--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিজেপিয়ে হাইজেক কৰিছে জি-২০ বৈঠক! বৈঠকৰ ল’গ’ত পদুম চিহ্ন ব্যৱহাৰ কৰি জি-২০ ক হাইজেক কৰিছে বিজেপিয়ে। এই দাবী কৰিছে জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফতিয়ে।

উল্লেখ্য যে আজিৰ পৰা জম্মু-কাশ্মীৰত আৰম্ভ হ’ব জি-২০ বৈঠক। আজিৰ পৰা ২৪ মে’লৈ জম্মু-কাশ্মীৰত অনুষ্ঠিত হ’ব জি-২০ পৰ্যটন কৰ্মগোটৰ বৈঠক। বৈঠকৰ সময়ত সম্ভাৱ্য সন্ত্ৰাসবাদী আক্ৰমণৰ বিষয়ে চোৰাংচোৱা তথ্য লাভ কৰাৰ পিছতে শ্ৰীনগৰত নিৰাপত্তা অধিক শক্তিশালী কৰা হৈছে।

তাৰ পূৰ্বে বিজেপিক সমালোচনা কৰি এই মন্তব্য কৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে। মুফতিয়ে লগতে জি-২০ বৈঠকৰ কোনো বিৰোধিতা কৰা নাই বুলি স্পষ্ট কৰি দিয়ে। 

“মই কোনো কথাৰ বিৰোধিতা কৰা নাই। জি-২০ সমগ্ৰ দেশৰ বাবে এক অনুষ্ঠান যদিও বিজেপিয়ে এই অনুষ্ঠান হাইজেক কৰিছে। আনকি ল’গ’ৰ স্থানত পদুম সংলগ্ন কৰিছে। ল’গ’টো কোনো দলৰ সৈতে নহয়, দেশৰ সৈতে জড়িত হ’ব লাগিছিল।”- মুফতিয়ে কয়।

জম্মু-কাশ্মীৰৰ সমস্যাসমূহৰ ওপৰত আলোচনা আৰু সমাধানৰ বাবে ছাৰ্ক (SAARC)ৰ বৈঠক অনুষ্ঠিত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিতেওঁ লগতে কয়, “মোৰ সমস্যা কাশ্মীৰত অনুষ্ঠিত হোৱা জি-২০ লৈ নহয়। মোৰ কথা হ’ল আমাৰ সমস্যাসমূহ অঞ্চলটোৰ ভিতৰতে আছে।”

নিজ মন্তব্যত মুফতিয়ে দেশৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ প্ৰসঙ্গও উল্লেখ কৰে। দেশৰ সাৰ্বভৌমত্ব বা জম্মু-কাশ্মীৰৰ অখণ্ডতাৰ লগত আপোচ নকৰাকৈ বাজপেয়ীয়ে কাশ্মীৰ সমস্যা সমাধানৰ চেষ্টা কৰিছিল বুলি মুফতিয়ে মন্তব্য কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস