰ উদযাপনৰ বাবে  সকলো বিয়েৰ সংৰক্ষণ কৰাৰ সিদ্ধান্ত লৈছে। 


তেওঁলোকে বিশ্ব বিজয়ী দেশ খনৰ অনুৰাগীক সেই বিয়েৰেৰে আপা্যায়ন কৰিব।সেই বিয়েৰ বিশ্বৰ আন কোনো দেশতে বিক্ৰী কৰা নহ’ব।বিয়েৰ কোম্পানীয়ে লোকচানৰ বাবেই ফিফাক  ২০২৬ চনৰ বিশ্বকাপৰ চুক্তিতকৈ ৪০ নিযুত পাউণ্ড কম দিয়াৰ সিদ্ধান্ত লৈছে। যি ভাৰতীয় মুদ্ৰাৰ হিচাবত  ৩৮৭ কোটি ৫০ লাখ টকাতকৈও অধিক। ২০২৬ চনৰ ফিফা বিশ্বকাপ আমেৰিকা যুক্তৰাষ্ট্ৰ, মেক্সিকো আৰু কানাডাই সন্মিলিতভাবে আয়োজন কৰিব। 

ইপিনে কাটাৰৰ কৰ্তৃপক্ষই ডোহাৰ কেইটামান কেন্দ্ৰত ফুটবল অনুৰাগীসকলৰ বাবে  বিয়েৰৰ বিক্ৰীক ৰেহাই দিছে। অৱশ্যে, আগ্ৰহী লোকসকলে অতি উচ্চ মূল্যত বিয়েৰ কিনিব লাগিব। ৫০০ মিলিলিটাৰ বিয়েৰৰ মূল্য  ভাৰতীয় মুদ্ৰাত প্ৰায় ১১৬৩ টকা হ’ব। উল্লেখ্য ব্ৰিটেইনৰ তিনিটা কাৰখানাৰ পৰা লাখ লাখ  বিয়েৰৰ কেন কাটাৰলৈ অনা হৈছিল। 

সাগৰীয় পথেৰে প্ৰায় ৮,০০০ মাইল অতিক্ৰম কৰি সেই বিয়েৰ কাটাৰ আহি পাইছিল। কোম্পানী কেইটাই  প্ৰায় সকলো বোৰ বিয়েৰ ঘূৰাই নিয়াৰ সিদ্ধান্ত লৈছে।প্ৰতিযোগিতা আৰম্ভ হোৱাৰ মাত্ৰ দুদিন আগতে ৰজাৰ ভাতৃ শ্বেখ জছিম বিন হামাদ বিন খলিফা আল-থানিয়ে বিশ্বকাপৰ ষ্টেডিয়ামত বিয়েৰ বিক্ৰীত আপত্তি জনাইছিল। তেওঁ কাটাৰ ফুটবল এছ'চিয়েশ্যনৰ সভাপতিও। 

ৰাজপৰিয়ালক সৈমান কৰাটো সম্ভৱ নহয় বুলি অনুভৱ কৰি ফিফাৰ বিষয়াসকলে সংশ্লিষ্ট বিয়েৰ নিৰ্মাণকাৰী কোম্পানীবোৰৰ বিষয়াসকলৰ সৈতে আলোচনাত  বহিছিল। অৱশ্যে আলোচনাত কোনো সমাধান  সূত্ৰ নোলাল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক