--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চলিত মাহতে মুকলি হ’ব  পাৰে দেশৰ নতুন সংসদ ভৱন। মোদীৰ চৰকাৰে এইক্ষেত্ৰত যাৱতীয় সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা বুলি জানিব পৰা গৈছে। ইতিমধ্যে কংগ্ৰেছে নতুন সংসদ ভৱন উদ্বোধনক লৈ বিতৰ্কৰ সূচনা কৰিছে।কংগ্ৰেছৰ মতে নতুন সংসদ ভৱনটো বিধি অনুসৰি ৰাষ্ট্ৰপতিয়ে উদ্বোধন কৰিব লাগে।

 কিন্তু উদ্বোধন কৰাটো বাদেই ,ৰাষ্ট্ৰপতিক উক্ত অনুষ্ঠানলৈ আমন্ত্ৰণেই জনোৱা হোৱা নাই বুলি কংগ্ৰেছে অভিযোগ কৰিছে। কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেই মোদী চৰকাৰক এইবুলি  প্ৰশ্ন কৰিছে  যে এই উদ্বোধন প্ৰধানমন্ত্ৰীৰ পৰিৱৰ্তে ৰাষ্ট্ৰপতিক  কিয় কৰিবলৈ মতা হোৱা নাই? তেওঁ লগতে অভিযোগ কৰে যে বিজেপিয়ে  কেৱল নিৰ্বাচনী কাৰণত দলিত আৰু জনজাতীয় সম্প্ৰদায়ৰ পৰা ৰাষ্ট্ৰপতি বাছনি কৰিছিল।

 বিৰোধীয়ে লগতে কয় যে প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দক নতুন সংসদৰ আধাৰশিলা স্থাপন অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা হোৱা নাছিল। এতিয়া ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক নতুন সংসদ ভৱনৰ উদ্বোধনৰ বাবে আমন্ত্ৰণ জনোৱা হোৱা নাই। ৰাষ্ট্ৰপতিয়ে চৰকাৰ, বিৰোধী আৰু প্ৰতিজন নাগৰিকক সমানে প্ৰতিনিধিত্ব কৰে। তেওঁ ভাৰতৰ প্ৰথম নাগৰিক। যদি তেওঁ উদ্বোধন কৰে, ই গণতান্ত্ৰিক মূল্যবোধ আৰু সাংবিধানিক মৰ্যাদাৰ প্ৰতি চৰকাৰৰ প্ৰতিশ্ৰুতিৰ প্ৰতীক হ'ব বুলিও বিৰোধীয়ে কয়। 

উল্লেখ্য  ৯৭১ কোটি টকা ব্যয়ৰে নিৰ্মাণ আৰম্ভ কৰা   সংসদ ভৱনৰ বাবে নিৰ্মাণ ব্য়য়  ২২৯ কোটি টকা অতিৰিক্তভাৱে আৱণ্টন দি নিৰ্মাণ ব্যয় সৰ্বমুঠ ১,২৫০ কোটি টকা কৰা হৈছিল৷   সংসদ ভৱন নিৰ্মাণৰ দায়িত্ব লাভ কৰিছে টাটা গ্ৰুপে ৷চাৰিমহলীয়া নতুন সংসদ ভৱনটো ১৩ একৰ ভূমিত নিৰ্মাণ কৰা হৈছে।ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে চলিত মাহতে  নতুন সংসদ ভৱন উদ্বোধন কৰিবলৈ সাজু হৈছে। যদি সকলো ঠিকে থাকে, সংসদৰ আগন্তুক অধিৱেশন নতুন সংসদ ভৱনতে অনুষ্ঠিত হ'ব।

 কেন্দ্ৰৰ মোদী চৰকাৰে ২৬ মে'ত ন বছৰ সম্পূৰ্ণ কৰিব। মোদীয়ে তেওঁৰ চৰকাৰৰ বাৰ্ষিকী উদযাপনৰ বাবে খৰখেদাকৈ নতুন সংসদ ভৱন উদ্বোধন কৰিবলৈ সাজু হৈছে বুলি সেয়ে ধাৰণা কৰা হৈছে। ২০২০ চনৰ ডিচেম্বৰ মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেন্দ্ৰীয় ভিষ্টা প্ৰকল্পৰ অধীনত নতুন সংসদ ভৱনৰ আধাৰশিলা স্থাপন কৰিছিল। ১,২২৪ আসনৰ সংসদ ভৱনটো ইতিমধ্যে প্ৰায় নিৰ্মাণ হৈ উঠিছে।সংসদ ভৱনৰ ভিতৰৰ ফটোও মুকলি কৰা হৈছে। নতুন সংসদ ভৱনৰ পুথিভঁৰালৰ পৰা সভাকক্ষলৈকে সকলো ঠাইতে অত্যাধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে। নতুন সংসদ ভৱনত এটা কোঠা আছে, য'ত ভাৰতীয় সংবিধানৰ পাণ্ডুলিপি ৰখা হৈছে আৰু এই কোঠাটো অত্যাধুনিক উপায়েৰে সজ্জিত কৰা হৈছে। নতুন সংসদ ভৱনত যাতে বিকলাঙ্গ লোকসকলে মুক্তভাৱে চলাচল কৰিব পাৰে তাৰ ব্যৱস্থাও কৰা হৈছে।

 নতুন সংসদ ভৱনৰ প্ৰতিটো কোণ দেশৰ বিভিন্ন ৰাজ্যৰ শিল্পকৰ্মেৰে সজোৱা বুলি জানিব পৰা গৈছে। নতুন সংসদত তিনি খন প্ৰৱেশদ্বাৰ আছে। জ্ঞানৰ দুৱাৰ, শক্তিৰ দুৱাৰ, আৰু কাৰ্যৰ দুৱাৰ। সাংসদ আৰু ভিআইপিসকলৰ বাবেও বিশেষ দুৱাৰ থাকিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ চৰকাৰৰ নৱম বাৰ্ষিকীত লোকসভা নিৰ্বাচনৰ ৰণশিঙা বজাব বিচাৰে। এয়া নতুন সংসদ ভৱনৰ উদ্বোধনৰ দ্বাৰাই আৰম্ভ হ'ব বুলি বহুতে চৰ্চা কৰিছে।  

FOLLOW US F
POPULAR
FEATURE
TRENDY
লোকসভাত শিক্ষা মন্ত্ৰ্যালয়ৰ তথ্যত প্ৰকাশ; এবছৰত দেশৰ ১০ হাজাৰ চৰকাৰী প্ৰাথমিক বিদ্যালয় বন্ধ
মুকালমুৱাত শোকৰ বন্যা! নাগাৰা নামৰ পাঠিকা প্ৰতীক্ষা বৰ্মনৰ চৰম সিদ্ধান্ত
জৰ্জিনা ৰ’ড্ৰিগেজৰ সৈতে বিবাহপাশত আবদ্ধ ‘CR7’
ৰাম মন্দিৰৰ দান চুৰি প্ৰসংগ; ১৭ আগষ্টত শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে
চুলিৰ সমস্যা দূৰ কৰে এল’ভেৰাই; কেনেদৰে কৰিব ব্যৱহাৰ?
নগাঁৱত দুই চিলনী চোৰে পইচাৰ বেগ টানি নিবলৈ খোজোতেই দুৰ্ঘটনাত পতিত পিতা-পুত্ৰী
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত
ডিব্ৰুগড়ৰ ডিএইচএছকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ