--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইউৰো কাপ জয় কৰাৰ পিছত স্পেইনৰ ওপৰত হেঁচা পৰিছে। স্পেইনৰ অধিনায়ক আলভাৰো মৰাটা আৰু প্ৰতিযোগিতাখনৰ শ্ৰেষ্ঠ ফুটবলাৰ ৰড্ৰিয়ে চেম্পিয়নশ্বিপ জয় কৰাৰ পিছত ৰাজনৈতিক শ্লোগান দিয়াৰ বাবে শাস্তি পাব পাৰে। ইউএফএই তেওঁলোকৰ তদন্ত কৰিছে। তদন্তত দোষী সাব্যস্ত হয়।

ইউৰো জয় কৰাৰ পিছত স্পেইনত উল্লাস কৰাৰ সময়ত মৰাটা আৰু ৰড্ৰিয়ে জিব্ৰাল্টাৰৰ বিষয়ে ধ্বনি দিছিল। জিব্ৰাল্টাৰ ব্ৰিটেইনৰ অন্তৰ্গত। কিন্তু স্পেইনে দাবী কৰিছে যে জিব্ৰাল্টাৰ তেওঁলোকৰ। মাদ্রিদত উল্লাস কৰি থকাৰ সময়তে মৰাটা আৰু ৰড্ৰিয়ে কোৱা শুনা গ’ল যে জিব্ৰাল্টাৰ স্পেইনৰ। এই ধ্বনি দিয়াৰ পিছতে জিব্ৰাল্টাৰ ফুটবল এছ’চিয়েশ্যনে ইউএফএৰ ওচৰত অভিযোগ উত্থাপন কৰে। ইউৰোপীয় ফুটবল এছ’চিয়েশ্যনে এই সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।

তদন্তত মোৰাটা আৰু ৰড্ৰিৰ বিৰুদ্ধে উত্থাপিত অভিযোগ প্ৰমাণিত হয়। ইউৰোপীয় ফুটবল সংবিধানৰ কেইবাটাও দফা ভংগ কৰা বুলি ইউএফএই প্ৰকাশ কৰে। ইতিমধ্যে ফিফা আৰু ইউএফএৰ নিয়ম ৰাজনীতিবিদৰ শ্লোগানক লৈ অতি কঠোৰ। সেই নিয়ম ভংগ কৰা ফুটবলাৰ এজনক শাস্তি দিব লাগিব। এইবাৰ প্ৰতিযোগিতাৰ মাজতে বিতাড়িত হ’ল তুৰ্কী ফুটবলাৰ ডেমিৰালক। ফলত স্পেইনৰ মৰাটা আৰু ৰড্ৰিকো শাস্তি দিয়া হ’ব। অৱশ্যে কি শাস্তি দিয়া হ’ব সেই কথা এতিয়াও কোৱা হোৱা নাই ফুটবলাৰ দুগৰাকীক।

ইউএফএই এক বিবৃতিত কয় যে জিব্ৰাল্টাৰৰ ফুটবল এছ’চিয়েচনে অভিযোগ দাখিল কৰে। ইয়াৰ পিছতে ইউএফএৰ অনুশাসন সমিতিয়ে তদন্ত আৰম্ভ কৰে। তদন্তত এই অভিযোগ সঁচা বুলি জানিব পৰা গৈছে। দুজন স্পেনিছ ফুটবলাৰে নিয়ম ভংগ কৰিলে।" ইউএফএৰ এই বিবৃতিৰ পিছতে জিব্ৰাল্টাৰ ফুটবল এছ’চিয়েশ্যনেও এক বিবৃতি প্ৰকাশ কৰে। তেওঁলোকে ক'লে, "উইফাৰ সিদ্ধান্ত আদৰণীয়। ফুটবলত অবৈধ ৰাজনৈতিক শ্লোগান বন্ধ কৰিবলৈ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব।’’

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ