--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মন্দিৰত দেখুওৱা হ’ব শ্বাহৰুখৰ 'পাঠান’! গেৰুৱা বিকিনিক লৈ হিন্দুত্ববাদীসকলে প্ৰতিবাদ কৰি আহিলেও মুম্বাইৰ মাৰাঠা মন্দিৰত প্ৰদৰ্শন কৰা হ’ব 'পাঠান’।

কিন্তু মাৰাঠা মন্দিৰ তথাকথিত মন্দিৰ নহয়, এটা চিনেমা হলৰ নামহে! মাৰাঠা মন্দিৰ হৈছে ৬০ বছৰতকৈও অধিক পুৰণি চিনেমা হল। মুম্বাইৰ অন্যতম জনপ্ৰিয় পৰ্যটন স্থান। 

শ্বাহৰুখ অনুৰাগীৰ বাবে এই চিনেমাহল এক প্ৰকাৰৰ তীৰ্থযাত্ৰা। ইয়াৰ কাৰণ হৈছে ১৯৯৫ চনৰ পৰা এই মাৰাঠা মন্দিৰতে শ্বাহৰুখ খানৰ  'দিলৱালে দুলহনিয়া লে জায়েংগে’ আজিও প্ৰদৰ্শিত হৈ আছে। যোৱা ২৮ বছৰধৰি চিনেমাখন চলি আছে।

প্ৰতিদিনে নিশা ১১:৩০ বজাত শ্বাহৰুখৰ অনুৰাগীসকলে দিলৱালে দুলহনিয়া লে জায়েংগে চাবলৈ শ্ব’টোত ভিৰ কৰে। এইবাৰ মাৰাঠা মন্দিৰৰ সেই ‘দিলৱালে দুলহনিয়া লে জায়েংগে’ৰ কাষতে আন এখন ছবিৰ পোষ্টাৰ দেখা গ’ল। ছবিখনৰ নাম 'পাঠান’।

মাৰাঠা মন্দিৰত প্ৰদৰ্শন হ’ব 'পাঠান’। বলীউডৰ ‘বদশা’ৰ মেনেজাৰ পূজা দাদলানীয়ে ছ’চিয়েল মিডিয়াত এখন ফটো পোষ্ট কৰি অনুৰাগীসকলক এই কথা জনাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত ১৮০ বছৰৰ পিছত হেৰুৱা বিৰল উদ্ভিদৰ পুনৰ আৱিষ্কাৰ
অসমত বানাক্ৰান্তক উদ্ধাৰ ভাৰতীয় বায়ুসেনাৰ গৰুড় কমাণ্ডোৰ
ক্ৰিকেটাৰৰ কেৰিয়াৰ ধ্বংসৰ ষড়যন্ত্ৰ গৌতম গম্ভীৰৰ, প্রাক্তন মুখ্য নির্বাচক শ্রীকান্তৰ বিস্ফোৰক অভিযোগ
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
অসমত আইআইএম গুৱাহাটীৰ ঐতিহাসিক শুভাৰম্ভণি: প্ৰথম এমবিএ বেচ আৰু উৎকৰ্ষ কেন্দ্ৰ মুকলি
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
Advertisement