--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাৰ্শ্ব একাদশী, যাক পৰিৱৰ্তনীয় একাদশী বা পদ্ম একাদশী বুলিও জনা যায়, ভগৱান বিষ্ণুৰ ভক্তসকলৰ বাবে এক গুৰুত্বপূৰ্ণ দিন, যাক উপবাস আৰু প্ৰাৰ্থনাৰ দ্বাৰা পালন  কৰা হয়।

এবছৰত, প্ৰায় ২৪  টা একাদশী পালন কৰা হয় আৰু তাৰ ভিতৰত পাৰ্শ্ব একাদশী হৈছে এক গুৰুত্বপূৰ্ণ অনুষ্ঠান যাক অতি ভক্তিৰে উদযাপন কৰা হয়।  পাৰ্শ্ব একাদশী এই বছৰৰ ২৫ ছেপ্টেম্বৰ আৰু ২৬ ছেপ্টেম্বৰত পৰিছে। বাৰ দুটা হৈছে  সোমবাৰ আৰু মঙলবাৰ।

পূজাৰ ৰীতি-নীতি:

ভক্তসকলে পুৱা গা-পা ধুই উঠি  ভগৱান বিষ্ণুৰ মূৰ্তি স্থাপন আৰু উপাসনা কৰিব লাগে। দিনটোত, তেওঁলোকে একাদশী ব্ৰত কথা উচ্চাৰণ কৰিব সাগে আৰু বিষ্ণু সহস্ৰনাম পাঠ কৰিব লাগে। আৰতিও পৰিৱেশন কৰা হয়। মন কৰিবলগীয়া যে একাদশীত চাউল খোৱা নিষিদ্ধ।





শুভ মুহূৰ্ত

২৬ ছেপ্টেম্বৰত আবেলি ১.২৫ বজাত আৰম্ভ হ’ব আৰু আবেলি ৩.৪৯ বজাত সমাপ্ত হ’ব। ২৭  ছেপ্টেম্বৰতো গৌনা একাদশীৰ বাবে সময় পুৱা ৬.১২ বজাত আৰম্ভ হ’ব আৰু পুৱা ৮.৩৬  বজাত সমাপ্ত হ’ব।এই সময়ছোৱাত ভগৱান বিষ্ণুক আৰাধনা কৰিলে ভাল ফল পোৱা যায়। 

তাৎপৰ্য:

পাৰ্শ্ব একাদশীৰ বিশেষ গুৰুত্ব আছে।   বিশ্বাস কৰা হয় যে ভগৱান বিষ্ণুৱে আজিৰ দিনটোতে তেওঁৰ শয়নৰ  স্থিতি বাওঁফালৰ পৰা সোঁফাললৈ সলনি কৰে, সেয়েহে এই একাদশীৰ নাম পাৰ্শ্ব একাদশী বা পৰিৱৰ্তনশীল একাদশী । কিছুমান অঞ্চলত, ভক্তসকলে  বামন অৱতাৰত ভগৱান বিষ্ণুৰ উপাসনা কৰে। উপবাস পালন কৰা আৰু ভক্তিৰে প্ৰাৰ্থনা কৰাটোৱে ব্ৰতৰ নিয়ম।  বিশ্বাস কৰা হয় যে এই দিনটোৰ ৰীতি-নীতি পালন কৰিলে কৃতকৰ্মৰ বোজা হ্ৰাস কৰাত সহায় হয়  আৰু  জন্ম আৰু মৃত্যুৰ চক্ৰৰ পৰা মানুহ  মুক্ত হ’ব  পাৰে, ফলত মানুহে  দুখ-শোক-জৰা-ব্যাধিৰ পৰা  পৰিত্ৰাণ পাব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী