--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক শিহৰণকাৰী ঘটনাই জোকাৰি গৈছে মায়ানগৰী মুম্বাইক।মুম্বাইৰ কান্দিভালী অঞ্চলৰ এখন পৰিত্যক্ত চিকিৎসালয়ৰ ভিতৰত চাৰিজনকৈ লোকক মৃত অৱস্থাত পোৱা গৈছে । মৃতদেহ চাৰিটাৰ কাষতে উদ্ধাৰ হৈছে  চুইচাইড নোটো।

আৰক্ষীয়ে প্ৰকাশ কৰা মতে  এগৰাকী মহিলা আৰু তেওঁৰ দুই কন্যাক মহিলাগৰাকীৰেই  আন এগৰাকী কন্যাই   হত্যা কৰি  পিছত নিজেও আত্মহত্যা কৰা বুলিও সন্দেহ কৰা হৈছে।

 পৰিয়ালটোৰ গাড়ী চালকজনক কান্দিভালীৰ ঘৰটোত ওলমি থকা অৱস্থাত পোৱা গৈছে। আৰক্ষীয়ে প্ৰকাশ কৰা মতে ঘটনাটো সংঘটিত হোৱা  চিকিৎসালয়খন ১৫ বছৰ আগতে বন্ধ কৰা হৈছিল।   

 চিকিৎসালয়খনৰ ভিতৰত মহিলাগৰাকী আৰু তেওঁৰ এগৰাকী কন্যাক তেজৰ ডোঙাৰ মাজত মৃত অৱস্থাত উদ্ধাৰ কৰাৰ লগতে   আন এগৰাকী কন্যাআৰু চালকজনক  ওলমি থকা অৱস্থাত পোৱা গৈছে।

 মৃত অৱস্থাত পোৱা লোকসকলক কিৰণ দালভি, তেওঁৰ দুগৰাকী কন্যা - মুস্কান আৰু ভূমি - আৰু গাড়ী চালক শিৱদয়াল সেন বুলি চিনাক্ত কৰা হৈছে। 

আৰক্ষীৰ মতে, ভূমি আৰু সেনে কিৰণ আৰু মুস্কান দালভিক হত্যা কৰাৰ পিছত আত্মহত্যা কৰাৰ সন্দেহ কৰা হৈছে৷আৰক্ষীয়ে সেনৰ মৃতদেহৰ কাষৰ  পৰা এটা চুইচাইড নোট উদ্ধাৰ কৰিছে, য'ত দুয়োজনে দাবী কৰিছে যে তেওঁলোকে কিৰণ আৰু মুস্কানক কিছুমান ঘৰুৱা সমস্যাৰ বাবে হত্যা কৰিছে আৰু নিজেও জীৱন শেষ কৰি দিছে৷  

সন্দেহ কৰা মতে গাড়ী চালক শিৱদয়াল সেনৰ সৈতে হয়তো ভূমিৰ প্ৰেমৰ সম্পৰ্ক আছিল৷ যি কথাত বাধা দিয়াৰ বাবেই গোটেই পৰিয়ালটোকেই ভূমি আৰুগাড়ী চালক শিৱদয়াল সেনে শেষ কৰি দি নিজেও মৃত্যুক সাৱটিলে৷ অৱশ্যে তদন্তৰ পিছতহে সকলো কথা স্পষ্ট হ’ব৷






FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
বাস্তু অনুসৰি ঘৰত এই সৰু সৰু পৰিৱৰ্তনবোৰ কৰক, টকাৰ অপচয় বন্ধ হৈ যাব