--°C
Loading...
Advertisement
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : কৃষক বিদ্ৰোহৰ সফল সামৰণিৰ পাছত এইবাৰ নতুন এটা খোজ দিয়াৰ দিশে অগ্ৰসৰ হৈছে দেশৰ কৃষক সমাজ। প্ৰায় ডেৰবছৰীয়া কৃষক বিদ্ৰোহৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰক বশ কৰিবলৈ সক্ষম হোৱা কৃষক সংগঠনসমূহে এইবাৰ ৰাজনৈতিক পথাৰতো প্ৰত্যাহ্বান জনাবলৈ সাজু হৈছে। দেশৰ কৃষক বিদ্ৰোহত ভাগ লোৱা ৩২টা সংগঠনৰ ভিতৰত ২২টা সংগঠনে একত্ৰিত ৰূপত পঞ্জাব বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হ’বলৈ সাজু হৈছে। সংযুক্ত সমাজ মৰ্চা নামেৰে গঠন হোৱা এই সংগঠনে সমাগত পঞ্জাব বিধানসভা নিৰ্বাচনত ১১৭খন আসনতে অংশগ্ৰহণ কৰিব। তিনি কৃষি আইন বাতিল আৰু কৃষকৰ অধিকাৰ সম্পৰ্কীয় ভালেমান দাবী লৈ দীঘলীয়া সংগ্ৰামৰ পাছত ঘৰলৈ প্ৰত্যাৱৰ্তন কৰা কৃষকসকলে এই বিজয়ৰ পাছতো হাত সাবটি বহি নাথাকিল। এইবাৰ তেওঁলোকে সক্ৰিয় ৰাজনীতিত ভৰি দিয়াৰ জৰিয়তে নতুন এখন সংগ্ৰাম আৰম্ভ কৰাৰ দিশে অগ্ৰসৰ হৈছে। সংযুক্ত সমাজ মৰ্চাই অৰবিন্দ কেজৰিৱাল নেতৃত্বৰ আম আদমী পাৰ্টীৰ সৈতে মিত্ৰতাৰ জৰিয়তে এই নিৰ্বাচনত অৱতীৰ্ণ হ’ব বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে। অৱশ্যে এই সম্পৰ্কীয় বাতৰিৰ সত্যতা সদ্যহতে অস্বীকাৰ কৰিছে নৱগঠিত ৰাজনৈতিক দলটোৱে। কিন্তু কৃষক সমাজ পঞ্জাবৰ নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ দিশে অগ্ৰসৰ হোৱাটোৱে ভালেমান নতুন কথাৰ সম্ভেদ দিছে।


ভাৰতীয় কৃষক সংঘৰ নেতা হৰমীট সিং কাডিয়ানে এই পদক্ষেপৰ বিষয়ে প্ৰকাশ কৰি কয় যে, ৰাইজৰ দাবীৰ প্ৰতি সঁহাৰি জনায়েই আমি মঞ্চ এখন গঠন কৰি নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আমি যদি আন্দোলন কৰি বিজয়ী হ’ব পাৰোঁ আমি নিৰ্বাচনতো জয়ী হ’ব পাৰিম বুলিয়েই আমাৰ ধাৰণা।’ ভাৰতীয় কৃষক সংঘৰ নেতা বি এছ ৰাজেৱাল এই দলৰ নেতা নিৰ্বাচিত হোৱাৰ সম্ভাৱনা আছে। কৃষকৰ আধিপত্য থকা ৰাজ্যখনৰ নিৰ্বাচনত এনেদৰে কৃষক সমাজ নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ দিশে অগ্ৰসৰ হোৱাটোৱে পঞ্জাবৰ ৰাজনৈতিক সমীকৰণ সলনি কৰাৰ সম্ভাৱনা প্ৰকট কৰি তুলিছে।


শাসকীয় দল কংগ্ৰেছৰ ভেটি থৰক-বৰক হোৱা তথা আভ্যন্তৰীণ কলহে দলটোক জৰ্জৰিত কৰাৰ সুযোগ লৈ তাত অৰবিন্দ কেজৰিৱালে দলৰ ভেটি সুদৃঢ় কৰাত উঠি পৰি লগা দেখিবলৈ পোৱা গৈছে। মন কৰিবলগীয়া যে, প্ৰাক্তন মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিঙে কংগ্ৰেছৰপৰা পদত্যাগ কৰিছে আৰু নতুন দল গঠন কৰি বিজেপিৰে মিত্ৰতা স্থাপন কৰিছে। অকলশৰে অৱস্থান কৰিছে বিজেপিৰ পূৰ্বৰ সহযোগী দল শিৰোমণি আকালীয়ে। কংগ্ৰেছে নিজৰ ভেটি নিজেই খান্দিছে। এনে পৰিপ্ৰেক্ষিতত কেজৰিৱাল আৰু কৃষকৰ এই ৰাজনৈতিক দলে ৰাজ্যখনৰ ৰাজনীতিত চমৎকাৰ সংঘটিত কৰিব পাৰে। কিন্তু তাৰ ওলোটা হোৱাৰ সম্ভাৱনাও নোহোৱা নহয়। কৃষক সমাজ ৰাজনীতিত অৱতীৰ্ণ হোৱাৰ ফলত বিজেপিবিৰোধী ভোটৰ বিভাজন হোৱাটো স্পষ্ট হৈ পৰিল। ফলত পৰোক্ষভাৱে বিজেপিৰ লাভ হোৱাৰো সম্ভাৱনা নথকা নহয়। মুঠকে কৃষক সমাজৰ এই পদক্ষেপৰ পাছত এতিয়া পঞ্জাবৰ ৰাজনীতিয়ে ক্ৰমাৎ আকৰ্ষণীয় ৰূপ লোৱা দেখা গৈছে। কেৱল পঞ্জাবেই নহয় হাৰিয়ানাৰ দৰে ৰাজ্য আৰু অহা বছৰ নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া উত্তৰ প্ৰদেশতো কৃষি আৰু কৃষকৰ ৰাজনীতিয়ে প্ৰভাৱ বিস্তাৰ কৰাৰ সম্ভাৱনা নথকা নহয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দুদিনীয়া ভ্ৰমণ সূচীৰে আজি অসমলৈ আহিব মোহন ভাগৱত
অম্বুবাচী মহাযোগ পৰিচালনা সমিতিৰ নতুন নিৰ্দেশনা
বহি:ৰাজ্যত উদ্ধাৰ আমগুৰি যুৱকৰ মৃতদেহ
অম্বুবাচী মহাযোগ উপলক্ষে গুৱাহাটী আৰক্ষীৰ বিশেষ নিৰ্দেশনা
তেহৰান খালী কৰাৰ নিৰ্দেশ ট্ৰাম্পৰ ; জি-৭ সন্মিলন আধাতে এৰি ৱাশ্বিংটনলৈ মাৰ্কিন ৰাষ্ট্ৰপতি
আহমেদাবাদ-লণ্ডন অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমান যাত্ৰা বাতিল
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?