--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শ্বাৰ্লট ডুজাৰডিন। ব্ৰিটেইনৰ ইতিহাসৰ অন্যতম শ্ৰেষ্ঠ ‘ড্ৰেছেজ’ তাৰকা। ঘোঁৰাচালনা কৰি অলিম্পিকত এতিয়ালৈকে তেওঁ ৬টা পদক লাভ কৰিছে। তাৰে তিনিটা সোণ। কিন্তু এইবাৰ নিজৰ পোহনীয়া ঘোঁৰাক অত্যাচাৰ কৰাৰ অভিযোগ আহিছে তাৰকাগৰাকীৰ বিৰুদ্ধে। । অভিযোগ মানি লৈ তেওঁ পেৰিছ অলিম্পিকৰ পৰা নিজৰ নাম প্ৰত্যাহাৰ কৰিছে।

ছ’চিয়েল মিডিয়াত প্ৰকাশ পাইছে চাৰ্লটে ঘোঁৰাক অত্যাচাৰ কৰাৰ ভিডিঅ’। যদিও সেই ভিডিঅ'টো চাৰি বছৰৰ আগৰ। ইয়াৰ পিছত আন্তঃৰাষ্ট্ৰীয় অশ্বাৰোহী ক্ৰীড়া ফেডাৰেচন বা ই ই আইয়েও ব্যৱস্থা গ্ৰহণ কৰিছে। অনিৰ্দিষ্টকালৰ বাবে নিলম্বন কৰা হৈছে চাৰ্লটক। ইয়াৰ পিছত চাৰ্লটে পেৰিছ অলিম্পিকৰ পৰা আঁতৰি যায়।

ইণ্টাৰনেশ্যনেল ফেডাৰেচন ফৰ ইকুৱেষ্ট্ৰিয়ান স্প’ৰ্টছে এক বিবৃতিত কয় যে, “চাৰ্লটৰ এটা ভিডিঅ’ সংস্থাটোৰ হাতলৈ আহিছে। তদন্তৰ অন্তত অভিযোগ সঁচা বুলি ধৰা পৰে। ঘোঁৰাক অত্যাচাৰ কৰা হৈছে যিটো সংগঠনৰ সংবিধানৰ বিৰুদ্ধে। চাৰ্লটেও স্বীকাৰ কৰিছে যে তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সঁচা। সেইবাবেই সংগঠনটোৱে ব্যৱস্থা গ্ৰহণ কৰিছে। সংগঠনটোৱে এনে আচৰণক গৰিহণা দিয়ে। পেৰিছ অলিম্পিকৰ পৰা আঁতৰি আহিবলৈ নিৰ্দেশ দিয়া হয় চাৰ্লটক। তেওঁৱো আঁতৰি আহিছে।’’

নিজৰ দোষ স্বীকাৰ কৰি চাৰ্লটে ভিডিঅ’ মেছেজত কয়, “যিটো ভিডিঅ’ ওলাইছিল সেয়া চাৰি বছৰৰ আগৰ। মোৰ ঘোঁৰাবোৰৰ বহুত যত্ন লওঁ। সেইবাৰ ভুল হৈছিল। মই বুজি পোৱা নাছিলো। কিন্তু অপৰাধৰ শাস্তি দিব লাগিব। গতিকে এতিয়াৰ বাবে মই অলিম্পিকৰ পৰা নামটো আঁতৰাইছো। মই এতিয়া আন কোনো প্ৰতিযোগিতাত নামভৰ্তি নকৰো। মই যি কৰিলোঁ তাৰ কোনো অজুহাত নাই। মই লাজ পাইছো ক্ষমা বিচাৰিছোঁ।”

ব্ৰিটেইনৰ হৈ ব্যক্তিগত আৰু দলীয় দুয়োটা ইভেণ্টতে অংশগ্ৰহণ কৰাৰ কথা আছিল চাৰ্লটে। এইবাৰ খেলিলে ল’ৰা কেনিৰ অভিলেখ ভংগ কৰিব পাৰে। দুয়োৰে এতিয়ালৈকে ছটাকৈ পদক আছে। ৩৯ বছৰীয়া ৰিয়ানৰ প্ৰত্যাহাৰৰ পিছত ব্ৰিটেইনৰ দলত বেকী মুডীক তেওঁৰ সলনি হ’ব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু