--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: জাতীয়তাবাদী কংগ্ৰেছ দলৰ নেতা তথা মহাৰাষ্ট্ৰৰ প্ৰাক্তন মন্ত্ৰী বাবা ছিদ্দিকীক মুম্বাইৰ বান্দ্ৰা ইষ্ট এলেকাত তিনিজন লোকে গুলীয়াই হত্যা কৰে। ছিদ্দিকীৰ ওপৰত নিৰ্বিচাৰে কেইবাটাও গুলীচালনা কৰা হয়। তেওঁ চাৰিটা গুলীৰে আঘাতপ্ৰাপ্ত হয়, তাৰে এটা গুলী বুকুত খুন্দা মাৰে। অৱশ্যে বৰ্তমানলৈকে ছিদ্দিকীৰ হত্যাৰ আঁৰৰ উদ্দেশ্য স্পষ্ট হোৱা নাই। কংগ্ৰেছ বিধায়ক পুত্ৰ জীশন বি. চিদ্দিকী, তেওঁৰ ঘনিষ্ঠ বন্ধু তথা বলীউডৰ অভিনেতা সঞ্জয় দত্ত আদিয়েও চিকিৎসালয়ত উপস্থিত হয়।
Baba Siddique's cherished moments with Salman Khan, Shah Rukh Khan and  Sanjay Dutt | Entertainment Gallery News - The Indian Express

বিহাৰৰ গোপালগঞ্জৰ মাঝা ব্লকৰ শ্বেখ টোলি গাঁৱত বাবা ছিদ্দিকিৰ পৰিয়াল। বাবা ছিদ্দিকিৰ সম্পূৰ্ণ নাম আছিল বাবা জিয়াউদ্দিন ছিদ্দিকী। বাবা ছিদ্দিকী ৰাজনৈতিক দক্ষতাৰ লগতে গ্ৰেণ্ড পাৰ্টি আয়োজন কৰাৰ বাবেও পৰিচিত আছিল। ছিদ্দিকীয়ে আয়োজন কৰা ইফটাৰ পাৰ্টিত ছুপাৰষ্টাৰ শ্বাহৰুখ খান আৰু ছলমান খানৰ মাজত হোৱা বিবাদৰ সমাধান হয়।

বাবা ছিদ্দিকী ১৯৯৯, ২০০৪ আৰু ২০০৯ চনত বান্দ্ৰা পশ্চিম সমষ্টিৰ পৰা বিধায়ক নিৰ্বাচিত হৈছিল। ২০০৪ চনৰ পৰা ২০০৮ চনৰ ভিতৰত তেওঁ খাদ্য আৰু অসামৰিক যোগান, শ্ৰম আৰু এফডিএৰ ৰাজ্যিক মন্ত্ৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। ২০১৪ চনৰ বিধানসভা নিৰ্বাচনত তেওঁ পৰাজিত হয়। বাবা ছিদ্দিকী দীৰ্ঘদিন ধৰি কংগ্ৰেছৰ সৈতে জড়িত আছিল। যোৱা ফেব্ৰুৱাৰী মাহত তেওঁ কংগ্ৰেছ ত্যাগ কৰি এনচিপিৰ অজিত পাৱাৰ ফৈদত যোগদান কৰে। তেওঁৰ পুত্ৰ জীছান ছিদ্দিকীক আগষ্ট মাহত কংগ্ৰেছৰ পৰা বহিষ্কাৰ কৰা হয়।




বাবা ছিদ্দিকীয়ে ২০২৪ চনৰ ৮ ফেব্ৰুৱাৰীত কংগ্ৰেছৰ প্ৰাথমিক সদস্য পদৰ পৰা পদত্যাগ কৰিছিল। তেওঁ ৪৮ বছৰ কংগ্ৰেছত থাকিল। ২০২৪ চনৰ ১২ ফেব্ৰুৱাৰীত তেওঁ অজিত পাৱাৰ নেতৃত্বাধীন দল এনচিপিত যোগদান কৰে।বাবা ছিদ্দিকী বলীউডৰ অভিনেতাসকলৰ অতি ঘনিষ্ঠ আছিল। সঞ্জয় দত্ত, ছলমান খানকে ধৰি বহু তাৰকাৰ সৈতে তেওঁৰ ভাল সম্পৰ্ক আছিল।


১৯৭৭ চনত বাবা ছিদ্দিকীয়ে কংগ্ৰেছত যোগদান কৰে। ইয়াৰ পিছত ছিদ্দিকী ভাৰতীয় নেচনেল ষ্টুডেন্টছ ইউনিয়ন (এনএছইউআই)ৰ সদস্য হয়। তেওঁ বহু ছাত্ৰ আন্দোলনত অংশগ্ৰহন কৰিছিল । ১৯৮০ চনত বান্দ্ৰা যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক হয় ছিদ্দিকী। পিছলৈ তেওঁ সভাপতি হয়। ১৯৮৮ চনত তেওঁ মুম্বাই যুৱ কংগ্ৰেছৰ সভাপতি নিৰ্বাচিত হয়। ১৯৯২ চনত মুম্বাই পৌৰ নিগমৰ কাউন্সিলাৰ নিৰ্বাচিত হৈ এই পদত একেৰাহে দুটা কাৰ্যকাল সম্পূৰ্ণ কৰে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
ডিউক বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ নতুন তথ্য; ম'বাইল এৰি দুঘণ্টা শান্তিত কটালে বৃদ্ধি হয় স্মৃতিশক্তি
জম্মু-কাশ্মীৰৰ লাডাখত শ্বহীদ অসমৰ বীৰ জোৱান ৰমেন বৰুৱা
পুৱা সাৰ পোৱাৰ লগে লগে গোৰোহাৰ বিষ হয় নেকি? ই কি ৰোগৰ ইংগিত?
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
দুলীয়াজানত ১৫,৯৯৯ মহিলাই বিয়ানামেৰে গঢ়িলে বিশ্ব অভিলেখ
পথত কনভয় ৰখাই ঝালমুড়ীৰ সোৱাদ ল'লে প্রধানমন্ত্রীয়ে
দুলীয়াজানত ১৫,৯৯৯ মহিলাই বিয়ানামেৰে গঢ়িলে বিশ্ব অভিলেখ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
পুৱা সাৰ পোৱাৰ লগে লগে গোৰোহাৰ বিষ হয় নেকি? ই কি ৰোগৰ ইংগিত?
জম্মু-কাশ্মীৰৰ লাডাখত শ্বহীদ অসমৰ বীৰ জোৱান ৰমেন বৰুৱা
ডিউক বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ নতুন তথ্য; ম'বাইল এৰি দুঘণ্টা শান্তিত কটালে বৃদ্ধি হয় স্মৃতিশক্তি
ৰাজ্যজুৰি মানুহ বিহুৰ উছাহ: জ্যেষ্ঠৰ আশীৰ্বাদেৰে নতুন বছৰক আদৰাৰ পৰম্পৰা