--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: আজিৰে পৰা দেশত নিষিদ্ধ হব একক ব্যৱহাৰযোগ্য প্লাষ্টিক৷ ভাৰত চৰকাৰৰ পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ে এক জাননীযোগে সদৰী কৰিছিল যে চৰকাৰে আজিৰ পৰা সমগ্ৰ দেশত চিনাক্ত কৰা একক ব্যৱহাৰৰ প্লাষ্টিক সামগ্ৰী নিষিদ্ধ কৰিব। কেন্দ্ৰীয় চৰকাৰে কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদক দেশজুৰি এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিকৰ সামগ্ৰীৰ ব্যৱহাৰ নিষিদ্ধকৰণৰ নিৰ্দেশনা কাৰ্যকৰী কৰাৰ দায়িত্ব অৰ্পণ কৰিছে৷ কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণসমূহৰ জৰিয়তে প্ৰতিখন ৰাজ্যতে ইয়াক বলৱৎ কৰিব৷

বিবৃতিত কোৱা হৈছিল, ভাৰত চৰকাৰে আজিৰ পৰা সমগ্ৰ দেশতে নিম্ন উপযোগিতা আৰু অত্যধিক লেতেৰা কৰাৰ সম্ভাৱনা থকা চিনাক্ত কৰা একক ব্যৱহাৰৰ প্লাষ্টিক সামগ্ৰীৰ নিৰ্মাণ, আমদানি, মজুত, বিতৰণ, বিক্ৰী আৰু ব্যৱহাৰ নিষিদ্ধ কৰিব৷

সামুদ্ৰিক পৰিৱেশকে ধৰি স্থলজ আৰু জলজ পৰিস্থিতিতন্ত্ৰৰ ওপৰত প্লাষ্টিকৰ আৱৰ্জনাযুক্ত একক ব্যৱহাৰৰ প্লাষ্টিক সামগ্ৰীৰ প্ৰতিকূল প্ৰভাৱ বিশ্বব্যাপী স্বীকৃত। একক ব্যৱহাৰৰ ফলত হোৱা প্ৰদূষণৰ মোকাবিলা কৰাটো সকলো দেশে সন্মুখীন হোৱা এক গুৰুত্বপূৰ্ণ পাৰিপাৰ্শ্বিক প্ৰত্যাহ্বান হৈ পৰিছে বুলি এই বিবৃতিযোগে কোৱা হৈছে।

আজিৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰণালয়ে ১৯বিধ প্লাষ্টিকজাতীয় সামগ্ৰী বন্ধ কৰাৰ বাবে অভিযান আৰম্ভ কৰিব। কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিছে যে, ১৯ বিধ এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক সামগ্ৰীৰ উৎপাদন, আমদানি, জমা কৰি ৰখা, বিতৰণ, বিক্ৰী আৰু ব্যৱহাৰ নিষিদ্ধ কৰা হৈছে। কেৱল দিল্লীতে নহয় সমগ্ৰ দেশজুৰি কেইবাবিধো প্লাষ্টিকজাতীয় সামগ্ৰী নিষিদ্ধ কৰা হৈছে। 

সংবাদ মাধ্যমত প্ৰকাশ পোৱা মতে, চৰকাৰে বন্ধ কৰিবলগীয়া এই সামগ্ৰী ১৯ বিধ হৈছে এয়াৰ বাড, বেলুনত ব্যৱহাৰ কৰা প্লাষ্টিক ষ্টীক, পতাকা, চামুছ, চকলেটৰ ঠাৰি, আইচক্ৰীমৰ ঠাৰি, থাৰ্মকল প্লেট, কাপ, গিলাছ, কাঁটা চামুছ, ছুৰী, ষ্ট্ৰ, ট্ৰে, মিঠাইৰ টোপোলাত মেৰিওৱা বা টোপোলা বন্ধা কাগজ, আমন্ত্ৰণী পত্ৰ, চিগাৰেট পেকেট, ১০০ মাইক্ৰনছতকৈ কম প্লাষ্টিক বা পিভিচি বেনাৰ আদি।

এগৰাকী জ্যেষ্ঠ বিষয়াই এই বিষয়াই এই বিষয়ে প্ৰকাশ কৰি কৈছে যে, ‘আমি এনে ১৯ বিধ সামগ্ৰীৰ উৎপাদন, বিতৰণ, ব্যৱহাৰ, বিক্ৰী আদি নিষিদ্ধ কৰাৰ বাবে কঠোৰ নিষেধাজ্ঞা আৰোপ কৰিছোঁ। এই নিৰ্দেশনা নমনা প্ৰতিষ্ঠান বন্ধ কৰি দিয়া হব।

বিষয়াবৰ্গই এনে সামগ্ৰী উৎপাদন কৰা প্ৰতিষ্ঠানবোৰত অভিযানো চলাব। উল্লেখ্য যে, চৰকাৰে কেৱল এই সামগ্ৰীসমূহ বন্ধ কৰাই নহয়, ইয়াৰ বিকল্পসমূহৰ বিষয়ে সজাগতা সৃষ্টিৰ বাবে আজিৰ পৰা এখন তিনিদিনীয়া মেলাৰো আয়োজন কৰিছে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
৬০০সংখ্যক টেষ্ট খেলিব ভাৰতে; ১৫ আগষ্টত শ্ৰীলংকাৰ গালেত ৰচনা হ’ব ইতিহাস
শিৱসাগৰৰ অভিজিত দুৱৰাৰ উদ্ভাৱন; বানে ঢকা নলা-নৰ্দমা আৰু গাঁতৰ পৰা হোৱা বিপদ ৰোধিবলৈ সৌৰ সুৰক্ষা যন্ত্ৰ নিৰ্মাণ
অসমৰ বানাক্ৰান্তালৈ সহায়ৰ হাত বিহাৰৰ ৰিপুৰাজ ফাউণ্ডেশ্যনৰ
কাৰ্বি পাহাৰত ধাৰাসাৰ বৰষুণ; বানৰ কবলত নগাঁও আমনিৰ কেইবাটাও অঞ্চল
ডাবৰ কোম্পানীৰ খাদ্য, পানীয় বিক্ৰীত নিষেধাজ্ঞা
সমগ্ৰ দেশৰ উদীয়মান কলাকাৰসকলক উপযুক্ত মঞ্চ প্ৰদান কৰিবলৈ ‘য়শ ৰাজ ফিল্মছ’ৰ ‘ৰাহ ৰেকৰ্ডছ’ মুকলি
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ