--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৰতন টাটাৰ মৃত্যুত সমগ্ৰ দেশেই শোক প্ৰকাশ কৰিছে। যোৱা ৯ অক্টোবৰত মুম্বাইৰ ব্ৰিচ কেণ্ডি হাস্পতালত ৮৬ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিছিল ৰতন টাটাই। তেওঁৰ মৃত্যুৰ খবৰ শুনি সমগ্ৰ দেশৰ চকু ভৰিছিল। তেওঁ সমগ্ৰ জীৱন দেশ আৰু ভাৰতৰ জনসাধাৰণৰ সেৱাত উৎসৰ্গা কৰিছিল। বহু লোকে তেওঁৰ বাবে ভাৰত ৰত্নৰো দাবী উত্থাপন কৰিছে।


ভাৰতে কেতিয়াও পাহৰিব নোৱাৰে ৰতন টাটাক, এজন অতি সম্ভ্ৰান্ত, সত্য আৰু সহজ ব্যক্তিত্বৰ গৰাকী তেওঁ। মানুহে তেওঁক স্মৰণ কৰি নিজৰ নিজৰ ধৰণেৰে শ্ৰদ্ধাঞ্জলি জনাইছে। এনে সময়ত চুৰাটৰ এজন হীৰা ব্যৱসায়ীয়ে ১১০০০ আমেৰিকান হীৰাৰ সহায়ত ৰতন টাটাৰ এক আচৰিত প্ৰতিকৃতি সাজি উলিয়াইছে। এই প্ৰতিকৃতি নিৰ্মাণ কৰা শিল্পীৰ নাম বিপুলভাই জেপিৱালা। তেওঁ প্ৰয়াত ৰতন টাটাক হীৰাৰে বিশাল প্ৰতিকৃতি নিৰ্মাণ কৰি আৱেগিক শ্ৰদ্ধাঞ্জলি জনায়।


এইগৰাকী শিল্পীয়ে প্ৰতিকৃতি নিৰ্মাণ কৰা ভিডিঅ’টো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। য’ত দেখা গৈছে যে ৰতন টাটাক শ্ৰদ্ধাঞ্জলি জনাই শিল্পীজনে সৰু সৰু আমেৰিকান হীৰাৰ সহায়ত এখন ছবি অংকন কৰিছে। ৰতন টাটাৰ এই প্ৰতিকৃতিটো হুবহু প্ৰয়াত ৰতন টাটাৰ দৰেই। হীৰাৰে কৰা এই জটিল ছবিৰ বাবে শিল্পীজনক সকলোৱে প্ৰশংসা কৰিছে ।এই পৃথিৱীত ৰতন টাটা নাথাকিলেও মানুহৰ অন্তৰত তেওঁ সদায় জীয়াই থাকিব।


এই ভাইৰেল ভিডিঅ’টো বিভিন্ন ছ’চিয়েল মিডিয়া প্লেটফৰ্মত শ্বেয়াৰ হৈছে। হীৰাৰে নিৰ্মিত প্ৰয়াত ৰতন টাটাৰ এই ছবিখন দেখি সকলোৱে আচৰিত হয়। ইয়াৰ সৃষ্টি কৰা ব্যৱসায়ী তথা শিল্পী বিপুলভাই জেপিৱালাক ৰাইজে প্ৰশংসা কৰিছে। একে সময়তে এই প্ৰতিকৃতিখন দেখাৰ পিছত বহু লোকে ৰতন টাটাক স্মৰণ কৰি অতি আৱেগিক হৈ পৰিছে আৰু কমেন্ট কৰি তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ