--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বাস্তুশাস্ত্ৰৰ বিধি অনুসৰণ কৰি নিৰ্মাণ কৰা ঘৰত সদায় সুখ শান্তি বিৰাজ কৰে। কিন্তু ঘৰ নিৰ্মাণৰ ক্ষেত্ৰত যদি বাস্তু শাস্ত্ৰৰ বিধি সঠিকভাৱে মানি চলা নহয় তেন্তে তেনে ঘৰৰ পৰা সুখ শান্তিয়ে পলাই ফাট মাৰে।

ঘৰ এটা বাস্তু শাস্ত্ৰৰ বিধি অনুসৰি সাজিলেই নহ'ব। তাত কোনটো বস্তু কেনে স্থানত ৰাখিব লাগিব সেই বিষয়েও বাস্তু শাস্ত্ৰৰ বিধি অনুসৰিহে কাৰ্যব্যৱস্থা গ্ৰহণ কৰিব লাগিব। থকা ঘৰৰ লগতে কাৰখানা দোকান ঘৰ আদিৰ ক্ষেত্ৰতো একে কথাই প্রযোজ্য হয়।

 ঘৰত ছাত্ৰ-ছাত্ৰীয়ে পঢ়া-শুনা কৰাৰ বাবে আছুতীয়া কোঠাৰ প্ৰয়োজন হয়। আচুতীয়া কোঠা নহ'লে ছাত্ৰ-ছাত্ৰীসকলৰ পঢ়াত ব্যাঘাত জন্মে। সেইবাবে ছাত্ৰ-ছাত্ৰীসকলে নিৰিবিলি পৰিৱেশত যাতে অধ্যয়ন কৰিব পাৰে সেইবাবে সুকীয়া কোঠা নিৰ্ধাৰণ কৰিব লাগে। ছাত্ৰ-ছাত্ৰীয়ে পঢ়া-শুনা কৰাৰ বাবে ঘৰৰ উত্তৰ-পূব বা পূব দিশে কোঠা নিৰ্ধাৰণ কৰিব লাগে। উত্তৰ-পূব বা পূব দিশে থকা কোঠাত অধ্যয়ন কৰিলে ছাত্ৰ-ছাত্ৰীৰ একাগ্ৰতা তথা মনোযোগ বৃদ্ধি পায়। ফলত ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়নৰ ক্ষেত্ৰত সফলতা অৰ্জন কৰিবলৈ সক্ষম হয়।

ঘৰৰ ভিতৰত ৰান্ধনীশাল সদায় দক্ষিণ-পূব দিশত ৰাখিব লাগে । এই দিশটো হৈছে অগ্নিৰ অৱস্থানৰ দিশ। সেয়ে এই দিশটোত ৰান্ধনীশাল স্থাপন কৰিব লাগে । এই দিশটোতে ঘৰৰ ইলেকট্রিক মিটাৰ আদিও স্থাপন কৰিব লাগে । ঘৰৰ উত্তৰ-পূব দিশত বা মাজ ভাগত কেতিয়াও ৰান্ধনীশাল নতুন বৈদ্যুতিক সা-সৰঞ্জাম আদি স্থাপন কৰিব নালাগে । একেদৰে কাৰখানাৰ ক্ষেত্ৰত সদায় দক্ষিণ-পূব দিশতহে কাৰখানাৰ বয়লাৰ আদি স্থাপন কৰিব লাগে।





ঘৰত পানী ৰখা জলাধাৰ, স্নানাগাৰ আৰু পানী সম্পৰ্কীয় যিকোনো স্থান সদায় উত্তৰ-পশ্চিম কোণত স্থাপন কৰিব লাগে। ঘৰৰ দক্ষিণ পূব দিশত কেতিয়াও স্নানাগাৰ, শৌচাগাৰ, জলাধাৰ, দমকল আদি স্থাপন কৰিব নালাগে । ঘৰত যিদৰে মানুহে বাস কৰে ঠিক তেনেদৰে ঘৰত দেৱতাই বাস কৰাৰ বাবেও বিশেষ গৃহৰ প্ৰয়োজন হয়। তেনে গৃহক আমি সাধাৰণতে মন্দিৰ বুলি কও। ঘৰত এটা মন্দিৰ থাকিলে ঘৰৰ পৰিবেশ সুন্দৰ হৈ থাকে আৰু নানান অপায় অমংগলৰ পৰা গৃহস্থ ৰক্ষা পৰে।  ঘৰত মন্দিৰ স্থাপনৰ উপযুক্ত দিশ হ'ল উত্তৰ-পূব দিশ। উত্তৰ-পূব দিশত স্থাপন কৰা মন্দিৰত বিধি অনুসৰি দেৱ-দেৱতাৰ মূৰ্তি অথবা ছবি ৰাখিব লাগে।

ঘৰত নানান ধৰণৰ ওজনযুক্ত বস্তু ৰখা হয়। তেনে ওজনযুক্ত বস্তুসমূহ ঘৰৰ য'তে ত'তে ৰাখিলে দুৰ্ঘটনা হোৱাৰ আশংকা থকাৰ লগতে নানান অমংগল হ'ব পাৰে। ঘৰত সদায় ওজনযুক্ত বস্তু আৰু ভঁৰালগৃহ ঘৰৰ দক্ষিণ-পশ্চিম দিশত স্থাপন কৰা উচিত। ভঁৰালগৃহ কেতিয়াও উত্তৰ-পূব, দক্ষিণ-পূর্ব, উত্তৰ- পশ্চিম দিশত স্থাপন কৰিব নালাগে। এই দিশকেইটাত কোনো গধুৰ বস্তু ৰাখিব নালাগে ৷ একেদৰে ঘৰৰ মধ্যস্থলত ভঁৰালগৃহ স্থাপন কৰিব নালাগে আৰু কোনো অত্যধিক ওজনৰ বস্তু ৰাখিব নালাগে ।

নিদ্ৰা মানুহৰ বাবে অপৰিহাৰ্য । দিনটোৰ কঠোৰ পৰিশ্ৰমৰ অন্তত মানুহে নিশা ভালদৰে শুব নোৱাৰিলে পিছদিনাৰ বাবে তেওঁ কাম কৰাৰ শক্তি নাপায়।সেইবাবে প্ৰতিটো ঘৰতে একোটা নিৰ্দিষ্ট শোৱনি কোঠা থকাটো বাঞ্ছনীয় ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী