--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: শনিবাৰে অৰ্থাৎ আজি বলীউডৰ অভিনেতা ৰাজকুমাৰ ৰাওৱে ৪০ বছৰীয়া জন্মদিন উদযাপন কৰিছে । তেওঁৰ বিশেষ দিনটোত অনুৰাগী সকলৰ বাবেও এটা সুন্দৰ দিন কাৰন এই বিশেষ দিনটোতে অভিনেতাজনে নিজৰ ছ’চিয়েল মিডিয়া হেণ্ডেলত তেওঁৰ আগন্তুক ছবি ‘‘মালিক’’ৰ পোষ্টাৰ শ্বেয়াৰ কৰে ৷ লগতে ছবিখনৰ শ্বুটিং ইতিমধ্যে আৰম্ভ হোৱা বুলিও প্ৰকাশ কৰে ।

এই ছবিখন পৰিচালনা কৰিছে পুলকিতে আৰু কুমাৰ তৌৰানী আৰু জয় শ্বেৱাক্ৰামনিয়ে টিপছ ফিল্মছ আৰু নৰ্দাৰ্ণ লাইটছ ফিল্মছৰ বেনাৰত প্ৰযোজনা কৰিছে । শনিবাৰে শ্বেয়াৰ কৰা পোষ্টাৰখনে ৰাওৰ চৰিত্ৰটো এক অন্ধকাৰ বা বিদ্ৰোহী হোৱাৰ ইংগিত দিছে, যদিও ছবিখনৰ কাহিনীৰ বিৱৰণ গোপনে ৰখা হৈছে ৷

ছ’চিয়েল মিডিয়াত পোষ্টাৰ শ্বেয়াৰ কৰি ৰাজকুমাৰ ৰাওৱে লিখিছে, "মালিক কি দুনিয়া মে আপকা স্বাগত হে । দৃশ্যগ্ৰহণ আৰম্ভ হৈছে, অতি সোনকালে আপোনালোকক লগ পাম !" এই ঘোষণাই নিশ্চিতভাৱে তেওঁৰ অনুৰাগীসকলৰ মাজত আগ্ৰহ জগাই তুলিছে, কম সময়ৰ ভিতৰতে এই পোষ্টটোৱে হাজাৰ হাজাৰ লাইক আৰু কমেণ্ট লাভ কৰিছে ।

এই ছবিখনত ৰাজকুমাৰ ৰাওক প্ৰথমবাৰৰ বাবে গেংষ্টাৰৰ চৰিত্ৰত দেখা যাব। উল্লেখ্য যে ভাৰতৰ বহু স্থানত ছবিখনৰ দৃশ্যগ্ৰহণ কৰা হ’ব। অৱশ্যে ৰাজকুমাৰ ৰাওৰ ‘মালিক’ ছবিখনৰ মুক্তিৰ তাৰিখ এতিয়াও ঘোষণা কৰা হোৱা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু