--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শ্বাৰ্লট ডুজাৰডিন। ব্ৰিটেইনৰ ইতিহাসৰ অন্যতম শ্ৰেষ্ঠ ‘ড্ৰেছেজ’ তাৰকা। ঘোঁৰাচালনা কৰি অলিম্পিকত এতিয়ালৈকে তেওঁ ৬টা পদক লাভ কৰিছে। তাৰে তিনিটা সোণ। কিন্তু এইবাৰ নিজৰ পোহনীয়া ঘোঁৰাক অত্যাচাৰ কৰাৰ অভিযোগ আহিছে তাৰকাগৰাকীৰ বিৰুদ্ধে। । অভিযোগ মানি লৈ তেওঁ পেৰিছ অলিম্পিকৰ পৰা নিজৰ নাম প্ৰত্যাহাৰ কৰিছে।

ছ’চিয়েল মিডিয়াত প্ৰকাশ পাইছে চাৰ্লটে ঘোঁৰাক অত্যাচাৰ কৰাৰ ভিডিঅ’। যদিও সেই ভিডিঅ'টো চাৰি বছৰৰ আগৰ। ইয়াৰ পিছত আন্তঃৰাষ্ট্ৰীয় অশ্বাৰোহী ক্ৰীড়া ফেডাৰেচন বা ই ই আইয়েও ব্যৱস্থা গ্ৰহণ কৰিছে। অনিৰ্দিষ্টকালৰ বাবে নিলম্বন কৰা হৈছে চাৰ্লটক। ইয়াৰ পিছত চাৰ্লটে পেৰিছ অলিম্পিকৰ পৰা আঁতৰি যায়।

ইণ্টাৰনেশ্যনেল ফেডাৰেচন ফৰ ইকুৱেষ্ট্ৰিয়ান স্প’ৰ্টছে এক বিবৃতিত কয় যে, “চাৰ্লটৰ এটা ভিডিঅ’ সংস্থাটোৰ হাতলৈ আহিছে। তদন্তৰ অন্তত অভিযোগ সঁচা বুলি ধৰা পৰে। ঘোঁৰাক অত্যাচাৰ কৰা হৈছে যিটো সংগঠনৰ সংবিধানৰ বিৰুদ্ধে। চাৰ্লটেও স্বীকাৰ কৰিছে যে তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সঁচা। সেইবাবেই সংগঠনটোৱে ব্যৱস্থা গ্ৰহণ কৰিছে। সংগঠনটোৱে এনে আচৰণক গৰিহণা দিয়ে। পেৰিছ অলিম্পিকৰ পৰা আঁতৰি আহিবলৈ নিৰ্দেশ দিয়া হয় চাৰ্লটক। তেওঁৱো আঁতৰি আহিছে।’’

নিজৰ দোষ স্বীকাৰ কৰি চাৰ্লটে ভিডিঅ’ মেছেজত কয়, “যিটো ভিডিঅ’ ওলাইছিল সেয়া চাৰি বছৰৰ আগৰ। মোৰ ঘোঁৰাবোৰৰ বহুত যত্ন লওঁ। সেইবাৰ ভুল হৈছিল। মই বুজি পোৱা নাছিলো। কিন্তু অপৰাধৰ শাস্তি দিব লাগিব। গতিকে এতিয়াৰ বাবে মই অলিম্পিকৰ পৰা নামটো আঁতৰাইছো। মই এতিয়া আন কোনো প্ৰতিযোগিতাত নামভৰ্তি নকৰো। মই যি কৰিলোঁ তাৰ কোনো অজুহাত নাই। মই লাজ পাইছো ক্ষমা বিচাৰিছোঁ।”

ব্ৰিটেইনৰ হৈ ব্যক্তিগত আৰু দলীয় দুয়োটা ইভেণ্টতে অংশগ্ৰহণ কৰাৰ কথা আছিল চাৰ্লটে। এইবাৰ খেলিলে ল’ৰা কেনিৰ অভিলেখ ভংগ কৰিব পাৰে। দুয়োৰে এতিয়ালৈকে ছটাকৈ পদক আছে। ৩৯ বছৰীয়া ৰিয়ানৰ প্ৰত্যাহাৰৰ পিছত ব্ৰিটেইনৰ দলত বেকী মুডীক তেওঁৰ সলনি হ’ব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ