--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক শিহৰণকাৰী ঘটনাই জোকাৰি গৈছে মায়ানগৰী মুম্বাইক।মুম্বাইৰ কান্দিভালী অঞ্চলৰ এখন পৰিত্যক্ত চিকিৎসালয়ৰ ভিতৰত চাৰিজনকৈ লোকক মৃত অৱস্থাত পোৱা গৈছে । মৃতদেহ চাৰিটাৰ কাষতে উদ্ধাৰ হৈছে  চুইচাইড নোটো।

আৰক্ষীয়ে প্ৰকাশ কৰা মতে  এগৰাকী মহিলা আৰু তেওঁৰ দুই কন্যাক মহিলাগৰাকীৰেই  আন এগৰাকী কন্যাই   হত্যা কৰি  পিছত নিজেও আত্মহত্যা কৰা বুলিও সন্দেহ কৰা হৈছে।

 পৰিয়ালটোৰ গাড়ী চালকজনক কান্দিভালীৰ ঘৰটোত ওলমি থকা অৱস্থাত পোৱা গৈছে। আৰক্ষীয়ে প্ৰকাশ কৰা মতে ঘটনাটো সংঘটিত হোৱা  চিকিৎসালয়খন ১৫ বছৰ আগতে বন্ধ কৰা হৈছিল।   

 চিকিৎসালয়খনৰ ভিতৰত মহিলাগৰাকী আৰু তেওঁৰ এগৰাকী কন্যাক তেজৰ ডোঙাৰ মাজত মৃত অৱস্থাত উদ্ধাৰ কৰাৰ লগতে   আন এগৰাকী কন্যাআৰু চালকজনক  ওলমি থকা অৱস্থাত পোৱা গৈছে।

 মৃত অৱস্থাত পোৱা লোকসকলক কিৰণ দালভি, তেওঁৰ দুগৰাকী কন্যা - মুস্কান আৰু ভূমি - আৰু গাড়ী চালক শিৱদয়াল সেন বুলি চিনাক্ত কৰা হৈছে। 

আৰক্ষীৰ মতে, ভূমি আৰু সেনে কিৰণ আৰু মুস্কান দালভিক হত্যা কৰাৰ পিছত আত্মহত্যা কৰাৰ সন্দেহ কৰা হৈছে৷আৰক্ষীয়ে সেনৰ মৃতদেহৰ কাষৰ  পৰা এটা চুইচাইড নোট উদ্ধাৰ কৰিছে, য'ত দুয়োজনে দাবী কৰিছে যে তেওঁলোকে কিৰণ আৰু মুস্কানক কিছুমান ঘৰুৱা সমস্যাৰ বাবে হত্যা কৰিছে আৰু নিজেও জীৱন শেষ কৰি দিছে৷  

সন্দেহ কৰা মতে গাড়ী চালক শিৱদয়াল সেনৰ সৈতে হয়তো ভূমিৰ প্ৰেমৰ সম্পৰ্ক আছিল৷ যি কথাত বাধা দিয়াৰ বাবেই গোটেই পৰিয়ালটোকেই ভূমি আৰুগাড়ী চালক শিৱদয়াল সেনে শেষ কৰি দি নিজেও মৃত্যুক সাৱটিলে৷ অৱশ্যে তদন্তৰ পিছতহে সকলো কথা স্পষ্ট হ’ব৷






FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ