--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশজুৰি এতিয়া 'পাঠান’ৰ জ্বৰ। চিনেমাখন চুপাৰহিট হোৱাৰ উপৰিও গানসমূহো মানুহৰ মুখে মুখে শুনা গৈছে। কিন্তু 'পাঠান’ৰ গানসমূহৰ দায়িত্বত কোন কোন আছিল? কোনে কোনে শ্বাহৰুখ-দীপিকাৰ ছৱিখন গানেৰে সজাই তুলিছিল?

ট্ৰেইলাৰ মুক্তি পোৱাৰ কিছুদিন পিছতে মুক্তি পাইছিল ‘বেশৰাম ৰং’ গীতটো। এই গীতটি প্ৰথম মুক্তি পোৱাৰ পিছতে ব্যাপক হুলস্থুলৰ সৃষ্টি হৈছিল। 

শিল্পা ৰাওৰ অপূৰ্ব কণ্ঠক ‘বেশৰাম ৰং’ গানটোত সুন্দৰভাৱে ব্যৱহাৰ কৰা হৈছে। গীতটোৰ সংগীত পৰিচালনাৰ দায়িত্বত আছিল বিশাল-শেখৰ। অৱশ্যে এই গীতটোৰ কথা কুমাৰে লিখিছে। গীতটোৰ নৃত্য পৰিচালনা কৰিছিল বৈভৱী মাৰ্চেণ্টে।

'বেশৰাম ৰং'ৰ প্ৰথম দুটা কলি স্পেনিছ ভাষাত গোৱা হয়। স্পেনিছ কলি দুটা লিখিছিল বিশাল দাদলানীয়ে। কাৰালিছা মণ্টেইৰ’ৱে গীতটোৰ স্পেনিছ ভাষাৰ অংশখিনি গাইছিল।

দুটা দশক ধৰি বলীউড সংগীত জগতৰ সৈতে জড়িত কাৰালিছা। এতিয়ালৈকে তেওঁ প্ৰায় ৭০০০ জিংগলত কণ্ঠ নিগৰাইছে। ২০০১ চনত ‘দিল চাহতা হায়’ ছবিত প্ৰথমবাৰৰ বাবে কাম কৰিছিল কাৰালিছাই। তেওঁ ‘জানে কিউ’ গীতটোত কোৰাছ গাইছিল।

ইয়াৰ পিছত ‘ওম শান্তি ওম’, ‘নিউয়ৰ্ক’, ‘ব্ৰেক কে বাদ’, ‘অঞ্জনা অঞ্জনী’ ছবিত কাৰালিছাই গীত গাইছিল। তেওঁ ‘বেফিক্ৰে’ ছবিৰ এটা গীতত ফৰাচী ভাষাত এটা সৰু অংশ গাইছিল।

‘পাঠান’ চিনেমাৰ আন এটা ছুপাৰহিট গীত হৈছে ‘ঝুমে জো পাঠান’। চিনেমাখনৰ শেষৰ দৃশ্যটোত এই গীতটোৰ ব্যৱহাৰ অতি আমোদজনক। কুমাৰৰ ৰচনা আৰু বিশাল-শেখৰৰ সুৰেৰে ‘ঝুমে জো পাঠান’ সজোৱা হৈছিল।

এই গীতটোত বিশাল-শেখৰে সুকৃতি কক্কৰৰ কণ্ঠ ব্যৱহাৰ কৰিছে। কিন্তু ‘ঝুমে জো পাঠান’ গীতটোৰ মূল গায়ক অৰিজিৎ সিং। 'ব্ৰহ্মষ্ট্ৰ'ৰ 'ডেন্স কা ভূত' গীতৰ পিছত পুনৰ 'পাঠান'ত এক চুপাৰহিট গীতেৰে অৰিজিৎ সিং পুনৰ উজ্বলি উঠিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত ১৮০ বছৰৰ পিছত হেৰুৱা বিৰল উদ্ভিদৰ পুনৰ আৱিষ্কাৰ
অসমত বানাক্ৰান্তক উদ্ধাৰ ভাৰতীয় বায়ুসেনাৰ গৰুড় কমাণ্ডোৰ
ক্ৰিকেটাৰৰ কেৰিয়াৰ ধ্বংসৰ ষড়যন্ত্ৰ গৌতম গম্ভীৰৰ, প্রাক্তন মুখ্য নির্বাচক শ্রীকান্তৰ বিস্ফোৰক অভিযোগ
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
অসমত আইআইএম গুৱাহাটীৰ ঐতিহাসিক শুভাৰম্ভণি: প্ৰথম এমবিএ বেচ আৰু উৎকৰ্ষ কেন্দ্ৰ মুকলি
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
Advertisement