--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃনিৰ্বাচনৰ সময়ত দেশৰ বিভিন্ন ৰাজনৈতিক দলে জনতাক আকৰ্ষণ কৰি ভোট লাভ কৰিবলৈ নানা ধৰণৰ প্ৰতিশ্ৰুতি দি আহিছে৷ ভাৰতত শেহতীয়াকৈ ’বিনামূলীয়া’কৈ সামগ্ৰী অথবা সেৱা যোগানৰ প্ৰতিশ্ৰুতি ৰাজনৈতিক দলৰ নেতাৰ মুখত সৰু কথা হৈ পৰিছে৷ হিতাধিকাৰী সৃষ্টিৰ চমকেৰে ৰাজনৈতিক দলবোৰে দেশৰ অৰ্থনীতিক ক্ষতিগ্ৰস্ত কৰাৰ লগতে মানুহক এলেহুৱা কৰি পেলোৱাৰ অভিযোগনতুন নহয়৷ এনে সময়তে আজি উচ্চতম ন্যায়ালয়েও ৰাজনৈতিক দল তথা চৰকাৰক ’বিনামূলীয়া’ৰ চমকক লৈ ককৰ্থনা কৰা পৰিলক্ষিত হয়৷

নিৰ্বাচনৰ সময়ত  ৰাজনৈতিক দলবোৰে বিভিন্ন ধৰণৰ  প্ৰতিশ্ৰুতি দিয়ে। বিনামূলীয়াকৈ এনে ৰাজহুৱা সুবিধা প্ৰদান কৰাৰ সিদ্ধান্তৰ ফলত দেশৰ অৰ্থনীতি ক্ষতিগ্ৰস্ত হৈছে বুলি আজি  উচ্চতম ন্যায়ালয়ে  এখন ৰাজহুৱা স্বাৰ্থৰ  জৰিত আবেদনৰ শুনানি গ্ৰহণৰ সময়ত প্ৰকাশ কৰে৷ 

অশ্বিনী উপাধ্যায় নামৰ এজন অধিবক্তাই শীৰ্ষ আদালতখনত এটা ৰাজহুৱা স্বাৰ্থৰ গোচৰ ৰুজু কৰিছিল। তেওঁ আবেদনতএইবুলি উল্লেখ কৰিছিল যে ভোটাৰসকলক প্ৰলোভিত কৰিবলৈ ৰাজনৈতিক দলসমূহৰ ’বিনামূলীয়া’ৰ প্ৰতিশ্ৰুতিবোৰ  নিষিদ্ধ কৰা উচিত। আবেদন খনৰ শুনানি বৃহস্পতিবাৰে  গ্ৰহণ কৰা হয়। উচ্চতম ন্যায়ালয়ে লক্ষ্য কৰিছিল যে নিৰ্বাচনৰ সময়ত এনে প্ৰতিশ্ৰুতি এটা অতি গুৰুতৰ বিষয় হিচাবে পৰিগণিত হৈছে। কাৰণ ইয়াৰ ফলত দেশৰ অৰ্থনীতিয়ে অবাবতে বহু ধন হেৰুৱাইছে।মুখ্য ন্যায়াধীশ এন ভি ৰমনাই কয়, "কোনেও কোৱা নাই যে এয়া কোনো সমস্যা নহয়। এইটো এটা গুৰুতৰ বিষয়। যিসকলে নিজৰ  লাভৰ বাবে এনে কৰে, তেওঁলোকে দেশৰ অৰ্থনীতিৰ ওপৰত বোজাৰ সৃষ্টি কৰিছে। তেওঁলোকে ভাবে যে দেশখন এখন কল্যাণমূলক ৰাজ্য হ'ব। কোনোৱাই ক'ব পাৰে যে তেওঁলোকে কৰ পৰিশোধ কৰে। সেয়েহে  ধন ’বিনামূলীয়া’ৰ প্ৰতিশ্ৰুতি পূৰণত ব্যৱহাৰ কৰাতকৈ  উন্নয়নমূলক কামতহে ব্যৱহাৰ হ’ব লাগে৷ ৰাজহুৱা ধনৰ অপব্যয়  এটা গুৰুতৰ সমস্যা। "

মন কৰিব লগীয়া যে উচ্চতম ন্যায়ালয়ে অতীততো এই বিষয়টোত মন্তব্য দিয়া দেখা গৈছিল। যোৱা সপ্তাহত, এনভি ৰমনাই কৈছিল যে প্ৰতিটো ৰাজনৈতিক দলে বিনামূলীয়া সুবিধা প্ৰদান কৰাৰ প্ৰতিশ্ৰুতিৰ পৰা লাভান্বিত হয়। ভাৰতৰ সকলো কৰদাতাই অনুভৱ কৰে যে তেওঁলোকে উন্নয়নমূলক কামত ব্যয় কৰিবলৈ চৰকাৰক কৰ পৰিশোধ কৰে। কিন্তু তেওঁলোকৰ মতামত প্ৰকাশ আৰু আলোচনা কৰিবলৈ কোনো সুবিধা নাপায়। এইক্ষেত্ৰত এখন ফ'ৰাম গঠন কৰা প্ৰয়োজন বুলিও ৰমানাই কৈছিল। ৰাজনৈতিক দলবোৰে প্ৰকৃততে মানুহক বিনামূলীয়া লাভালাভ দিয়াৰ কথা কোৱাৰ দ্বাৰা লাভান্বিত হয় যদিও দেশৰ অৰ্থনীতিয়ে ইয়াৰ বাবে মূল্য ভৰিবলগীয়া হয়৷ 

কিছুদিন পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও উত্তৰ প্ৰদেশত বিনামূলীয়া সুবিধা প্ৰদানৰ প্ৰস্তাৱক তীব্ৰ সমালোচনা কৰিছিল। কিন্তু পৰিতাপৰ কথাটো হ’ল মোদীৰ চৰকাৰৰ দিনতেই কোটি কোটি হিতাধিকাৰীৰ সৃষ্টি কৰা হৈছে৷ বহু মানুহে এতিয়া কাম নকৰাকৈয়ে ঘৰতে বহি বিনামূলীয়া চাউল আদি পাই আহিছে৷ ইয়াৰ ফলত সেই লোকসকলে কাম কৰাৰ স্পৃহা হেৰুৱাই পেলাইছে৷ হিতাধিকাৰী সৃষ্টিৰে ভোট লাভ কৰাটো সহজ যদিও ইয়াৰ ফলত হোৱা অৰ্থনৈতিক ক্ষতি পিছে চৰকাৰী সুবিধা নোপোৱা সকলেও পূৰণ কৰিবলগীয়া হৈছে৷ বিষয়টোকলৈ উচ্চতম ন্যায়ালয়ে কৰা মন্তব্য সেয়ে যথেষ্ট গুৰুত্বপূৰ্ণ বিবেচিত হৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ