ডিজিটেল ডেস্কঃ যৌনতা বুলি ক’লেই সাত জাপ মৰা বহু লোকৰ বাবে শেহতীয়াকৈ চৰ্চাৰ বিষয় হৈ পৰিছে কণ্ডমৰ এটা বিজ্ঞাপন৷দিল্লী মেট্ৰ'ত মহিলাৰ আসনৰ ওপৰতে জিলিকি থকা কন্ডমৰ বিজ্ঞাপন দেখি খঙত জ্বলি-পকি উঠিল একাংশ লোক৷ কোৱা বাহুল্য যে ভাৰতৰ দৰে ৰক্ষণশীল দেশত যৌনতা আৰু যৌনতা সম্পৰ্কে আলোচনা এক ডাঙৰ বিষয়। শেহতীয়া সেয়ে একাংশ যাত্ৰীয়ে দিল্লী মেট্ৰ' ৰেলৰ ভিতৰত কণ্ডমৰ বিজ্ঞাপন দেখা পোৱাৰ পিছত অস্বস্তিবোধ কৰিবলৈ আৰম্ভ কৰিছিল।
লক্ষ্যণীয়ভাৱে দিল্লী মেট্ৰ' ৰে'ল এখনত কেৱল মহিলাৰ সংৰক্ষিত আসনৰ ওপৰৰ পেনেলত লগোৱা এটা কণ্ডম প্ৰস্তুতকাৰী কোম্পানীৰ বিজ্ঞাপন ছচিয়েল মিডিয়াত ভাইৰেল হৈছে৷ এই বিষয়টোৱে একাংশ লোকক ক্ষোভিত কৰি তুলিছে৷
এজন টুইটাৰ ব্যৱহাৰকাৰীয়ে বুধবাৰে বিজ্ঞাপনটোৰ ছবি ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰে৷
তাৰ পিছত আন কিছুমান ব্যৱহাৰকাৰীয়ে ডিএমআৰচিক টেগ কৰে আৰু এই বিষয়ত "তাৎক্ষণিক পদক্ষেপ ল'বলৈ" কয়। বহুতো টুইটাৰ ব্যৱহাৰকাৰীয়ে বিষয়টোত অসন্তুষ্টি প্ৰকাশ কৰিছিল আৰু ডিএমআৰচিক পোষ্টাৰখন আঁতৰাবলৈ কৈছিল। এই প্ৰসংগত এজন ব্যৱহাৰকাৰীয়ে লিখিছিল, "ওহ দিল্লী মেট্ৰো...। আপোনালোক অতি প্ৰগতিশীল হৈ পৰিছে? মহিলাৰ আসনৰ ওপৰত কন্ডমৰ বিজ্ঞাপন? এয়া আপোনালোকৰ ভুল নহয়?কিন্তু আপোনালোকে জানিব লাগিছিল যে এইখন এখন এনে দেশ য'ত দিনত টিভিত কণ্ডমৰ বিজ্ঞাপন প্ৰদৰ্শন নকৰাৰ নিয়ম আছে..."
কিছুমান টুইটাৰ ব্যৱহাৰকাৰীয়ে আকৌ বিজ্ঞাপনটোৱে কোনো সমস্যাৰ সৃষ্টি কৰা নাই বুলিহে মন্তব্য কৰিছিল । অৱশেষত বহু বাদ-প্ৰতিবাদৰ পিছত দিল্লী মেট্ৰ' ৰে'ল কৰ্পোৰেচনে কণ্ডমৰ বিজ্ঞাপনটো মহিলাৰ আসনৰ ওপৰৰ পৰা আঁতৰ কৰাৰ সিদ্ধান্ত লোৱা বুলি জানিব পৰা গৈছে৷