--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ 'পাঠান'ৰ ব্যৱসায়িক সফলতাৰ লগে লগে যেন পুনৰ ঘূৰি আহিছে বলীউডৰ সোণালী দিন। আনহাতে পুনৰ টুইটাৰলৈ উভটি আহিছে কংগনা ৰানাৱটো! ইটোৰ পাছত সিটোকৈ টুইট কৰি পুনৰ শিৰোনামাত আছে 'কুইন’। 

শেহতীয়া টুইটৰ জৰিয়তে কংগনাই যোৱা দহ বছৰৰ ভিতৰত ‘পাঠান’ক শ্ৰেষ্ঠ ছবি বুলি মতামত প্ৰকাশ কৰিছে। কিন্তু একে সময়তে তেওঁ বলীউডক আক্ৰমণ কৰিবলৈও এৰা নাই।

‘পাঠান’ৰ সফলতাত সমগ্ৰ বলীউড সুখী। কৰণ জোহৰৰ পৰা আলিয়া ভাটলৈ — সকলোৱে একমত যে "পাথানৰ বক্স অফিচৰ সফলতা ঘৃণাৰ ওপৰত প্ৰেমৰ জয়।"

তেওঁলোকৰ এই মন্তব্যৰ প্ৰতিক্ৰিয়াস্বৰূপে নাম নোলোৱাকৈয়ে কংগনাই  প্ৰশ্ন উত্থাপন কৰিছে- কোনে ঘৃণা কৰে আৰু কোনে প্ৰেম কৰে? কংগনাই সকীয়াই দিয়ে যাতে কোনোৱে যাতে এনেধৰণে পুনৰ কথা নকয়!

তেওঁ টুইট কৰি কয়, ‘বলিউডৰ লোকসকল! মই আপোনালোকক কওঁ, আপোনালোকৰ তত্ত্ববোৰ নিজৰ মাজতে ৰাখক। আপোনাৰ ছবিখন হিট, সেইটো বৰ ভাল। সুখী হৈ থাকক যদি মই আপোনালোকক ক্লাছ ল’বলৈ আৰম্ভ কৰো, তেন্তে কথা বৰ ভাল নহ’ব। ৰাজনীতিৰ পৰা আঁতৰি থাকক।”

শুকুৰবাৰে কংগনাই ‘পাঠান’ৰ নাম সলনি কৰিবলৈও দাবী জনায়। তেওঁ কয়, "৮০ শতাংশ হিন্দু ভাৰতত বাস কৰে। ছবিখনৰ নাম কেৱল ‘পাঠান’ কিয়? নামটো হ’ব লাগে ‘ভাৰতীয় পাঠান’। এই ছবিখনত শত্ৰু দেশ পাকিস্তান আৰু পাক চোৰাংচোৱা সংস্থাৰ ইতিবাচক দিশবোৰ দেখুওৱা হৈছে। ঘৃণাক অতিক্ৰম কৰা ভাৰতৰ এই মনোভাৱেই ইয়াক মহান কৰি তোলে।''

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক