--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যৌনতা বুলি ক’লেই সাত জাপ মৰা বহু লোকৰ বাবে শেহতীয়াকৈ চৰ্চাৰ বিষয় হৈ পৰিছে কণ্ডমৰ এটা বিজ্ঞাপন৷দিল্লী মেট্ৰ'ত মহিলাৰ আসনৰ ওপৰতে জিলিকি থকা কন্ডমৰ বিজ্ঞাপন দেখি খঙত জ্বলি-পকি উঠিল একাংশ লোক৷ কোৱা বাহুল্য   যে ভাৰতৰ দৰে ৰক্ষণশীল দেশত যৌনতা আৰু যৌনতা সম্পৰ্কে আলোচনা এক ডাঙৰ বিষয়। শেহতীয়া সেয়ে একাংশ যাত্ৰীয়ে দিল্লী মেট্ৰ' ৰেলৰ ভিতৰত কণ্ডমৰ বিজ্ঞাপন দেখা পোৱাৰ পিছত অস্বস্তিবোধ কৰিবলৈ আৰম্ভ কৰিছিল।

লক্ষ্যণীয়ভাৱে দিল্লী মেট্ৰ' ৰে'ল এখনত কেৱল মহিলাৰ সংৰক্ষিত আসনৰ ওপৰৰ পেনেলত লগোৱা এটা কণ্ডম প্ৰস্তুতকাৰী কোম্পানীৰ বিজ্ঞাপন ছচিয়েল মিডিয়াত ভাইৰেল হৈছে৷ এই বিষয়টোৱে একাংশ লোকক  ক্ষোভিত কৰি তুলিছে৷
এজন টুইটাৰ ব্যৱহাৰকাৰীয়ে বুধবাৰে বিজ্ঞাপনটোৰ ছবি ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰে৷ 

তাৰ  পিছত আন কিছুমান ব্যৱহাৰকাৰীয়ে ডিএমআৰচিক টেগ কৰে আৰু এই বিষয়ত "তাৎক্ষণিক পদক্ষেপ ল'বলৈ" কয়। বহুতো টুইটাৰ ব্যৱহাৰকাৰীয়ে বিষয়টোত অসন্তুষ্টি প্ৰকাশ কৰিছিল আৰু ডিএমআৰচিক পোষ্টাৰখন আঁতৰাবলৈ কৈছিল।  এই প্ৰসংগত এজন ব্যৱহাৰকাৰীয়ে লিখিছিল, "ওহ দিল্লী মেট্ৰো...। আপোনালোক অতি প্ৰগতিশীল হৈ পৰিছে? মহিলাৰ আসনৰ ওপৰত কন্ডমৰ বিজ্ঞাপন? এয়া আপোনালোকৰ ভুল নহয়?কিন্তু আপোনালোকে  জানিব লাগিছিল  যে এইখন এখন  এনে দেশ য'ত দিনত টিভিত কণ্ডমৰ বিজ্ঞাপন প্ৰদৰ্শন নকৰাৰ নিয়ম আছে..."

কিছুমান টুইটাৰ ব্যৱহাৰকাৰীয়ে আকৌ  বিজ্ঞাপনটোৱে কোনো সমস্যাৰ সৃষ্টি কৰা নাই বুলিহে মন্তব্য কৰিছিল । অৱশেষত বহু বাদ-প্ৰতিবাদৰ পিছত  দিল্লী মেট্ৰ' ৰে'ল কৰ্পোৰেচনে কণ্ডমৰ বিজ্ঞাপনটো মহিলাৰ আসনৰ ওপৰৰ পৰা আঁতৰ কৰাৰ সিদ্ধান্ত লোৱা বুলি জানিব পৰা গৈছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ