--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: আজিৰে পৰা দেশত নিষিদ্ধ হব একক ব্যৱহাৰযোগ্য প্লাষ্টিক৷ ভাৰত চৰকাৰৰ পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ে এক জাননীযোগে সদৰী কৰিছিল যে চৰকাৰে আজিৰ পৰা সমগ্ৰ দেশত চিনাক্ত কৰা একক ব্যৱহাৰৰ প্লাষ্টিক সামগ্ৰী নিষিদ্ধ কৰিব। কেন্দ্ৰীয় চৰকাৰে কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদক দেশজুৰি এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিকৰ সামগ্ৰীৰ ব্যৱহাৰ নিষিদ্ধকৰণৰ নিৰ্দেশনা কাৰ্যকৰী কৰাৰ দায়িত্ব অৰ্পণ কৰিছে৷ কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণসমূহৰ জৰিয়তে প্ৰতিখন ৰাজ্যতে ইয়াক বলৱৎ কৰিব৷

বিবৃতিত কোৱা হৈছিল, ভাৰত চৰকাৰে আজিৰ পৰা সমগ্ৰ দেশতে নিম্ন উপযোগিতা আৰু অত্যধিক লেতেৰা কৰাৰ সম্ভাৱনা থকা চিনাক্ত কৰা একক ব্যৱহাৰৰ প্লাষ্টিক সামগ্ৰীৰ নিৰ্মাণ, আমদানি, মজুত, বিতৰণ, বিক্ৰী আৰু ব্যৱহাৰ নিষিদ্ধ কৰিব৷

সামুদ্ৰিক পৰিৱেশকে ধৰি স্থলজ আৰু জলজ পৰিস্থিতিতন্ত্ৰৰ ওপৰত প্লাষ্টিকৰ আৱৰ্জনাযুক্ত একক ব্যৱহাৰৰ প্লাষ্টিক সামগ্ৰীৰ প্ৰতিকূল প্ৰভাৱ বিশ্বব্যাপী স্বীকৃত। একক ব্যৱহাৰৰ ফলত হোৱা প্ৰদূষণৰ মোকাবিলা কৰাটো সকলো দেশে সন্মুখীন হোৱা এক গুৰুত্বপূৰ্ণ পাৰিপাৰ্শ্বিক প্ৰত্যাহ্বান হৈ পৰিছে বুলি এই বিবৃতিযোগে কোৱা হৈছে।

আজিৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰণালয়ে ১৯বিধ প্লাষ্টিকজাতীয় সামগ্ৰী বন্ধ কৰাৰ বাবে অভিযান আৰম্ভ কৰিব। কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিছে যে, ১৯ বিধ এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক সামগ্ৰীৰ উৎপাদন, আমদানি, জমা কৰি ৰখা, বিতৰণ, বিক্ৰী আৰু ব্যৱহাৰ নিষিদ্ধ কৰা হৈছে। কেৱল দিল্লীতে নহয় সমগ্ৰ দেশজুৰি কেইবাবিধো প্লাষ্টিকজাতীয় সামগ্ৰী নিষিদ্ধ কৰা হৈছে। 

সংবাদ মাধ্যমত প্ৰকাশ পোৱা মতে, চৰকাৰে বন্ধ কৰিবলগীয়া এই সামগ্ৰী ১৯ বিধ হৈছে এয়াৰ বাড, বেলুনত ব্যৱহাৰ কৰা প্লাষ্টিক ষ্টীক, পতাকা, চামুছ, চকলেটৰ ঠাৰি, আইচক্ৰীমৰ ঠাৰি, থাৰ্মকল প্লেট, কাপ, গিলাছ, কাঁটা চামুছ, ছুৰী, ষ্ট্ৰ, ট্ৰে, মিঠাইৰ টোপোলাত মেৰিওৱা বা টোপোলা বন্ধা কাগজ, আমন্ত্ৰণী পত্ৰ, চিগাৰেট পেকেট, ১০০ মাইক্ৰনছতকৈ কম প্লাষ্টিক বা পিভিচি বেনাৰ আদি।

এগৰাকী জ্যেষ্ঠ বিষয়াই এই বিষয়াই এই বিষয়ে প্ৰকাশ কৰি কৈছে যে, ‘আমি এনে ১৯ বিধ সামগ্ৰীৰ উৎপাদন, বিতৰণ, ব্যৱহাৰ, বিক্ৰী আদি নিষিদ্ধ কৰাৰ বাবে কঠোৰ নিষেধাজ্ঞা আৰোপ কৰিছোঁ। এই নিৰ্দেশনা নমনা প্ৰতিষ্ঠান বন্ধ কৰি দিয়া হব।

বিষয়াবৰ্গই এনে সামগ্ৰী উৎপাদন কৰা প্ৰতিষ্ঠানবোৰত অভিযানো চলাব। উল্লেখ্য যে, চৰকাৰে কেৱল এই সামগ্ৰীসমূহ বন্ধ কৰাই নহয়, ইয়াৰ বিকল্পসমূহৰ বিষয়ে সজাগতা সৃষ্টিৰ বাবে আজিৰ পৰা এখন তিনিদিনীয়া মেলাৰো আয়োজন কৰিছে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
যিমানে বিলাই দিবা সিমানে মহান হ'বা! ভিক্ষাৰী মহিলাই মন্দিৰলৈ দান কৰিলে ১.৮৩ লাখ টকা
ক্ষেত্ৰীত ভয়ংকৰ পথ দুৰ্ঘটনা! থিতাতে মৃত্যু দম্পতী গজেন্দ্ৰ মোহন দেৱ শৰ্মা আৰু অৰ্চনা শৰ্মাৰ
কেইদিনমানৰ পাছতে গেছ আৰু বদহজমৰ অন্ত পৰিব! প্ৰতিদিনে পুৱা খালী পেটত খাওক এইবিধ পানীয়
ফ্রান্স, কানাডা, ব্রিটেইনৰ পাছত আমেৰিকাৰ মিত্ৰ দেশৰ সিদ্ধান্ত; পেলেষ্টাইনক স্বীকৃতি দিব অষ্ট্ৰেলিয়াই
ট্রাম্পে চীনৰ বিৰুদ্ধে শুল্ক আৰোপৰ সিদ্ধান্ত লোৱা নাই: উপ-ৰাষ্ট্ৰপতি ভেন্স
ৰাজ্যবাসীৰ বাবে সু-খবৰ, চিৰিয়াখানাত কেশৰীয়ে জন্ম দিলে ৪টা সিংহৰ পোৱালি
'দুই নম্বৰী ধান্দাৰ সদাগৰ' বাপ্তি হাজৰিকা! কেৱল নাৰী দেহ ব্যৱসায়েই নহয় আৰু কি কি যে অপকৰ্ম কৰা নাই বাপ্তিয়ে
ট্রাম্পক প্ৰথমবাৰ মুকলি প্ৰত্যুত্তৰ ভাৰতৰ
জম্মু-কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকৰ মৃত্যু
ভাৰতৰ পক্ষ লৈ ট্রাম্পক উভতি ধৰিলে মস্কোৱে
জাঁজী নদীৰ দলঙৰ পৰা জাঁপ দিলে ছাত্ৰই! কোনোমতে প্ৰাণ ৰক্ষা
বাস্তু অনুসৰি ঘৰত এই সৰু সৰু পৰিৱৰ্তনবোৰ কৰক, টকাৰ অপচয় বন্ধ হৈ যাব
ঘগ্ৰাপাৰত বাছৰ পৰা বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ! আটক অৰূপ ডেকা
চুপাৰিৰ পৰিৱৰ্তে এইবাৰ নৈশ বাছেৰে সৰবৰাহ বস্তাই বস্তাই বার্মিজ কেঁচা তামোল