--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মন্দিৰত দেখুওৱা হ’ব শ্বাহৰুখৰ 'পাঠান’! গেৰুৱা বিকিনিক লৈ হিন্দুত্ববাদীসকলে প্ৰতিবাদ কৰি আহিলেও মুম্বাইৰ মাৰাঠা মন্দিৰত প্ৰদৰ্শন কৰা হ’ব 'পাঠান’।

কিন্তু মাৰাঠা মন্দিৰ তথাকথিত মন্দিৰ নহয়, এটা চিনেমা হলৰ নামহে! মাৰাঠা মন্দিৰ হৈছে ৬০ বছৰতকৈও অধিক পুৰণি চিনেমা হল। মুম্বাইৰ অন্যতম জনপ্ৰিয় পৰ্যটন স্থান। 

শ্বাহৰুখ অনুৰাগীৰ বাবে এই চিনেমাহল এক প্ৰকাৰৰ তীৰ্থযাত্ৰা। ইয়াৰ কাৰণ হৈছে ১৯৯৫ চনৰ পৰা এই মাৰাঠা মন্দিৰতে শ্বাহৰুখ খানৰ  'দিলৱালে দুলহনিয়া লে জায়েংগে’ আজিও প্ৰদৰ্শিত হৈ আছে। যোৱা ২৮ বছৰধৰি চিনেমাখন চলি আছে।

প্ৰতিদিনে নিশা ১১:৩০ বজাত শ্বাহৰুখৰ অনুৰাগীসকলে দিলৱালে দুলহনিয়া লে জায়েংগে চাবলৈ শ্ব’টোত ভিৰ কৰে। এইবাৰ মাৰাঠা মন্দিৰৰ সেই ‘দিলৱালে দুলহনিয়া লে জায়েংগে’ৰ কাষতে আন এখন ছবিৰ পোষ্টাৰ দেখা গ’ল। ছবিখনৰ নাম 'পাঠান’।

মাৰাঠা মন্দিৰত প্ৰদৰ্শন হ’ব 'পাঠান’। বলীউডৰ ‘বদশা’ৰ মেনেজাৰ পূজা দাদলানীয়ে ছ’চিয়েল মিডিয়াত এখন ফটো পোষ্ট কৰি অনুৰাগীসকলক এই কথা জনাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
''ট্ৰিবিউট টু জুবিন গাৰ্গ: দ্য গ'ল্ডেন ভইচ''- প্ৰাণৰ শিল্পী জুবিন গাৰ্গক  TSeries-এ জনালে শ্ৰদ্ধাঞ্জলি
ব্ৰাহ্ম’ছ মিছাইলেৰে ভাৰতৰ টাৰ্গেটত সমগ্ৰ পাকিস্তান ; পাকিস্তানক হুংকাৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ
আফগানিস্তান ক্ৰিকেট ব'ৰ্ডৰ কঠোৰ পদক্ষেপ ; আগন্তুক ত্ৰিদেশীয় টি-২০ শৃংখলা বাতিল
গৰৈমাৰীত কলেজীয়া ছাত্ৰী হত্যাকাৰীৰ ফাঁচিৰ দাবীত পুৰুষ মহিলাৰ উত্তাল প্ৰতিবাদ
কাতি বিহুৰ দিনাই ৰঙাপৰাত গো মাংস উদ্ধাৰ ; দহজনীয়া দলৰ পলায়ন
'আপুনি এইটো কাম কৰা উচিত নহয় ...ইমানখিনি টকা আপোনালৈ যথেষ্ঠ নহয় নে ?' ধ্ৰুৱ ৰাথীৰ টাৰ্গেটত এইবাৰ শ্বাহৰূখ খান
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
চাবুৱাত জনতাৰ শিল্পী গাৰ্গৰ আবক্ষমূৰ্তিৰ আধাৰশিলা স্থাপন
বেংগালুৰু-গুৱাহাটী এক্সপ্ৰেছৰ পৰা বনৰৌৰ ছাল আৰু অংগ-প্ৰত্যংগ উদ্ধাৰ! আন্তৰ্জাতিক বজাৰ মূল্য কেইবা কোটি টকাৰ
শুই থকা স্বামীৰ দেহত গৰম তেল ঢালিলে পত্নীয়ে, তাৰপাছত ঢালিলে জলকীয়া গুড়ি! পত্নীৰ বৰ্বৰতাই স্তম্ভিত কৰিছে সকলোকে