--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ২০০৪ চনত মুক্তি পোৱা যশ চোপ্ৰাৰ পৰিচালনাত নিৰ্মিত শ্বাহৰুখ খান আৰু প্ৰীতি জিন্তা অভিনীত জনপ্ৰিয় বোলছবি ‘বীৰ-জাৰা’ ২০২৪ চনৰ ১৩ ছেপ্টেম্বৰত পুনৰ ডাঙৰ পৰ্দাত মুক্তি লাভ কৰিব৷ বোলছবিখনৰ পুনৰ মুক্তি প্ৰদানে দৰ্শকক নষ্টালজিক কৰি তুলিব বুলি আশা প্ৰকাশ কৰিছে বোলছবিখনৰ নিৰ্মাতা তথা সমূহ কলা-কুশলীয়ে৷ 
 
কাহিনীটোত ভাৰতীয় বায়ুসেনাৰ পাইলট বীৰ প্ৰতাপ সিং আৰু পাকিস্তানী মহিলা জাৰা হায়াত খানৰ প্ৰেম কাহিনীক দৰ্শোৱা হৈছে৷ প্ৰেম, সাহস, ত্যাগ, বিচ্ছেদৰ অপূৰ্ব সমাহাৰ এই কাহিনী।‘চাৰ’গেট মাতৃৰ অন্তিম ইচ্ছা পূৰণৰ বাবে জাৰা ভাৰত আহোতে বীৰ আৰু জাৰাৰ মাজত পৰিচয় হয়৷ লাহে লাহে তেওঁলোকৰ মাজত সু-সম্পৰ্ক গঢ়ি উঠে৷ এই সময়ছোৱাত বীৰে জাৰাৰ জীৱন ৰক্ষা কৰিছ্লি। অনাকাংক্ষিত পৰিস্থিতিৰ বাবে বীৰ পাকিস্তানত ২২ বছৰ কাৰাবাস খাটিবলগীয়া হয়। পাকিস্তানী অধিবক্তা সামিয়া ছিদ্দিকিয়ে বীৰক পাকিস্তানৰ কৰাবাসৰ পৰা মুক্তি লাভ কৰাত সহায় কৰিছিল৷’ এই পটভূমিত নিৰ্মিত বোলছবি খনৰ মুখ্য চৰিত্ৰ বীৰ প্ৰতাপ সিংৰ ৰূপত দেখাগৈছিল শ্বাহৰুখ খান    
পাকিস্তানী মহিলা জাৰা হায়াত খানৰ চৰিত্ৰত দেখাগৈছিল প্ৰীতি জিন্তাক আৰু পাকিস্তানী অধিবক্তা ছামিয়া ছিদ্দিকিৰ ৰূপত দেখা গৈছিল ৰাণী মুখাৰ্জীক৷ বোলছবি খনৰ সমূহ কলা-কুশলীৰ সৱল অভিনয়ে বিশ্বজুৰি দৰ্শকৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছিল৷

নৱপ্ৰজন্মৰ দৰ্শক সকলৰ আগত বোলছবি খন পৰিচয় কৰাই দিয়াৰ লগতে ভাৰতীয় বোলছবি জগতৰ সফল যাত্ৰাক উদযাপন কৰাৰ উদ্দেশ্যে ‘বীৰ-জাৰা’ ডাঙৰ পৰ্দাত পুনৰ মুক্তি প্ৰদাল কৰা হৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু