--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: জাতীয়তাবাদী কংগ্ৰেছ দলৰ নেতা তথা মহাৰাষ্ট্ৰৰ প্ৰাক্তন মন্ত্ৰী বাবা ছিদ্দিকীক মুম্বাইৰ বান্দ্ৰা ইষ্ট এলেকাত তিনিজন লোকে গুলীয়াই হত্যা কৰে। ছিদ্দিকীৰ ওপৰত নিৰ্বিচাৰে কেইবাটাও গুলীচালনা কৰা হয়। তেওঁ চাৰিটা গুলীৰে আঘাতপ্ৰাপ্ত হয়, তাৰে এটা গুলী বুকুত খুন্দা মাৰে। অৱশ্যে বৰ্তমানলৈকে ছিদ্দিকীৰ হত্যাৰ আঁৰৰ উদ্দেশ্য স্পষ্ট হোৱা নাই। কংগ্ৰেছ বিধায়ক পুত্ৰ জীশন বি. চিদ্দিকী, তেওঁৰ ঘনিষ্ঠ বন্ধু তথা বলীউডৰ অভিনেতা সঞ্জয় দত্ত আদিয়েও চিকিৎসালয়ত উপস্থিত হয়।
Baba Siddique's cherished moments with Salman Khan, Shah Rukh Khan and  Sanjay Dutt | Entertainment Gallery News - The Indian Express

বিহাৰৰ গোপালগঞ্জৰ মাঝা ব্লকৰ শ্বেখ টোলি গাঁৱত বাবা ছিদ্দিকিৰ পৰিয়াল। বাবা ছিদ্দিকিৰ সম্পূৰ্ণ নাম আছিল বাবা জিয়াউদ্দিন ছিদ্দিকী। বাবা ছিদ্দিকী ৰাজনৈতিক দক্ষতাৰ লগতে গ্ৰেণ্ড পাৰ্টি আয়োজন কৰাৰ বাবেও পৰিচিত আছিল। ছিদ্দিকীয়ে আয়োজন কৰা ইফটাৰ পাৰ্টিত ছুপাৰষ্টাৰ শ্বাহৰুখ খান আৰু ছলমান খানৰ মাজত হোৱা বিবাদৰ সমাধান হয়।

বাবা ছিদ্দিকী ১৯৯৯, ২০০৪ আৰু ২০০৯ চনত বান্দ্ৰা পশ্চিম সমষ্টিৰ পৰা বিধায়ক নিৰ্বাচিত হৈছিল। ২০০৪ চনৰ পৰা ২০০৮ চনৰ ভিতৰত তেওঁ খাদ্য আৰু অসামৰিক যোগান, শ্ৰম আৰু এফডিএৰ ৰাজ্যিক মন্ত্ৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। ২০১৪ চনৰ বিধানসভা নিৰ্বাচনত তেওঁ পৰাজিত হয়। বাবা ছিদ্দিকী দীৰ্ঘদিন ধৰি কংগ্ৰেছৰ সৈতে জড়িত আছিল। যোৱা ফেব্ৰুৱাৰী মাহত তেওঁ কংগ্ৰেছ ত্যাগ কৰি এনচিপিৰ অজিত পাৱাৰ ফৈদত যোগদান কৰে। তেওঁৰ পুত্ৰ জীছান ছিদ্দিকীক আগষ্ট মাহত কংগ্ৰেছৰ পৰা বহিষ্কাৰ কৰা হয়।




বাবা ছিদ্দিকীয়ে ২০২৪ চনৰ ৮ ফেব্ৰুৱাৰীত কংগ্ৰেছৰ প্ৰাথমিক সদস্য পদৰ পৰা পদত্যাগ কৰিছিল। তেওঁ ৪৮ বছৰ কংগ্ৰেছত থাকিল। ২০২৪ চনৰ ১২ ফেব্ৰুৱাৰীত তেওঁ অজিত পাৱাৰ নেতৃত্বাধীন দল এনচিপিত যোগদান কৰে।বাবা ছিদ্দিকী বলীউডৰ অভিনেতাসকলৰ অতি ঘনিষ্ঠ আছিল। সঞ্জয় দত্ত, ছলমান খানকে ধৰি বহু তাৰকাৰ সৈতে তেওঁৰ ভাল সম্পৰ্ক আছিল।


১৯৭৭ চনত বাবা ছিদ্দিকীয়ে কংগ্ৰেছত যোগদান কৰে। ইয়াৰ পিছত ছিদ্দিকী ভাৰতীয় নেচনেল ষ্টুডেন্টছ ইউনিয়ন (এনএছইউআই)ৰ সদস্য হয়। তেওঁ বহু ছাত্ৰ আন্দোলনত অংশগ্ৰহন কৰিছিল । ১৯৮০ চনত বান্দ্ৰা যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক হয় ছিদ্দিকী। পিছলৈ তেওঁ সভাপতি হয়। ১৯৮৮ চনত তেওঁ মুম্বাই যুৱ কংগ্ৰেছৰ সভাপতি নিৰ্বাচিত হয়। ১৯৯২ চনত মুম্বাই পৌৰ নিগমৰ কাউন্সিলাৰ নিৰ্বাচিত হৈ এই পদত একেৰাহে দুটা কাৰ্যকাল সম্পূৰ্ণ কৰে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু