--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিজেপিয়ে হাইজেক কৰিছে জি-২০ বৈঠক! বৈঠকৰ ল’গ’ত পদুম চিহ্ন ব্যৱহাৰ কৰি জি-২০ ক হাইজেক কৰিছে বিজেপিয়ে। এই দাবী কৰিছে জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফতিয়ে।

উল্লেখ্য যে আজিৰ পৰা জম্মু-কাশ্মীৰত আৰম্ভ হ’ব জি-২০ বৈঠক। আজিৰ পৰা ২৪ মে’লৈ জম্মু-কাশ্মীৰত অনুষ্ঠিত হ’ব জি-২০ পৰ্যটন কৰ্মগোটৰ বৈঠক। বৈঠকৰ সময়ত সম্ভাৱ্য সন্ত্ৰাসবাদী আক্ৰমণৰ বিষয়ে চোৰাংচোৱা তথ্য লাভ কৰাৰ পিছতে শ্ৰীনগৰত নিৰাপত্তা অধিক শক্তিশালী কৰা হৈছে।

তাৰ পূৰ্বে বিজেপিক সমালোচনা কৰি এই মন্তব্য কৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে। মুফতিয়ে লগতে জি-২০ বৈঠকৰ কোনো বিৰোধিতা কৰা নাই বুলি স্পষ্ট কৰি দিয়ে। 

“মই কোনো কথাৰ বিৰোধিতা কৰা নাই। জি-২০ সমগ্ৰ দেশৰ বাবে এক অনুষ্ঠান যদিও বিজেপিয়ে এই অনুষ্ঠান হাইজেক কৰিছে। আনকি ল’গ’ৰ স্থানত পদুম সংলগ্ন কৰিছে। ল’গ’টো কোনো দলৰ সৈতে নহয়, দেশৰ সৈতে জড়িত হ’ব লাগিছিল।”- মুফতিয়ে কয়।

জম্মু-কাশ্মীৰৰ সমস্যাসমূহৰ ওপৰত আলোচনা আৰু সমাধানৰ বাবে ছাৰ্ক (SAARC)ৰ বৈঠক অনুষ্ঠিত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিতেওঁ লগতে কয়, “মোৰ সমস্যা কাশ্মীৰত অনুষ্ঠিত হোৱা জি-২০ লৈ নহয়। মোৰ কথা হ’ল আমাৰ সমস্যাসমূহ অঞ্চলটোৰ ভিতৰতে আছে।”

নিজ মন্তব্যত মুফতিয়ে দেশৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ প্ৰসঙ্গও উল্লেখ কৰে। দেশৰ সাৰ্বভৌমত্ব বা জম্মু-কাশ্মীৰৰ অখণ্ডতাৰ লগত আপোচ নকৰাকৈ বাজপেয়ীয়ে কাশ্মীৰ সমস্যা সমাধানৰ চেষ্টা কৰিছিল বুলি মুফতিয়ে মন্তব্য কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পাঁচ বছৰত বন্ধ ২৩ সহস্রাধিক চৰকাৰী বিদ্যালয়
বেংক ঋণ জালিয়াতিৰ গোচৰ ! অনিল আম্বানিৰ বাসভৱনত চি বি আইৰ তালাচী
১৩ ছেপ্টেম্বৰত প্রধানমন্ত্রীয়ে উদ্বোধন কৰিব মিজোৰামৰ নতুন ৰে'লপথ
ডুৰাণ্ড কাপত নৰ্থ-ইষ্ট ইউনাইটেডৰ অভিলেখ
দুদিনীয়া ভ্রমণসূচীৰে বাংলাদেশত পাকিস্তানৰ উপ-প্রধানমন্ত্রী
৯০% মছজিদৰ ইমাম 'অচিনাকি' মানুহ, ৰাজ্যিক বিজেপিৰ মুখপাত্র মমিনুল আৱালৰ বিস্ফোৰণ
হৃদযন্ত্ৰ সুস্থ কৰি ৰখাৰ ওপৰত গুৰুত্ব দিয়ক! নহ'লে বিপদ অনিবাৰ্য
অটো চালক জামছেদ আলীৰ অসভ্যালি! মহিলাক যাত্ৰীক গন্তব্য স্থানৰ পৰিবৰ্তে অন্য স্থানলৈ নিয়াৰ চেষ্টা
তিতাবৰত লাভ জেহাদৰ ভয়ংকৰ ঘটনা!  বোৰ্খা নিপিন্ধা বাবে আৰু গো মাংস ভক্ষণ নকৰাৰ বাবেই অন্তঃসত্ত্বা মহিলাক অকথ্য নিৰ্যাতন
ধুবুৰীত স্বাধীনতা দিৱসত যুৱতীৰ অশ্লীল নৃত্য! অধ্যক্ষসহ ২ শিক্ষক, ৩ পঞ্চায়ত সদস্যক আটক
১৩টা বলত ৫০ ৰান! ১৩৬ বছৰীয়া অভিলেখ ভংগ এইগৰাকী খেলুৱৈৰ
কোটিপতি অৰ্জুন তেণ্ডুলকাৰ! আপুনি জানেনে জুনিয়ৰ শচীনৰ নেট ৱৰ্থ?
২৩ আগষ্টত শনি অমৱস্যা ! এই প্ৰতিকাৰ কৰিলে সকলো সমস্যা হ'ব দূৰ
পাকিস্তানত ২৪ ঘণ্টাত ১৩ শিশুসহ ৩৪০জনৰ মৃত্যু, খাইবাৰ পাখতুনখাৱাত আকস্মিক বানৰ তাণ্ডৱ