--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ২০০৪ চনত মুক্তি পোৱা যশ চোপ্ৰাৰ পৰিচালনাত নিৰ্মিত শ্বাহৰুখ খান আৰু প্ৰীতি জিন্তা অভিনীত জনপ্ৰিয় বোলছবি ‘বীৰ-জাৰা’ ২০২৪ চনৰ ১৩ ছেপ্টেম্বৰত পুনৰ ডাঙৰ পৰ্দাত মুক্তি লাভ কৰিব৷ বোলছবিখনৰ পুনৰ মুক্তি প্ৰদানে দৰ্শকক নষ্টালজিক কৰি তুলিব বুলি আশা প্ৰকাশ কৰিছে বোলছবিখনৰ নিৰ্মাতা তথা সমূহ কলা-কুশলীয়ে৷ 
 
কাহিনীটোত ভাৰতীয় বায়ুসেনাৰ পাইলট বীৰ প্ৰতাপ সিং আৰু পাকিস্তানী মহিলা জাৰা হায়াত খানৰ প্ৰেম কাহিনীক দৰ্শোৱা হৈছে৷ প্ৰেম, সাহস, ত্যাগ, বিচ্ছেদৰ অপূৰ্ব সমাহাৰ এই কাহিনী।‘চাৰ’গেট মাতৃৰ অন্তিম ইচ্ছা পূৰণৰ বাবে জাৰা ভাৰত আহোতে বীৰ আৰু জাৰাৰ মাজত পৰিচয় হয়৷ লাহে লাহে তেওঁলোকৰ মাজত সু-সম্পৰ্ক গঢ়ি উঠে৷ এই সময়ছোৱাত বীৰে জাৰাৰ জীৱন ৰক্ষা কৰিছ্লি। অনাকাংক্ষিত পৰিস্থিতিৰ বাবে বীৰ পাকিস্তানত ২২ বছৰ কাৰাবাস খাটিবলগীয়া হয়। পাকিস্তানী অধিবক্তা সামিয়া ছিদ্দিকিয়ে বীৰক পাকিস্তানৰ কৰাবাসৰ পৰা মুক্তি লাভ কৰাত সহায় কৰিছিল৷’ এই পটভূমিত নিৰ্মিত বোলছবি খনৰ মুখ্য চৰিত্ৰ বীৰ প্ৰতাপ সিংৰ ৰূপত দেখাগৈছিল শ্বাহৰুখ খান    
পাকিস্তানী মহিলা জাৰা হায়াত খানৰ চৰিত্ৰত দেখাগৈছিল প্ৰীতি জিন্তাক আৰু পাকিস্তানী অধিবক্তা ছামিয়া ছিদ্দিকিৰ ৰূপত দেখা গৈছিল ৰাণী মুখাৰ্জীক৷ বোলছবি খনৰ সমূহ কলা-কুশলীৰ সৱল অভিনয়ে বিশ্বজুৰি দৰ্শকৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছিল৷

নৱপ্ৰজন্মৰ দৰ্শক সকলৰ আগত বোলছবি খন পৰিচয় কৰাই দিয়াৰ লগতে ভাৰতীয় বোলছবি জগতৰ সফল যাত্ৰাক উদযাপন কৰাৰ উদ্দেশ্যে ‘বীৰ-জাৰা’ ডাঙৰ পৰ্দাত পুনৰ মুক্তি প্ৰদাল কৰা হৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ