--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : প্ৰতিজন ব্যক্তিয়ে জীৱনত ধন, টকা-পইচাৰ লগতে সুখ-সমৃদ্ধিৰ কামনা কৰে। কিন্তু বহু সময়ত ভাগ্যৰ অভাৱত হওক বা অন্য কোনো কাৰণতে হওক এনেকুৱা হৈ নুঠে। সেয়েহে বাস্তুশাস্ত্ৰত কিছুমান কথাত বিশেষ গুৰুত্ব দিয়া হৈছে। যদি এই নিয়মবোৰ সঠিকভাৱে পালন কৰা হয়, তেন্তে টকা-পইচাৰ লগতে ঘৰত সুখ-সমৃদ্ধিও বৃদ্ধি হয়।

 এই নিয়মবোৰ মানি চলক-

১. বাস্তুৰ মতে নিয়মিতভাৱে ঘৰ চাফা কৰাৰ সময়ত পানীত সাগৰীয় নিমখ ব্যৱহাৰ কৰক। এই প্ৰতিকাৰে ঘৰত ঋণাত্মক শক্তিৰ নাশ কৰি ধনাত্মক শক্তিৰ সঞ্চাৰ কৰে। এই প্ৰতিকাৰৰ দ্বাৰা পৰিয়ালত চলি থকা সমস্যাবোৰো হ্ৰাস হয়। কিন্তু দেওবাৰ, মঙলবাৰ আৰু বৃহস্পতিবাৰে নিমখ দি মচিব নালাগে।

২. বাস্তুশাস্ত্ৰৰ মতে মালক্ষ্মী তাতহে বাস কৰে য’ত পৰিষ্কাৰ-পৰিচ্ছন্নতাত অধিক গুৰুত্ব দিয়া হয়। ইয়াৰ উপৰি নিশা শোৱাৰ আগতে ভৰি ধুইহে শুব লাগে। নিয়মিতভাৱে এই কাম কৰিলে শৰীৰৰ ক্লান্তিৰ লগতে উদ্বিগ্নতাও দূৰ হৈ ধনাত্মক শক্তিৰ সঞ্চাৰ ঘটি লক্ষ্যত উপনীত হোৱাত সহায়ক হয়।

৩. বাস্তু বিশেষজ্ঞৰ মতে, অৰ্থনৈতিক প্ৰগতি আৰু ভাগ্য শক্তিশালী কৰিবলৈ ঘৰৰ সন্মুখত কেতিয়াও জাবৰ জমা হ’বলৈ নিদিব। ইয়াৰ বাহিৰেও পূজা কৰাৰ আগতে নিয়মিতভাৱে ঘৰৰ সন্মুখত গংগাজল ছটিয়াব লাগে। ইয়াৰ ফলত মালক্ষ্মী ঘৰত প্ৰৱেশ কৰে আৰু সন্ধিয়া ঘৰৰ মূল দুৱাৰত ঘিউৰ চাকি জ্বলাব লাগে।

 ৪. বাস্তুশাস্ত্ৰ মতে ঘৰত পূজাৰ সময়ত বা আৰতি কৰাৰ সময়ত কপূৰ জ্বলাব লাগে। বিশ্বাস কৰা হয় যে কপূৰৰ সুগন্ধি দ্ৰুতগতিত বিয়পি পৰে আৰু ধনাত্মক শক্তিৰ সঞ্চাৰ কৰে। এই প্ৰতিকাৰে কেৰিয়াৰত অগ্ৰগতিত সহায়ক হয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতীয় মহাকাশ, প্ৰতিৰক্ষা বিজ্ঞানীৰ দুটা গুৰুত্বপূৰ্ণ সম্পৰীক্ষা
বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত চোৰৰ সন্ত্ৰাস ! লুটি নিলে ইনভাৰ্টাৰ,বেটাৰী,পানী উঠোৱা মটৰ আৰু বৈদ্যুতিক তাঁৰ
অনিশ দয়াল সিঙক ভাৰতৰ উপ-ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা নিযুক্তি
পাক-ভাৰত সীমান্তৰ পৰা ১৫ পাকিস্তানী মাছমৰীয়াক আটক
'বিশ্ব অর্থনীতিৰ প্ৰৱাহ সলনি কৰিব পৰা শক্তিৰ অধিকাৰী হৈছে ভাৰত', 'ইক 'নমিক টাইম'ৰ ৱৰ্ল্ড লীডাৰ্ছ ফ'ৰামত প্ৰধানমন্ত্ৰীৰ দাবী
পণবন্দীৰ মুক্তিৰ দাবীত ৰাজপথ উত্তাল কৰিলে সহস্রাধিক ইজৰাইলীয়ে
ভাৰতত আৰম্ভ হ'ল iphone 17 ৰ উৎপাদন! ভাৰতৰ কোনবোৰ ৰাজ্যত আইফোন তৈয়াৰ কৰা হয় জানেনে?
সলনি হ'ব পাৰে GMCHৰ অধ্যক্ষ ; ডাঃ অচ্যুত বৈশ্যক শাস্তিমুলক বদলিৰ সম্ভাৱনা
৬ হাজাৰ ছাত্ৰৰ ভিছা বাতিল আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ
ৰাজ্যৰ বনাঞ্চলত উচ্ছেদক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়
আলমণ্ডৰ পৰা তৈয়াৰ কৰা গাখীৰ খোৱাটো কিমান উপকাৰী? জানি লওক সবিশেষ
নাম-কীৰ্তনেৰে মুখৰ ৰাজ্যৰ সত্ৰ-নামঘৰ, আৰম্ভ হ'ল পৱিত্ৰ ভাদ মাহ
২০ আগষ্টত 'চতিয়া দিৱস'ৰ প্ৰস্তুতি, ৰাজ্যিক স্বীকৃতিৰ পাছত প্ৰথমবাৰৰ বাবে চৰকাৰীভাৱে হ'ব উদযাপন
ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ ভয়াৱহ খহনীয়া! মাইজানৰ বৃহৎ অংশ নিলে উটুৱায়