--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সমাজত বিভিন্ন ধৰণৰ লোক  লগ পোৱা যায়। সকলোলোকেই আপোনাৰ শুভাকাংক্ষী নহ’বও পাৰে।   বহু লোকে ক্ষুদ্ৰ  স্বাৰ্থৰ বাবে যিকোনো কামেই কৰিব পাৰে, আপোনাকো প্ৰতাৰণা কৰিব পাৰে। চাণক্যই তেনে লোকসকলৰ পৰাই আঁতৰত থকাৰ পৰামৰ্শ দি গৈছে৷ চাণক্যই কেনে লোকৰ পৰা দূৰত থকাৰ কথা কৈছে জানো আহক- 

যিসকলে অতি মিঠা কথা কয়:  অতি মিঠা কথা কোৱা  লোকসকলৰ প্ৰতি সাৱধান হোৱাটো সদায়ে প্ৰয়োজনীয়। এনে লোকসকলে মিঠা মিঠা কথাৰে সময়ত আপোনাক  প্ৰতাৰণা কৰিব পাৰে।

যিসকলে সদায় স্বাৰ্থ থাকিলেহে আপোনাৰ কথা মনত পেলায়ঃ যিসকলে সদায় স্বাৰ্থ থাকিলেহে বা কামৰ বেলিকাহে আপোনাৰ কথা মনত পেলায় তেনে লোকৰ পৰাও দূৰত থাকিব লাগে৷ কাৰণ তেনে লোকে আন কথাত আপোনাৰ প্ৰতি সচেতন নহয়, কেৱল কাম আদায় কৰিবলৈহে আপোনাক বিচাৰে৷ 

যিসকল লোকে ডাঙৰ প্ৰতিশ্ৰুতি দিয়েঃ ডাঙৰ ডাঙৰ প্ৰতিশ্ৰুতি দিয়া লোকসকলকো এৰাই চলিব লাগে৷  আমি  এনে লোকসকলৰ পৰা সঠিক দূৰত্ব বজাই ৰাখিব লাগে, কিয়নো এনে লোকসকল সময় হ'লে আপোনাৰ কাষলৈ আহিব প্ৰতিশ্ৰুতি দিব৷ পিছত কাম হৈ গ’লে সেই প্ৰতিশ্ৰুতি পাহৰি যাব৷ 

যিসকল লোকে আপোনাৰ সন্মুখত প্ৰশংসা কৰি পিছত সমালোচনা কৰেঃ যিসকল লোকে আপোনাৰ সন্মুখত আপোনাৰ শুভাকাংক্ষী হৈ দেখুৱায়, কিন্তু আপোনাৰ পিছফালে আপোনাক লৈ আলোচনা কৰে তেনে লোকক আসৈ নিদিব৷   আপুনি সেই লোকসকলৰ পৰা আঁতৰি থাকিব ৷ এনে মানুহে যিকোনো সময়তে আপোনাৰ ক্ষতি কৰিব পাৰে আৰু সমাজত আপোনাৰ ভাবমূৰ্তি কলুষিত কৰিব পাৰে।

প্ৰতাৰণা কৰা লোক: এবাৰ যদি কোনোবাই আপোনাক প্ৰতাৰণা কৰে তেন্তে তেনে লোকৰ পৰা পিছলৈ আঁতৰি থকাই ভাল৷ নহ’লে আকৌ প্ৰতাৰণাৰ চিকাৰ হ’ব পাৰে৷ 

যিসকলে অত্যাধিক প্ৰশংসা কৰেঃ জীৱনত প্ৰশংসাৰ প্ৰয়োজনীয়তা আছে৷  কিন্তু কিছুমান লোকে  তেওঁলোকৰ লাভৰ বাবে মিছাকৈয়ে প্ৰশংসা কৰি কাম আদায় কৰিবলৈ বিচাৰে। এনে লোকসকল আপোনাৰ গুণৰ সৈতে সম্পৰ্কিত নহয়, কিন্তু আপোনাৰ স্থিতি আৰু সন্মানৰ সৈতে সম্পৰ্কিত। এনে লোকৰ সৈতে থাকিলে আপোনাৰ ক্ষতি হ’ব পাৰে৷  সেয়েহে তেওঁলোকৰ পৰা আঁতৰি থাকিব। 


বদ  অভ্যাস থকা লোকৰ পৰা দূৰত্ব বজাই ৰাখিবঃ বেয়া  অভ্যাস থকা লোকৰ পৰা দূৰত্ব বজাই ৰখাটো আপোনাৰ বাবে ভাল। এনে লোকৰ সংগ ভাল নহয়। ই আপোনাৰ ভাল প্ৰতিচ্ছবি নষ্ট কৰে, যাৰ বাবে আপোনাৰ খ্যাতি নষ্ট হ’ব পাৰে৷ 

মিছা কথা কোৱা লোকৰ পৰা দূৰত্ব বজাই ৰখা উচিতঃ প্ৰয়োজন হ'লে এটা বা দুটা মিছা কোৱাটো স্বাভাৱিক, কিন্তু আপুনি প্ৰায়ে মিছা কোৱা লোকৰ পৰা দূৰত্ব বজাই ৰখা উচিত। এনে মানুহে আপোনাক যিকোনো সময়তে ডাঙৰ সমস্যাত পেলাব পাৰে। লগতে, আপোনাক যিকোনো লোকৰ সন্মুখত লাজত পেলাব  পাৰে। 



FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ