--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৰতন টাটাৰ মৃত্যুত সমগ্ৰ দেশেই শোক প্ৰকাশ কৰিছে। যোৱা ৯ অক্টোবৰত মুম্বাইৰ ব্ৰিচ কেণ্ডি হাস্পতালত ৮৬ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিছিল ৰতন টাটাই। তেওঁৰ মৃত্যুৰ খবৰ শুনি সমগ্ৰ দেশৰ চকু ভৰিছিল। তেওঁ সমগ্ৰ জীৱন দেশ আৰু ভাৰতৰ জনসাধাৰণৰ সেৱাত উৎসৰ্গা কৰিছিল। বহু লোকে তেওঁৰ বাবে ভাৰত ৰত্নৰো দাবী উত্থাপন কৰিছে।


ভাৰতে কেতিয়াও পাহৰিব নোৱাৰে ৰতন টাটাক, এজন অতি সম্ভ্ৰান্ত, সত্য আৰু সহজ ব্যক্তিত্বৰ গৰাকী তেওঁ। মানুহে তেওঁক স্মৰণ কৰি নিজৰ নিজৰ ধৰণেৰে শ্ৰদ্ধাঞ্জলি জনাইছে। এনে সময়ত চুৰাটৰ এজন হীৰা ব্যৱসায়ীয়ে ১১০০০ আমেৰিকান হীৰাৰ সহায়ত ৰতন টাটাৰ এক আচৰিত প্ৰতিকৃতি সাজি উলিয়াইছে। এই প্ৰতিকৃতি নিৰ্মাণ কৰা শিল্পীৰ নাম বিপুলভাই জেপিৱালা। তেওঁ প্ৰয়াত ৰতন টাটাক হীৰাৰে বিশাল প্ৰতিকৃতি নিৰ্মাণ কৰি আৱেগিক শ্ৰদ্ধাঞ্জলি জনায়।


এইগৰাকী শিল্পীয়ে প্ৰতিকৃতি নিৰ্মাণ কৰা ভিডিঅ’টো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। য’ত দেখা গৈছে যে ৰতন টাটাক শ্ৰদ্ধাঞ্জলি জনাই শিল্পীজনে সৰু সৰু আমেৰিকান হীৰাৰ সহায়ত এখন ছবি অংকন কৰিছে। ৰতন টাটাৰ এই প্ৰতিকৃতিটো হুবহু প্ৰয়াত ৰতন টাটাৰ দৰেই। হীৰাৰে কৰা এই জটিল ছবিৰ বাবে শিল্পীজনক সকলোৱে প্ৰশংসা কৰিছে ।এই পৃথিৱীত ৰতন টাটা নাথাকিলেও মানুহৰ অন্তৰত তেওঁ সদায় জীয়াই থাকিব।


এই ভাইৰেল ভিডিঅ’টো বিভিন্ন ছ’চিয়েল মিডিয়া প্লেটফৰ্মত শ্বেয়াৰ হৈছে। হীৰাৰে নিৰ্মিত প্ৰয়াত ৰতন টাটাৰ এই ছবিখন দেখি সকলোৱে আচৰিত হয়। ইয়াৰ সৃষ্টি কৰা ব্যৱসায়ী তথা শিল্পী বিপুলভাই জেপিৱালাক ৰাইজে প্ৰশংসা কৰিছে। একে সময়তে এই প্ৰতিকৃতিখন দেখাৰ পিছত বহু লোকে ৰতন টাটাক স্মৰণ কৰি অতি আৱেগিক হৈ পৰিছে আৰু কমেন্ট কৰি তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু