--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সমাজত বিভিন্ন ধৰণৰ লোক  লগ পোৱা যায়। সকলোলোকেই আপোনাৰ শুভাকাংক্ষী নহ’বও পাৰে।   বহু লোকে ক্ষুদ্ৰ  স্বাৰ্থৰ বাবে যিকোনো কামেই কৰিব পাৰে, আপোনাকো প্ৰতাৰণা কৰিব পাৰে। চাণক্যই তেনে লোকসকলৰ পৰাই আঁতৰত থকাৰ পৰামৰ্শ দি গৈছে৷ চাণক্যই কেনে লোকৰ পৰা দূৰত থকাৰ কথা কৈছে জানো আহক- 

যিসকলে অতি মিঠা কথা কয়:  অতি মিঠা কথা কোৱা  লোকসকলৰ প্ৰতি সাৱধান হোৱাটো সদায়ে প্ৰয়োজনীয়। এনে লোকসকলে মিঠা মিঠা কথাৰে সময়ত আপোনাক  প্ৰতাৰণা কৰিব পাৰে।

যিসকলে সদায় স্বাৰ্থ থাকিলেহে আপোনাৰ কথা মনত পেলায়ঃ যিসকলে সদায় স্বাৰ্থ থাকিলেহে বা কামৰ বেলিকাহে আপোনাৰ কথা মনত পেলায় তেনে লোকৰ পৰাও দূৰত থাকিব লাগে৷ কাৰণ তেনে লোকে আন কথাত আপোনাৰ প্ৰতি সচেতন নহয়, কেৱল কাম আদায় কৰিবলৈহে আপোনাক বিচাৰে৷ 

যিসকল লোকে ডাঙৰ প্ৰতিশ্ৰুতি দিয়েঃ ডাঙৰ ডাঙৰ প্ৰতিশ্ৰুতি দিয়া লোকসকলকো এৰাই চলিব লাগে৷  আমি  এনে লোকসকলৰ পৰা সঠিক দূৰত্ব বজাই ৰাখিব লাগে, কিয়নো এনে লোকসকল সময় হ'লে আপোনাৰ কাষলৈ আহিব প্ৰতিশ্ৰুতি দিব৷ পিছত কাম হৈ গ’লে সেই প্ৰতিশ্ৰুতি পাহৰি যাব৷ 

যিসকল লোকে আপোনাৰ সন্মুখত প্ৰশংসা কৰি পিছত সমালোচনা কৰেঃ যিসকল লোকে আপোনাৰ সন্মুখত আপোনাৰ শুভাকাংক্ষী হৈ দেখুৱায়, কিন্তু আপোনাৰ পিছফালে আপোনাক লৈ আলোচনা কৰে তেনে লোকক আসৈ নিদিব৷   আপুনি সেই লোকসকলৰ পৰা আঁতৰি থাকিব ৷ এনে মানুহে যিকোনো সময়তে আপোনাৰ ক্ষতি কৰিব পাৰে আৰু সমাজত আপোনাৰ ভাবমূৰ্তি কলুষিত কৰিব পাৰে।

প্ৰতাৰণা কৰা লোক: এবাৰ যদি কোনোবাই আপোনাক প্ৰতাৰণা কৰে তেন্তে তেনে লোকৰ পৰা পিছলৈ আঁতৰি থকাই ভাল৷ নহ’লে আকৌ প্ৰতাৰণাৰ চিকাৰ হ’ব পাৰে৷ 

যিসকলে অত্যাধিক প্ৰশংসা কৰেঃ জীৱনত প্ৰশংসাৰ প্ৰয়োজনীয়তা আছে৷  কিন্তু কিছুমান লোকে  তেওঁলোকৰ লাভৰ বাবে মিছাকৈয়ে প্ৰশংসা কৰি কাম আদায় কৰিবলৈ বিচাৰে। এনে লোকসকল আপোনাৰ গুণৰ সৈতে সম্পৰ্কিত নহয়, কিন্তু আপোনাৰ স্থিতি আৰু সন্মানৰ সৈতে সম্পৰ্কিত। এনে লোকৰ সৈতে থাকিলে আপোনাৰ ক্ষতি হ’ব পাৰে৷  সেয়েহে তেওঁলোকৰ পৰা আঁতৰি থাকিব। 


বদ  অভ্যাস থকা লোকৰ পৰা দূৰত্ব বজাই ৰাখিবঃ বেয়া  অভ্যাস থকা লোকৰ পৰা দূৰত্ব বজাই ৰখাটো আপোনাৰ বাবে ভাল। এনে লোকৰ সংগ ভাল নহয়। ই আপোনাৰ ভাল প্ৰতিচ্ছবি নষ্ট কৰে, যাৰ বাবে আপোনাৰ খ্যাতি নষ্ট হ’ব পাৰে৷ 

মিছা কথা কোৱা লোকৰ পৰা দূৰত্ব বজাই ৰখা উচিতঃ প্ৰয়োজন হ'লে এটা বা দুটা মিছা কোৱাটো স্বাভাৱিক, কিন্তু আপুনি প্ৰায়ে মিছা কোৱা লোকৰ পৰা দূৰত্ব বজাই ৰখা উচিত। এনে মানুহে আপোনাক যিকোনো সময়তে ডাঙৰ সমস্যাত পেলাব পাৰে। লগতে, আপোনাক যিকোনো লোকৰ সন্মুখত লাজত পেলাব  পাৰে। 



FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু