--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশজুৰি এতিয়া 'পাঠান’ৰ জ্বৰ। চিনেমাখন চুপাৰহিট হোৱাৰ উপৰিও গানসমূহো মানুহৰ মুখে মুখে শুনা গৈছে। কিন্তু 'পাঠান’ৰ গানসমূহৰ দায়িত্বত কোন কোন আছিল? কোনে কোনে শ্বাহৰুখ-দীপিকাৰ ছৱিখন গানেৰে সজাই তুলিছিল?

ট্ৰেইলাৰ মুক্তি পোৱাৰ কিছুদিন পিছতে মুক্তি পাইছিল ‘বেশৰাম ৰং’ গীতটো। এই গীতটি প্ৰথম মুক্তি পোৱাৰ পিছতে ব্যাপক হুলস্থুলৰ সৃষ্টি হৈছিল। 

শিল্পা ৰাওৰ অপূৰ্ব কণ্ঠক ‘বেশৰাম ৰং’ গানটোত সুন্দৰভাৱে ব্যৱহাৰ কৰা হৈছে। গীতটোৰ সংগীত পৰিচালনাৰ দায়িত্বত আছিল বিশাল-শেখৰ। অৱশ্যে এই গীতটোৰ কথা কুমাৰে লিখিছে। গীতটোৰ নৃত্য পৰিচালনা কৰিছিল বৈভৱী মাৰ্চেণ্টে।

'বেশৰাম ৰং'ৰ প্ৰথম দুটা কলি স্পেনিছ ভাষাত গোৱা হয়। স্পেনিছ কলি দুটা লিখিছিল বিশাল দাদলানীয়ে। কাৰালিছা মণ্টেইৰ’ৱে গীতটোৰ স্পেনিছ ভাষাৰ অংশখিনি গাইছিল।

দুটা দশক ধৰি বলীউড সংগীত জগতৰ সৈতে জড়িত কাৰালিছা। এতিয়ালৈকে তেওঁ প্ৰায় ৭০০০ জিংগলত কণ্ঠ নিগৰাইছে। ২০০১ চনত ‘দিল চাহতা হায়’ ছবিত প্ৰথমবাৰৰ বাবে কাম কৰিছিল কাৰালিছাই। তেওঁ ‘জানে কিউ’ গীতটোত কোৰাছ গাইছিল।

ইয়াৰ পিছত ‘ওম শান্তি ওম’, ‘নিউয়ৰ্ক’, ‘ব্ৰেক কে বাদ’, ‘অঞ্জনা অঞ্জনী’ ছবিত কাৰালিছাই গীত গাইছিল। তেওঁ ‘বেফিক্ৰে’ ছবিৰ এটা গীতত ফৰাচী ভাষাত এটা সৰু অংশ গাইছিল।

‘পাঠান’ চিনেমাৰ আন এটা ছুপাৰহিট গীত হৈছে ‘ঝুমে জো পাঠান’। চিনেমাখনৰ শেষৰ দৃশ্যটোত এই গীতটোৰ ব্যৱহাৰ অতি আমোদজনক। কুমাৰৰ ৰচনা আৰু বিশাল-শেখৰৰ সুৰেৰে ‘ঝুমে জো পাঠান’ সজোৱা হৈছিল।

এই গীতটোত বিশাল-শেখৰে সুকৃতি কক্কৰৰ কণ্ঠ ব্যৱহাৰ কৰিছে। কিন্তু ‘ঝুমে জো পাঠান’ গীতটোৰ মূল গায়ক অৰিজিৎ সিং। 'ব্ৰহ্মষ্ট্ৰ'ৰ 'ডেন্স কা ভূত' গীতৰ পিছত পুনৰ 'পাঠান'ত এক চুপাৰহিট গীতেৰে অৰিজিৎ সিং পুনৰ উজ্বলি উঠিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
''ট্ৰিবিউট টু জুবিন গাৰ্গ: দ্য গ'ল্ডেন ভইচ''- প্ৰাণৰ শিল্পী জুবিন গাৰ্গক  TSeries-এ জনালে শ্ৰদ্ধাঞ্জলি
ব্ৰাহ্ম’ছ মিছাইলেৰে ভাৰতৰ টাৰ্গেটত সমগ্ৰ পাকিস্তান ; পাকিস্তানক হুংকাৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ
আফগানিস্তান ক্ৰিকেট ব'ৰ্ডৰ কঠোৰ পদক্ষেপ ; আগন্তুক ত্ৰিদেশীয় টি-২০ শৃংখলা বাতিল
গৰৈমাৰীত কলেজীয়া ছাত্ৰী হত্যাকাৰীৰ ফাঁচিৰ দাবীত পুৰুষ মহিলাৰ উত্তাল প্ৰতিবাদ
কাতি বিহুৰ দিনাই ৰঙাপৰাত গো মাংস উদ্ধাৰ ; দহজনীয়া দলৰ পলায়ন
'আপুনি এইটো কাম কৰা উচিত নহয় ...ইমানখিনি টকা আপোনালৈ যথেষ্ঠ নহয় নে ?' ধ্ৰুৱ ৰাথীৰ টাৰ্গেটত এইবাৰ শ্বাহৰূখ খান
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
চাবুৱাত জনতাৰ শিল্পী গাৰ্গৰ আবক্ষমূৰ্তিৰ আধাৰশিলা স্থাপন
বেংগালুৰু-গুৱাহাটী এক্সপ্ৰেছৰ পৰা বনৰৌৰ ছাল আৰু অংগ-প্ৰত্যংগ উদ্ধাৰ! আন্তৰ্জাতিক বজাৰ মূল্য কেইবা কোটি টকাৰ
শুই থকা স্বামীৰ দেহত গৰম তেল ঢালিলে পত্নীয়ে, তাৰপাছত ঢালিলে জলকীয়া গুড়ি! পত্নীৰ বৰ্বৰতাই স্তম্ভিত কৰিছে সকলোকে