--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: শনিবাৰে অৰ্থাৎ আজি বলীউডৰ অভিনেতা ৰাজকুমাৰ ৰাওৱে ৪০ বছৰীয়া জন্মদিন উদযাপন কৰিছে । তেওঁৰ বিশেষ দিনটোত অনুৰাগী সকলৰ বাবেও এটা সুন্দৰ দিন কাৰন এই বিশেষ দিনটোতে অভিনেতাজনে নিজৰ ছ’চিয়েল মিডিয়া হেণ্ডেলত তেওঁৰ আগন্তুক ছবি ‘‘মালিক’’ৰ পোষ্টাৰ শ্বেয়াৰ কৰে ৷ লগতে ছবিখনৰ শ্বুটিং ইতিমধ্যে আৰম্ভ হোৱা বুলিও প্ৰকাশ কৰে ।

এই ছবিখন পৰিচালনা কৰিছে পুলকিতে আৰু কুমাৰ তৌৰানী আৰু জয় শ্বেৱাক্ৰামনিয়ে টিপছ ফিল্মছ আৰু নৰ্দাৰ্ণ লাইটছ ফিল্মছৰ বেনাৰত প্ৰযোজনা কৰিছে । শনিবাৰে শ্বেয়াৰ কৰা পোষ্টাৰখনে ৰাওৰ চৰিত্ৰটো এক অন্ধকাৰ বা বিদ্ৰোহী হোৱাৰ ইংগিত দিছে, যদিও ছবিখনৰ কাহিনীৰ বিৱৰণ গোপনে ৰখা হৈছে ৷

ছ’চিয়েল মিডিয়াত পোষ্টাৰ শ্বেয়াৰ কৰি ৰাজকুমাৰ ৰাওৱে লিখিছে, "মালিক কি দুনিয়া মে আপকা স্বাগত হে । দৃশ্যগ্ৰহণ আৰম্ভ হৈছে, অতি সোনকালে আপোনালোকক লগ পাম !" এই ঘোষণাই নিশ্চিতভাৱে তেওঁৰ অনুৰাগীসকলৰ মাজত আগ্ৰহ জগাই তুলিছে, কম সময়ৰ ভিতৰতে এই পোষ্টটোৱে হাজাৰ হাজাৰ লাইক আৰু কমেণ্ট লাভ কৰিছে ।

এই ছবিখনত ৰাজকুমাৰ ৰাওক প্ৰথমবাৰৰ বাবে গেংষ্টাৰৰ চৰিত্ৰত দেখা যাব। উল্লেখ্য যে ভাৰতৰ বহু স্থানত ছবিখনৰ দৃশ্যগ্ৰহণ কৰা হ’ব। অৱশ্যে ৰাজকুমাৰ ৰাওৰ ‘মালিক’ ছবিখনৰ মুক্তিৰ তাৰিখ এতিয়াও ঘোষণা কৰা হোৱা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ